কল – সকলো সময়তে উপভোগ্য আৰু সহজলভ্য ফল এশ শতিকাৰ পৰা এতিয়ালৈকে উপলব্ধ হোৱা এবিধ ফল হৈছে কল। কলৰ বহুত পুষ্টিকাৰক গুণ আছে। কম খৰছতে ইয়াক সকলো মানুহে পাব পাৰে কাৰণ ইয়াৰ উত্পাদন প্ৰচুৰ পৰিমানে হয়। কলৰ বহুত ধৰণৰ জাত আছে আৰু প্ৰত্যেকটো জাতকে এটা নিজত্ব উপকাৰিতা গুণ আছে।কলৰ পৰা শৰীৰে অধিক শক্তি পায়। কল হৈছে আহঁযুক্ত খাদ্য আৰু কলত চেনীৰ নিচিনা চুক্ৰজ, ফ়্ৰুক্টজ আৰু গ্লুকোজ নামৰ শৰ্কৰা পোৱা যায়। কলে কিছুমান বেমাৰৰ পৰা শৰীৰক ৰক্ষা কৰি থাকে। ডিপ্ৰেচন ( হতাশা ) : কলত এনে এবিধ প্ৰ’টিন আছে যি শৰীৰক চেৰটনিনলৈ পৰিবৰ্ত্তিত কৰি শৰীৰটোক পাতল কৰি মনত ফুৰ্ত্তি আনি দিয়ে ঋতুস্নান বন্ধ্ হোৱাৰ আগৰ : কলত থকা ভিটামিন বি ৬ এ তেজৰ গ্লুকোজৰ সমতা বজাই ৰাখে বাবে এই সময়ত মহিলা গৰাকীৰ মনটো সুস্থ অৱস্থাত ৰাখে ৰক্তহীনতা : ৰক্তহীনতাত ভোগা মানুহে কল খালে ভাল ফল পায়। ইয়াত থকা লোৰ পৰিমানে হিমগ্লবিনৰ মানদণ্ড বঢ়োৱাত সহায় কৰে আৰু তেতিয়া ৰক্তহীনতা শৰীৰৰ পৰা দূৰ হয়। উচ্চ ৰক্তচাপ : কলত পটাছিয়াম খুউব বেচি পৰিমানত থাকে আৰু নিমখ একেবাৰে কম পৰিমানে থকাৰ কাৰণে উচ্চৰক্তচাপত ভোগা ৰোগীৰ কাৰণে কল এবিধ অতি উপযোগী খাদ্য মগজুৰ শক্তি : (ব্ৰেইন পাৱাৰ) গবেষনাৰ দ্বাৰা এইটো জনা গৈছে যে পটাছিয়াম সমৃদ্ধ ফলে মগজুৰ শক্তিবৰ্দ্ধন কৰে। সেইকাৰণে জনসাধাৰণক এই বিষয়ত সজাগ হবলৈ কোৱা হৈছে কোষ্ঠকাঠিন্যতা : কলত বেচিকৈ আঁহজাতীয় পদাৰ্থ থকাৰ কাৰণে ই হজম শক্তি বঢ়াই পেটৰ অৱস্থা সুস্থিৰ কৰি ৰাখে। সেইকাৰণে কোষ্ঠকাঠিন্যতা দূৰ কৰিবলৈ কল খোৱাতো দৰ্কাৰ বুকু জ্বলা পোৰা : কলত নিজস্ব এন্টাচিড গুণ আছে সেইবাবে কল খালে বুকু জ্বলা পোৰা কৰাতো কমে আলচাৰ বা পাকস্থলীত হোৱা ঘা : পাকস্থলীত দেখা দিয়া যি কোনো সমস্যা দূৰ কৰিবলৈ কল খাব লাগে। কল যিহেতু কোমল, খাবলৈও সুবিধাজনক ফল সেইকাৰণে ই পেটত হোৱা এচিডিটি উপশম হোৱাত সহায় কৰে বা আন যিকোনো অসুবিধাও দূৰ কৰিব পাৰে ষ্ট্ৰোক :প্ৰতিদিনে কল খালে ষ্ট্ৰোকৰ ফলত হোৱা মৃত্যুৰ হাৰ শতকৰা ৪০ ভাগ কমি যায় অ’ট্চ- আধাকাপ ৰন্ধা বা খাবলৈ তৈয়াৰ কৰা অ’টচত ৪ গ্ৰাম মান বিজলুৱা দ্ৰবীভূত হোৱা আহজাতীয় পদাৰ্থ বিটা গ্লুক’জ থাকে আৰু ই মানুহৰ শৰীৰৰ তেজৰ কলেষ্টেৰল লেভেলটো কমাই ৰাখে ( এল ডি এল )। সেইকাৰণে অ’টচক দ্ৰবীভূত হোৱা আঁহজাতীয় পদাৰ্থৰ আটাইতকৈ ভাল উত্স বুলি কোৱা হয়। কোষ্ঠকাঠিন্যতা আৰু গেষ্টইনটেচটাইনেলৰ সমস্যা সমূহ দূৰ কৰাত অ’টচৰ বিশেষ ভূমিকা আছে কিয়নো শৰীৰত থকা অতিৰিক্ত ফ়েট বা স্নেহ পদাৰ্থ অ’টচে হজম কৰি শৰীৰৰ পৰা উলিয়াই দিয়াত সহায় কৰে। শৰীৰৰ তেজৰ গ্লুকো’জৰ ভাৰসাম্যতা ৰক্ষা কৰাতো অ’টচে যথেষ্ট সহায় কৰে। স্নায়ুৰোগ নিবাৰনতো অ’টচে যথেষ্ট সহায় কৰে। ঋতুস্ৰাৱ বন্ধ হোৱাৰ সময়ত মহিলাৰ ক্ষেত্ৰত দেখা দিয়া জৰায়ু, ডিম্বকোষৰ সমস্যা আতৰাবলৈ অ’টচে সহায় কৰে। অ’টচত থকা ফ়েটি এচিড আৰু এন্টিঅক্সিডেন্ট ভিটামিন ই’ৰ সহায়ত শৰীৰৰ কোষ ক্ষয় হোৱাত বাধা দিয়ে আৰু কেঞ্চাৰ ৰোগৰ প্ৰতিষেধ হিচাবে কাম কৰে। উৎস: আইএনডিজি দল।