আমাৰ দৈনন্দিন জীৱন কাৰ্য্য সমাধান কৰি সুস্বাস্হ্যৰ অধিকাৰী হ’বলৈ তিনিটা মূল কাৰ্য্য সুচাৰুৰূপে নিয়ন্ত্ৰণ ৰাখিব লাগিব ৷ দেহৰ গঠন বৃদ্ধিত সহায় কৰিব লাগিব ৷ ক্ষয় হোৱা শক্তি যোগাব লাগিব ৷ ৰোগ প্ৰতিৰোধ কৰিব লাগিব ৷ এই তিনিটা মূল কাৰ্য্য সমাধা কৰিবলৈ যি পুষ্টিৰ প্ৰয়োজন হয়, সেই পুষ্টিৰ ওপৰত ভিত্তি কৰিয়েই খাদ্য সমূহক তিনি ভাগত ভগোৱা হৈছে ৷ প্ৰতি খাদ্যতেই সকলোবোৰ পুষ্টি (প্ৰটিন,কাৰ্বহাইড্ৰেট, চৰ্বিৰ, ভিটামিন, মিনাৰেল) বিভিন্ন পৰিমাণত মিশ্ৰিত হৈ থাকে ৷ যি খাদ্যত যি পুষ্টি বেছি পৰিমাণত আছে, সেই পুষ্টিয়ে সমাধা কৰা কাম অনুসৰি সেই খাদ্য ভাগত অন্তৰ্ৰ্ভূক্ত কৰা হৈছে ৷ শক্তিদায়ক খাদ্য শক্তিদায়ক খাদ্য হৈছে চিৰিয়েল জাতীয়, চেনি-গুৰ আৰু তেল বা চৰ্বি জাতীয় খাদ্য ৷ দেহগঠন ও বৃদ্ধিত সহায়কাৰী খাদ্য মাহজাতীয় বা দাইলজাতীয় খাদ্য, কণী আৰু গাখীৰ৷ এই খাদ্যসমূহত থকা প্ৰটিনৰ পৰিমাণ বেছি হোৱাৰ বাবে দেহ গঠনত সহায় কৰে৷ ৰোগ প্ৰতিৰোধকাৰী খাদ্য বিভিন্ন ফল-মূল আৰু শাক-পাচলি এই খাদ্যভাগৰ ভিতৰত অন্তৰ্ৰ্ভূক্ত কৰা হৈছে ৷ এই খাদ্য সমূহত ভিটামিন আৰু মিনাৰেল উপযুক্ত পৰিমাণত থাকে৷ আমাৰ সুস্বাস্হ্যৰ কাৰণে খাদ্যৰ নিৰ্বাচন সঠিক আৰু খাদ্যৰ পৰিমাণ সঠিক হ’ব লাগিব ৷ গতিকে ‘সু-স্বাস্থ্য’ আৰু ‘সুষম আহাৰৰ’ ওপৰত আলোচনা কৰা ভাল হ’ব৷ যেতিয়া কোনো এজনে নিজৰ উচ্চতা অনুসৰি শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখে আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাত থাকে তেতিয়া তেওঁৰ স্বাস্থ্য ভাল বুলি কোৱা হয়৷ আমাৰ গোটেই শৰীৰৰ বিভিন্ন অংশত থকা কোষবিলাকৰ পুষ্টিসমূহ বিভিন্ন কাৰণত ভঙা-গঢ়া হৈ থাকে৷ বিশেষকৈ শৰীৰৰ গঠনত সহযোগ কৰা প্ৰয়োজনীয় পুষ্টি খাদ্য-প্ৰটিন, আমাৰ দেহত হজম হৈ সৰু সৰু কণিকা বোৰ অন্যান্য কণিকাৰে লগলাগি দেহত প্ৰটিন তৈয়াৰ হয় যেনে- হৰমন, এনজাইম ইত্যাদি৷ এইদৰে খাদ্যৰ পৰা পোৱা প্ৰটিন কাৰ্বহাইড্ৰেট, ভিটামিন, মিনাৰেল চৰ্বি আদি দেহত প্ৰণালীবদ্ধভাৱে সঞ্চালিত হৈ থকা ৰক্তসঞ্চালন ও অন্যান্য দেহৰসত আহি থাকে, কোষবিলাকে যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই প্ৰয়োজনীয় খিনি গ্ৰহণ কৰে৷ কোষবিলাকত থাকিবলগা কোষকণিকা যথোপযুক্ত হ’লে, শৰীৰটোৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰাত সহায় হয়৷ গতিকে প্ৰতিকোষৰ কোষকণিকাৰ পৰিমাণ যথোপযুক্ত হ’বলৈ ভাল খাদ্য বা সুষম আহাৰৰ প্ৰয়োজন হয়৷ যি খাদ্যই আমাৰ দৈনিক প্ৰয়োজন হোৱা পুষ্টি সমূহ সঠিক পৰিমাণত যোগাব পাৰে তাক সুষম আহাৰ বুলি কোৱা হয় তালিকা নং : ১ এজন প্ৰাপ্তবয়স্ক পুৰুষক আহাৰ যোগাবৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পৰিমাণ কঠোৰ পৰিশ্ৰমী মধ্য পৰিশ্ৰমী লঘু পৰিশ্ৰমী ১) চিৰিয়েলচ ৬৭০ গ্ৰা: ৫২০ গ্ৰা: ৪৬০ গ্ৰা: ২) ডাইল বা মাহ জাতীয় ৬০ গ্ৰা: ৫০ গ্ৰা: ৪০ গ্ৰা: ৩) সেউজীয়া শাক-পাচলি ৪০ গ্ৰা: ৪০ গ্ৰা: ৪০ গ্ৰা: ৪) মূল জাতীয় ৮০ গ্ৰা: ৬০ গ্ৰা: ৪০ গ্ৰা: ৫) অন্যান্য পাচলি ৮০ গ্ৰা: ৭০ গ্ৰা: ৬০ গ্ৰা: ৬) গাখীৰ ২৫০ মি: লি: ২০০ মি: লি: ১৫০ মি:লি: ৭) তেল আৰু চৰ্বি জাতীয় ৬৫ গ্ৰা: ৪৫ গ্ৰা: ৪০ গ্ৰা: ৮) চেনী আৰু গুৰ ৫৫ গ্ৰা: ৩৫ গ্ৰা: ৩০ গ্ৰা: সুষম আহাৰ প্ৰস্তুত কৰিবলৈ বিভিন্ন খাদ্যসমূহ বাচিবলৈ এই খাদ্যৰ ভাগ কেইটা বিশেষকৈ মনত ৰাখিলে সুবিধা হয় ৷ এগৰাকী কঠোৰ পৰিশ্ৰমী মহিলাৰ স্বাস্হ্যৰ বাবে প্ৰায় ৩০০০ কেলৰি বা তাপশক্তিৰ প্ৰয়োজন হয় ৷ আমাৰ শৰীৰত হোৱা বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াত তাপ উৎপন্ন আৰু মাংসপেষীৰ সংকোচনতো তাপ উৎপন্ন হয় ৷ এই তাপ বিভিন্ন ধৰণেৰে শৰীৰৰ পৰা ওলাই যায়- ঘাম হৈ, শ্বাস-প্ৰশ্বাস, শৌচ-প্ৰসাৱ ইত্যাদিৰে ৷ জ্বৰ, বেমাৰ-আজাৰত হোৱা শৰীৰৰ তাপৰ তাৰতম্যৰ বাহিৰে, এক স্বাভাৱিক অৱস্হাত, এই তাপ আদান প্ৰদান হোৱা স্বত্বেও এক বিশেষ প্ৰক্ৰিয়াৰে শৰীৰৰ তাপ নিয়ন্ত্ৰণত ৰাখে ৷ সাধাৰণতে খাদ্যই এই প্ৰয়োজন হোৱা তাপ যোগায়, যদি খাদ্যই এই প্ৰয়োজনীয়তা পূৰাব নোৱাৰে শৰীৰৰ কিছু ক্ষয় হৈও তাপশক্তি নিয়ন্ত্ৰত ৰাখে৷ গৰমকালি বা শীত কালি হোৱা তাপৰ তাৰতম্যৰ লগত সংগতি ৰাখি শৰীৰত এই বিশেষ প্ৰক্ৰিয়া সদায় চলি থাকে ৷ গতিকে সু-স্বাস্থ্যৰ বাবে পৰিশ্ৰম অনুসৰি সঠিক পৰিমাণৰ খাদ্য খাব লাগে৷ আমি যেতিয়া কাম কৰো, প্ৰতি কামতেই প্ৰয়োজন হেৱা কেলৰি বা শক্তি বেলেগ বেলেগ৷ এজন মানুহক খোজ কাঢ়িবৰ কাৰণে শৰীৰৰ ওজনৰ প্ৰতি কেজিৰ বাবে ঘন্টাত ৪ কেলৰি প্ৰয়োজন হয়৷ এইদৰে খাদ্য খোৱাকে ধৰি শৰীৰৰ যত্ন লোৱা ও অন্যান্য কাম কৰা, বাৰীত কাম কৰা, কোৰ মৰা, ঘৰ সৰা, ঘৰ ম’চা, পানী তোলা, বাচন ধোৱা, আদি বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা কেলৰিৰ পৰিমাণ বেলেগ বেলেগ৷ কোনো এক কাম কৰোতে ক্ষয় হোৱা শক্তি বা প্ৰয়োজন হোৱা কেলৰিৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগে৷ কিয়নো প্ৰয়োজনীয় শক্তি আমি খাদ্যৰ পৰাই যোগাব লাগিব আৰু আমি বিভিন্ন কামতো লিপ্ত থাকিব লাগিব৷ সেই গতিকে কোনো এক কাম দক্ষতাৰে সমাধা কৰা বুলি কোৱা হয়, যেতিয়া কামটোৰ কাৰণে প্ৰয়োজনীয় শক্তিখিনিহে খৰচ কৰো৷ পৰিশ্ৰমত ক্ষয় হোৱা শক্তি আৰু শৰীৰৰ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন হোৱা শক্তিৰ সৈতে খাদ্য হজম হৈ শৰীৰৰত প্ৰয়োজনীয় খিনি গ্ৰহণ হোৱাৰ এক বিশেষ সম্বন্ধ আছে ৷ যদি প্ৰয়োজনতকৈ বেচিকৈ খোৱা হয় আৰু শৰীৰত ইয়াৰ ব্যৱহাৰ নহয় খাদ্য তেতিয়া অতিৰিক্ত খাদ্য শক্তি চৰ্বি, হিচাবে জমা হয় ৷ আই,চি, আৰ (ইণ্ডিয়ান কাউন্সিল অৱ্ মেডিকেল ৰিচাৰ্চ)ৰ নিৰ্দ্দেশ মম্ৰ্ৰ্মে এক বিশেষ কমিটিয়ে বিভিন্ন শক্তিদায়ক খাদ্যৰ পৰা যোগোৱা কেলৰিৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰি দিছে ৷ চিৰিয়েলচ শতকৰা ৭৫ ভাগ বিশুদ্ধ কাৰ্বহাইড্ৰেট(চেনী আৰু গুৰ) শতকৰা ৫ ভাগ চৰ্বি, জাতীয় শতকৰা ২০ ভাগ এগৰাকী কঠোৰ পৰিশ্ৰমী মহিলাক যদি ৩০০০ কেলৰি প্ৰয়োজন হয় তেতিয়া চিৰিয়েলচৰ পৰা ২২৫০ কেলৰি, চেনী আৰু গুৰৰ পৰা ১৫০ কেলৰি, তেল আৰু ঘিঁউৰ পৰা ৬০০ কেলৰি পাব লাগিব ৷ যদিও চিৰিয়েলচ্ চেনী, গুৰ, তেল বা চৰ্বি,জাতীয় খাদ্য একোটা মূল খাদ্যভাগৰ- তথাপিও ইয়াৰ পৰিমাণৰ ওপৰত বিশেষ মন দিব লাগে ৷ আমাৰ দৈনিক আহাৰৰ তালিকাত চিৰিয়েলচ্ , ডাইল, চেনী, গুৰ, তেল বা চৰ্বি,, ফল-মূল ও অন্যান্য খাদ্য থাকে ৷ গতিকে সদায় খোৱা কোনো নিৰ্ৰ্দ্দিষ্ট খাদ্যৰ পৰিমাণ একেৰাহে বাঢ়ি বা কমি যায় তেতিয়া অনিয়ম হবও পাৰে ৷ সেয়েহে প্ৰয়োজন হোৱা খাদ্যৰ পৰিমাণ সমূহ বিভিন্ন বয়স অনুসৰি তালিকা নং ১ আৰু তালিকা নং ৩ দেখুওৱা হৈছে ৷ খাদ্যৰ মূল তিনিটা ভাগৰ বিষয়ে জানিলেহে সুষম আহাৰ প্ৰস্তুত কৰাত সুবিধা হয় ৷ কেতিয়াবা আমি সকলো খাদ্য একে সময়তে নাপাওঁ ৷ আৰু কেতিয়াবা একেবাৰে নাপাওঁ ৷ কিছুমান খাদ্যৰ দাম বেছি হোৱাত আমি সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰো ৷ তেতিয়া আমি সেই খাদ্যৰ সলনি অন্য কিছু খাদ্য ব্যৱহাৰ কৰিব কৰিব পাৰো, যাতে আমাৰ প্ৰয়োজনীয় পুষ্টি যোগোৱাত বাধা নহয়৷ তালিকা নং ১ আৰু তালিকা নং ৩ ত নিৰামিষ ভোজীৰ বাবেহে খাদ্যৰ পৰিমাণ সমূহ দিয়া হৈছে ৷ যদিহে মাছ, মাংস, কণী খোৱা হয় তেতিয়া মাহ আৰু চৰ্বি, জাতীয় খাদ্যৰ পৰিমাণ সলনি হ’ব ৷ তালিকা: ২ মাহজাতীয় খাদ্যৰ পৰিমাণ মাছ, মাংস খাদ্যৰ পৰিমাণ শতকৰা ৫০ ভাগ ডাইল বা মাহজাতীয় খাদ্য (২০-৩০ গ্ৰা:) ১ ৷ এটা কণী বা ৩০ গ্ৰাম মাছ বা মাংস ৷ ২ ৷ অতিৰিক্ত ৫গ্ৰাম তেল বা ঘিঁউ ৷ শতকৰা ১০০ ভাগ ডাইল বা মাহজাতীয় খাদ্য (৪০-৬০ গ্ৰা:) ১ ৷ দুটা কণী বা ৫০ গ্ৰাম মাছ বা মাংস বা ১ টা কণী আৰু ৩০ গ্ৰাম মাংস বা মাছ ৷ ২ ৷ ১০গ্ৰাম তেল বা ঘিঁউ ৷ মহিলা শিশু লঃৰা ছোৱালী ১-৩ বছৰ ৪-৬ বছৰ ১০-১২ বছৰ ১০-১২ বছৰ ১) চাউল ৪৪০ গ্ৰাম ১৭৫ গ্ৰাম ২৭০ গ্ৰাম ৪২০ গ্ৰাম ৩৮০গ্ৰাম ২) দাইল বা মাহজাতীয় ৪৫ গ্ৰাম ৩৫ গ্ৰাম ৩৫ গ্ৰাম ৪৫ গ্ৰাম ৪৫ গ্ৰাম ৩) গাখীৰ ১০০ মি:লি: ৩০০ গ্ৰাম ২৫০ গ্ৰাম ২৫০ মি:লি: ২৫০ মি:লি: ৪) মূল জাতীয় ৫০ গ্ৰাম ১০ গ্ৰাম ২০ গ্ৰাম ৩০ গ্ৰাম ৩০ গ্ৰাম ৫) সেউজীয়া শাক-পাচলি ৪০ গ্ৰাম ৪০ গ্ৰাম ৫০ গ্ৰাম ৫০ গ্ৰাম ৫০ গ্ৰাম ৬) অন্যান্য পাচলি ৪০ গ্ৰাম ২০ গ্ৰাম ৩০ গ্ৰাম ৫০ গ্ৰাম ৫০ গ্ৰাম ৭) চেনী আৰু চৰ্বি, ২৫ গ্ৰাম ১৫ গ্ৰাম ২৫ গ্ৰাম ৪০ গ্ৰাম ৩৫ গ্ৰাম ৮) চেনী আৰু গুৰ ২০ গ্ৰাম ৩০ গ্ৰাম ৪০ গ্ৰাম ৪৫ গ্ৰাম ৪৫ গ্ৰাম বি:দ্ৰ:- কঠোৰ পৰিশ্ৰমী মহিলাই গাখীৰ ২০০ মি:লি:, মাহজাতীয় খাদ্য ৫০ গ্ৰাম, চাউল ৫৭৫ গ্ৰাম, চেনী আৰু গুৰ ৪০গ্ৰাম আৰু মূলজাতীয় ৬০ গ্ৰাম খাব লাগে৷ গৰ্ভাৱতী আৰু পোৱতী মাতৃৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত খাদ্য সামগ্ৰীৰ পৰিমাণ গৰ্ভাৱতী পোৱতী মাতৃ ১ ৷ চাউল ২ ৷ দাইল বা মাহজাতীয় খাদ্য ৩ ৷ গাখীৰ ৪ ৷ তেল আৰু চৰ্বি, ৫ ৷ চেনী ৩৫ গ্ৰাম ১৫ গ্ৰাম ১০০ মি:লি: ----------- ১০ গ্ৰাম ৬০ গ্ৰাম ৩০ গ্ৰাম ১০০ মি:লি: ১০ গ্ৰাম ১০ গ্ৰাম এইদৰে ১ নং আৰু ৩ নং তালিকাত দিয়া বিভিন্ন খাদ্য ভাগৰ পৰিমাণ গোটেই দিনৰ আহাৰ, দুপৰীয়া, আহাৰ, আবেলি চাহৰ আৰু ৰাতিৰ আহাৰত ভগাই ল’ব লাগে ৷ নিৰ্ৰ্দিষ্ট জোখত, নিদিৰ্ষ্ট সময়ৰ অন্তৰে অন্তৰে খাদ্য সমূহ ভগাই লোৱা ভাল ৷ খোৱা খাদ্য সম্পূৰ্ণৰূপে হজম হবলৈ কিছুমান কথা মন কৰিব লাগে- খাদ্যৰ মিশ্ৰণ, খাদ্যপ্ৰস্তুত কৰণ পদ্ধতি, খাদ্যৰ পৰিবেশন ইত্যাদি ৷ শস্য সংগ্ৰহ কৰা পদ্ধতি উত্তম হলেহে ভাল খাদ্যগুণ আশা কৰিব পাৰি ৷ তিনিটা মূল খাদ্যভাগৰ বিষয়ে জানিলে- অতি সহজে কম খৰচতে পুষ্টিকৰ খাদ্য তৈয়াৰ কৰি সুষম আহাৰ লাভ কৰিব পাৰি ৷ বিশেষকৈ ৰুগীয়া অৱস্হাত যেতিয়া কম চিব, কম কাৰ্বহাইড্ৰেট, কম প্ৰটিন থকা খাদ্য খাব লাগে, তেতিয়া এই খাদ্যভাগ কেইটা মনত ৰাখিলে পৰিকল্পনা কৰাত সহজ হয়৷ পুষ্টিহীনতাৰ লক্ষণসমূহ, কাৰণসমূহ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা উৎস: অসম কৃষি বিশ্ববিদ্যালয়।