বৰ্তমানে কুকুৰা পামবোৰত মানুহে খাবৰ বাবে উৎপাদিত হোৱা সকলো কণীয়েই অনূৰ্বৰ বা বাওকণী। ব্যৱসায়ৰ বাবে কণী উৎপাদন কৰা পামত অকল মাইকী কুকুৰাহে ৰখা হয়। কণী উৎপাদনৰ বাবে মতা কুকুৰাৰ প্ৰয়োজন নাথাকে আৰু সেয়েহে এনে পামত মতা কুকুৰা নহয়। এই কণীবোৰৰ পৰা পোৱালি ফুকাব নোৱাৰি কিয়নো ইয়াত ভ্ৰুণ নাথাকে। সেয়েহে এই কণীবোৰ নিৰামিষ কণী বুলি কোৱা হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনেক নিৰামিষভোজী মানুহে অকল এই যুক্তিৰ বাবেই কণী খোৱা দেখা যায়। প্ৰজননৰ বাবে ব্যৱহাৰ হোৱা কুকুৰ পামবোৰত মতা আৰু মাইকী দুয়োবিধ কুকুৰা একেলগে ৰখা হয়। এনে পামত উৎপাদিত কণীবোৰক আমিষ কণী বুলি নামকৰণ কৰিব পৰা যায়, যিহেতু ইয়াত এটা কুকুৰা পোৱালি জন্ম দিব পৰা এটা ভ্ৰূণ থাকে। বহুতো মানুহে এটা ভ্ৰান্ত ধাৰণা পোষণ কৰে যে আমিষ কণীবোৰ নিৰামিষ কণীতকৈ বেছি শক্তিবৰ্ধক আৰু স্বাস্থ্যসন্মত। এই কথাষাৰ কোনো বৈজ্ঞানিক সত্যতা নাই। আমিষ কণীবোৰ বেছিদিন ৰাখিব নোৱাৰি আৰু ইয়াক উৎপাদন কৰিবলৈ অযথা মতা কুকুৰা ৰাখিব লাগে, ফলত ব্যয়বহুল হয়। উৎস: অসমীয়া খবৰ