পাচলি হিচাপে ব্যৱহাৰ কৰা মূলাৰ ঔষধি গুণ বহুত। মূলা খালে শৰীৰৰ তেজ পৰিষ্কাৰ হয়, তেজত লৌহ পদাৰ্থৰ পৰিমাণ বাঢ়ে। কাৰণ মূলাত লৌহ পদাৰ্থ যথেষ্ঠ পৰিমাণে থাকে। বহুতে যৌন দুৰ্বলতাত ভোগে। এই ক্ষেত্ৰত মূলাৰ ১০০ গ্ৰাম বীজৰ চূৰ্ণ মাখনৰ সৈতে মিহলাই দিনে দুবাৰকৈ খালে উপকাৰ পোৱা যায়। পেটৰ বিষ, পেটত বায়ু জমা হ’লে মূলাৰ ৰসৰ লগত নেমুৰস মিহলাই আহাৰ খোৱাৰ পিছত খাব লাগে। সুফল পোৱা যায়। পেট আৰু মূত্ৰাশয়ত পাথৰ হ’লে মূলাৰ পাতৰ ৰস নতুবা মূলাৰ বীজৰ গুড়ি ২ গ্ৰাম দিনে দুবাৰকৈ খাব লাগে। উপকাৰ পোৱা যায়। মূলাৰ ৰস, আদা বা বন্ধাকবিৰ ৰস সমপৰিমাণে মিহলাই দিনে দুবাৰকৈ খালে শৰীৰৰ যিকোনো সন্ধিৰ বিষ ভাল হয়। পানী লগা আৰু কাঁহ হ’লে মূলাৰ বীজৰ চূৰ্ণ তিনি গ্ৰামকৈ দিনে তিনিবাৰ খালে ভাল হয়। ঋতু সম্পৰ্কীয় সকলো ৰোগ মূলাৰ বীজৰ চূৰ্ণ দিনে চাৰি গ্ৰামকৈ তিনি বাৰ খালে ভাল হয়। মূলাৰ ৰসৰ লগত চেনি মিহলাই পুৱা আৰু গধূলি খালে অম্লপিত্ত ৰোগ ভাল হয়। অৰ্শ ৰোগ হ’লে মূলাৰ শুকান ফুলৰ গুড়িৰ লগত ছাগলী মাংস মিহলাই খাব লাগে। এই ৰোগৰ পৰা উপশম পোৱা যায়। শৰীৰৰ ফুলা ৰোগ হ’লে মূলাৰ ৰস দুচামুচকৈ খাব লাগে। ভাল ফল পোৱা যায়। মুখৰ উজ্জ্বলতা বঢ়াবলৈ, বিভিন্ন দাগ আৰু শালমইনা আঁতৰাবলৈ প্ৰতিদিনে এটাকৈ মূলা খাওঁক। মূলা খালে মূলাত থকা ক্ষাৰকীয় গুণে শৰীৰৰ অতিৰিক্ত মেদ দূৰ কৰে। চৰ্ম ৰোগত মূলা বটি লগালে সুফল পোৱা যায়। প্ৰস্ৰাৱ খোলোচা কৰিবলৈ মূলাৰ পাতৰ লগত চ’ডা মিহলাই খাওঁক। মূলাই বহুতো ৰোগত উপকাৰী ঔষধি হিচাপে কাম কৰাৰ লগতে এলাৰ্জিতো বিশেষ উপকাৰ সাধন কৰে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।