ভাৰতৰ সকলো ঠাইতে সহজলভ্য এবিধ পাছলি হল তিয়ঁহ। তিয়ঁহ খালে শৰীৰ শিতল হয় আৰু কঠোৰ পৰিশ্ৰমৰ ভাগৰ দূৰ হয়। তিয়ঁহৰ পৰা আমাৰ শৰীৰত কি কি উপকাৰ হয়, আহকছোন আমি জানি থওঁ:- তিয়ঁহত আমাৰ শৰীৰৰ বাবে মুল্যবান খনিজ পোৱা যায় আৰু সেইবোৰ বাকলিৰ তলতে থাকে। সেয়ে টিয়ঁহ বাকলিৰ সৈতে খালে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, ছালফাৰ, ছিলিকন, ক্লৰিণ আদি পোৱা যায়। ইয়াৰ উপৰিও সকলো ধৰণৰ তৰকাৰীৰ লগত টিয়ঁহ যোগ দিলে খাদ্য গুণ বৃদ্ধি পায়। শৰীৰৰ ভিটামিনৰ শূণ্যতা দূৰ কৰাৰ ক্ষেত্ৰতো টিয়ঁহৰ ভূমিকা অপৰিসীম।কিয়নো টিয়ঁহত এ, বি আৰু চি ভিটামিন থাকে। তিয়ঁহ, শৰীৰৰ খাৰ অম্লৰ ভাৰসাম্য ৰক্ষা কৰা উৎকৃষ্ট খাদ্য। টিয়ঁহ নিয়মিত খালে প্ৰস্ৰাৱৰ গতিবেগৰ ভাৰসাম্য ৰক্ষা হয়। তিয়ঁহ কেচাঁয়ে খালে হজম শক্তি বাঢ়ে আৰু শৰীৰৰ অপ্ৰয়োজনীয় দৈহিক ওজন কমায়। নিয়মীয়াকৈ তিয়ঁহ খালে ব্লাড প্ৰেছাৰ লগতে ডায়েবেটিজ নিয়ন্ত্ৰণত থাকে। তিয়ঁহ ছালৰ বাবেও অতি উপকাৰী। তিয়ঁহ চকলিয়াই চকু, গাল, মুখ ডিঙিত ব্যৱহাৰ কৰিলে শালমইনা নোলায়। দাগ দূৰ হয়, ছাল সোতোৰা নপৰে আৰু মুখৰ শুকান ভাব আতঁৰে। স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো খাদ্য কণিকা তিয়ঁহত পোৱা যায়। ৰান্ধিয়েই খাওক বা কেচাঁয়ে খাওক গনি শেষ কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ এই তিয়ঁহ। আহকছোন আমি সদায়ে খাবলৈ লওঁ। লেখিকা: অনিমা কোৱৰ উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ