পাচলি হিচাবে বহুল ভাৱে ব্যৱহৃত ৰঙালাও বহুতৰে প্ৰিয় ব্যঞ্জন। ৰান্ধিবৰ বাবে কাটি লোৱাৰ পিছত ৰঙালাওৰ বীজ বা গুটি খিনি সচৰাচৰ পেলাই দিয়া হয়। কিছু সম্প্ৰদায়ৰ লোকে অৱশ্যে গুটিৰ বাকলি গুচাই পিহি সৰু মাছ আদিৰ লগত গ্ৰেভী হিচাবে আৰু বৰ সুস্বাদু কৈ ইয়াক ব্যৱহাৰ কৰা দেখিছো। জানো আহক ৰঙালাওৰ বীজ বা গুটি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আৰু প্ৰয়োজনীয়।

ৰঙালাওৰ গুটিয়েই একমাত্ৰ ক্ষাৰকীয় গুণ সম্পন্ন বীজ যি স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী।
সহজে হজম হোৱাকৈ খাবলৈ হলে ইয়াক ৬ ঘণ্টা পানীত তিয়াই গজালি মেলাই চালাদৰ লগত খাব পাৰি। বাদাম বা মুঙ্গফলিৰ দৰে ইয়াক ভাজি বা কেঁচাই অথবা পিহি আঞ্জাৰ গ্ৰেভী হিচাবেও খাব পাৰি।

*ৰঙালাও বীজত L-tryptophan থাকে যিয়ে ভাল টোপনি অহাত সহায় কৰে আৰু ডিপ্ৰেছন বা মানসিক অৱসাদ নিৰাময় কৰে। Tryptophan, Serotonin আৰু Niacin লৈ পৰিবৰ্তিত হৈ টোপনি অহাত সহায় কৰে।

*ৰঙালাও বীজত Phytosterols যৌগ থাকে যিয়ে LDL বা বেয়া কলেস্টৰেল কম কৰে।

*ৰঙালাও বীজ মিনাৰেল্চ সমৃদ্ধ। ইয়াত শৰীৰে সহজে গ্ৰহণ কৰিব পৰা আৰু অতি আৱশ্যকীয় ফচফৰাচ, মেঙ্গানীজ, মেগনেচিয়াম, আইৰণ আৰু কপাৰ পোৱা যায়।

*ভিটামিন K ৰ ভাল উৎস।

*ৰঙালাও বীজত প্ৰচুৰ জিংক থাকে যি অষ্টেয়পৰচিছ ৰোগ প্ৰতিৰোধ কৰে।

*ৰঙালাও বীজ ভিটামিন E ৰ উৎস। ১০০ গ্ৰাম বীজত প্ৰায় ৩৫.১০ মি.গ্ৰা. Tocopherol পোৱা যায়।

*ৰঙালাও বীজ ভিটামিন B পৰিয়ালৰ (Thiamin, Rivoflabin, Cianin, Pantothenic acid, Vitamin B-6 আৰু Folates) চমকপ্ৰদ উৎস।

*১০০ গ্ৰাম ৰঙালাও বীজত প্ৰায় ৩০ গ্ৰাম প্ৰটীন পোৱা যায়।

*ৰঙালাও বীজ সেৱনে কেলচিয়াম অক্জেলেট কিডনী ষ্টোন গঠন প্ৰতিৰোধ কৰে।

*ফিটাপেলু আৰু আন পৰজীৱি নিৰাময় কৰে।

*ৰঙালাও বীজত থকা তেলে বৰ্ধিত প্ৰস্টেটৰ বাবে হোৱা মূত্ৰকৃচ্ছতা দূৰ কৰে।

*ৰঙালাও বীজে ডাইবেটিছ ৰোগীৰ ইন্চুলিন ক্ষৰণ উন্নত কৰে।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ