কলফুল এবিধ উৎকৃষ্টি পাচলি। কলফুলে বিভিন্ন ৰোগ দূৰ কৰে। শৰীৰত শক্তি যোগায়। ভিটামিন, আয়ৰণ, আৰু খনিজ গুণেৰে ই চিৰসমৃদ্ধ। সকলো কলফুলেই উপাদেয় যদিও আঠিয়া কলৰ কলডিল সকলোতকৈ উত্তম। ইয়াৰ ব্যঞ্জনৰ সোৱাদেই বেলেগ। জাহাজী, চেনিচম্পা, ৰামকল, বগীমুনিহা প্ৰভূতি কলৰ কলডিল পাচলি কৰি খাব পাৰি। ই ৰোগীৰ পথ্য। সকলো ৰোগতে ইয়াক খাব পাৰি। শৰীৰত তেজ পৰিষ্কাৰ হৈ থাকিলে ৰোগ আক্ৰমণ কৰিব নোৱাৰে। সেয়েহে কলফুলৰ পাচলি নাখাই নাথাকিব। ই হৃদৰোগৰ মহৌষধ তথা হৃদপিণ্ড পৰিষ্কাৰ কৰে। ই ঔষধি গুণেৰে সমৃদ্ধ। কলফুল আয়ৰণেৰে চিৰসমৃদ্ধ। ৰক্তৰ মূল চালিকা শক্তি হ’ল হিম’গ্লবিন।

কলডিল প্ৰ’টিন, কেলচিয়াম, কাৰ্ব’হাইড্ৰেট, গন্ধক, ফেট, পটাচিয়াম, ৰিব’ফ্লোৰিন, ভিটামিন চি আৰু আয়ামিনৰে সমৃদ্ধ।

*নিয়মিত ৰূপে কলফুল খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণত থাকে।

*হাৰ্ট পৰিষ্কাৰ কৰণৰ বাবে কলডিলৰ ব্যঞ্জন উপকাৰী।

*কটা-ছিঙাত কলফুলৰ ব্যঞ্জন খালৰ সোনকালে শুকায়।

*সংক্ৰমণ হ্ৰাস কৰে। ঋতু পৰিৱৰ্তনৰ সময়ত কলফুল খালে সংক্ৰমণৰ আশংকা হ্ৰাস পায়।

*গৰ্ভাৱস্থাত কলফুল খালে স্তনত দুগ্ধ বাঢ়ে।

*অৱসাদ আৰু উৎকন্ঠা নিবাৰণ কৰে।

হালধি, শুকান জলকীয়া গুড়ি আৰু জিৰাৰে কলফুল খালে জৰায়ু সবল হয়।

*কলফুলৰ ব্যঞ্জনত অকণমান গাখীৰ দিলে ব্যঞ্জনখন বৰ তৃপ্তিদায়ক হয়।

*কলফুল খালে হৃদপিণ্ড সুস্থ আৰু সবল হৈ থাকে।

*ফলফুল টেনিন, ফ্লেভনয়েদ আৰু এন্টি অক্সিডেন্ট উপাদানেৰে পৰিপূৰ্ণ।

*ওজন হ্ৰাস কৰে। হজম শক্তি বাঢ়ে। ইয়াৰ চালাড আৰু চূপ খাব পাৰি।

*ৰুচিকৰ তথা তৃপ্তিকৰ ব্যঞ্জন।

লেখক: নুৰুদ্দিন আহমেদ(অসম বাণী)