মধুৰিআমেৰে তৈয়াৰী কেইবিধ মান খাদ্য মধুৰিআমৰ মোৰাব্বা প্ৰস্তুত প্ৰণালী (১) ভাল সতেজ আৰু মিঠা মধুৰিআম দহটামান বাছি ধুই লওক। (২) টুকুৰা-টুকুৰকৈ কাটি কম জুইত কম পানী দি টুকুৰাবোৰ আধা সিজা কৰক। চাব যাতে গলি নাযায়। (৩) জুইৰ পৰা নমাই পানীখিনি চেকি লওক। (৪) চেকিলোৱা পানীত তাৰ তিনি গুণ পৰিমাণৰ চেকি দি পুনৰ গৰম কৰি চেনিৰ ৰস তৈয়াৰ কৰি লওক। (৫) এতিয়া মধুৰিৰ আধা সিজা টুকুৰাবোৰ সেই পানীত দি কিছু সময় সিজিবলৈ দি ইলাচিৰ গুৰি দি নমাই থওক। (৬) ঠাণ্ডা হ’লে কাচৰ বটল বা জাৰত ভৰাই সাঁফৰ মাৰি থৈ দিয়ক। বজাৰত মধুৰিআম পাবলৈ নথকাৰ সময়ত নিয়মীয়াকৈ এই মোৰাব্ব খালে কোষ্ঠবদ্ধতা নাইকিয়া হ’ব। পকা মধুৰিআমৰ জাম, জেলি আদি তৈয়াৰ কৰি ৰাখিলে গোটেই বছৰ ধৰি খাব পাৰি। মধুৰিআমৰ জাম কি কি লাগিব- ভালদৰে পকা আৰু ডাঙৰ আকাৰৰ ছটা মধুৰিআম, ডেৰ কেজি চেনি, চাইট্ৰিক অচিড, (পৰিৱৰ্তে নেমু টেঙাৰ ৰস ব্যৱহাৰ কৰিব পাৰে) ডেৰ চাহ চামুচ খাদ্যত দিয়া ৰঙা ৰং সামান্য। প্ৰস্তুত প্ৰণালী (১) মধুৰিআম কেইটা ভালদৰে ধুই সৰু সৰুকৈ কাটি কম পানীত ভালদৰে সিজাওক। (২) সিদ্ধ টুকুৰাবোৰ হেতাৰে পিটিকা চেকনিত দি শাহবোৰ চেকি উলিয়াই লওক। (৩) চেকি লোৱা শাহ যিমান কাপ হ’ব তাৰ ঠিক সম পৰিমাণত চেনি মিহলাই জুই বহাই দিয়ক। (৪) সেই ৰসত আঢ়ৈ টেবুল চামুচ- চাইট্ৰিক এচিড বা নেমুৰ ৰস দিয়ক। (৫) সামান্য পৰিমাণে খোৱা ৰঙা ৰং মিহলাই দিয়ক। (৬) পানীত তিয়াই থোৱা প্লেট এখনত চামুচেৰে উতলি থকা ৰসৰ পৰা অকণমান পেলাই চাওক- ডাঠ হৈছেনে নাই। (৭) যদি ডাঠ হৈছে তেনেহ’লে তৎক্ষণাত নমাই গৰমে গৰমে পৰিষ্কাৰ শুকানকৈ ৰখা বহল মুখৰ বটলত ঢালি দিয়ক। লগে লগে সাঁফৰ নামাৰিব। ঠাণ্ডা হ’বলৈ দিয়ক। (৮) পিচদিনা সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত সাঁফৰ মাৰি থ’ব। সাঁফৰ মৰাৰ আগতে গলা মম জামৰ ওপৰত ঢালি দি ‘ছীল’ কৰি সাঁফৰ টানকৈ মাৰি থওক। মধুৰিআম জেলি কি কি লাগিব- মধুৰিআম ১ কেজি, গোল নেমু মজলীয়া আকাৰৰ চাৰিটা, চেনি ১ কেজি, খোৱা খাদ্যত দিয়া ৰঙা ৰং সামান্য। প্ৰস্তত প্ৰণালী (১) জেলি প্ৰস্তুত কৰাৰ আগদিনা ৰাতি আধা পকা মধুৰিআম কেইটা সৰু সৰু টুকুৰা কৰি কাটি চাৰি কাপ পানী মিহলাই কম জুইত ভালদৰে সিজাই লওক। (২) এখন ডাঙৰ আকাৰৰ পৰিষ্কাৰকৈ ধুই লোৱা গামোচা বা অন্য পাতল কপাহী কাপোৰ এখনত পানীৰ সৈতে সিজোৱা মধুৰিআম খিনি টোপোলা এটা কৰি এৰাতি হাঁকোটা এটাত ওলোমাই তলত এটা পাত্ৰত গোটেই ৰাতি টোপ টোপকৈ ৰস পৰাকৈ থৈ দিয়ক। (৩) পিছদিনা প্ৰতি ডেৰ কাপ ৰসত একাপকৈ চেনি মিহলাই কম জুইত ষ্টীলৰ পাত্ৰ এটাত উতলাওক। (৪) উতলি থকা অৱস্থাতে দুবাৰ চেকি লওক। (৫) যিমান কাপ ৰস, সিমান টেবুল চামুচ নেমুৰ ৰস মিহলাই উতলাওক। ৰং মিহলাওক। (৬) পানীত ধোৱা ঠাণ্ডা প্লেটত চামুচেৰে দুই এফোটা পেলাই চাওক- ডাঠ হৈছেনে নাই। (৭) যদি ডাঠ হৈছে তেনেহ’লে তৎক্ষণাত জুইৰ পৰা নমাই পৰিষ্কাৰ কাঁচৰ বটলত ভৰাই থওক। ঠাণ্ডা হ’লে মমেৰে ‘ছীল’ কৰি সাঁফৰ মাৰি থওক। মধুৰিআমৰ চীজ কি কি লাগিব- ভালদৰে পকা আৰু ডাঙৰ আকাৰৰ মধুৰিআম ১ কেজি, চেনি ডেৰ কেজি, মাখন ৫০ গ্ৰাম, খাদ্যত দিয়া ৰঙা ৰং সামান্য, চেকি লোৱা গোল নেমুৰ ডেৰ টেবুল চামুচ। প্ৰস্তুত প্ৰণালী: (১) মধুৰিআমবোৰ ভালদৰে ধুই টুকুৰা টুকুৰ কৈ কাটি সামান্য পানীত সিজাই লওক। (২) হেতাৰে পিটিকি শাহবোৰ চেকনিৰে চেকি লওক। (৩) যিমান কাপ শাহ সিমান কাপ চেনি দি ওপৰঞ্চি আৰু একাপ চেনি দি কেৰাহী জুইত বহাই উতলিবলৈ দিয়ক। (৪) উতলিলে মাখন আৰু নেমুৰ ৰস মিহলাই কাঠৰ হেতাৰে লৰাই দিয়ক। (৫) ঘন হ’লে মাখন সানি লোৱা থালত ঢালি ঠাণ্ডা হ’বলৈ দিয়ক। (৬) ঠাণ্ডা হ’লে বৰফিৰ আকাৰত কাটি ফ্ৰীজত থৈ দিয়ক। লগে লগেও খাব পাৰে। বেল আৰু বেলপাত পেটৰ অসুখৰ মহৌষধি সহজলভ্য ফলৰ ভিতৰত বেল অন্যতম ঔষধি গুণ সম্পন্ন ফল। বেলক একেলগে আহাৰ আৰু পথ্য বুলি ক’ব পাৰি। বেল খালে পেটতো ভৰে, তেনেদৰে বিভিন্ন ৰোগো নিৰাময় হয়। বেল কেঁচা অথবা পকা দ্যুওটা অৱস্থাতে উপকাৰী। কেৱল বেল ফলৰে নহয়, বেলপাতৰো আছে ভালেমান ঔষধি গুণ। কেঁচা বেল শুকুৱাই বেলৰ শুঁঠ বা শুণ্ঠি প্ৰস্তুত কৰা হয় আৰু ই পেটৰ অসুখৰ অব্যৰ্থ ঔষধ। সংস্কৃতত বেলৰ বিভিন্ন নাম আছে। এইবিলাকৰ ভিতৰত শ্ৰীফলেই সৰ্বজনবিদিত। অন্য নাম বিলাক হ’ল- অতিমাংগল্য, মহাফল, পত্ৰশ্ৰেষ্ঠ, লক্ষ্মীফল, শিৱদ্ৰুম, সত্যফল, সদাফল, সুফল, গন্ধফল ইত্যাদি। বেল গছে বতাহৰ দুৰ্গন্ধ দূৰ কৰে সেই কাৰণে ইয়াৰ অন্য এটা নাম গান্ধমাৰুৎ। ঔষধৰুপে বেলপাতৰ প্ৰয়োগ (১) শ্লেষ্মাৰ (কফ) বৃদ্ধি হ’লে বেলপাতৰ ৰস খালে কমি যায়। (২) শোথ বা গা ফুলা ৰোগত পানীৰ লগত বেলপাতৰ ৰস মিহলাই খুৱালে ৰোগ আৰোগ্য হয়। (৩) বেলপাতৰ ৰসৰ লগত মৌ মিহলি কৰি খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু জ্বৰ থাকিলে জ্বৰ এৰে। (৪) বেলপাতৰ ৰসৰ লগত জালুকৰ গুৰি মিহলাই খুৱালেও কোষ্ঠকাঠিন্য ভাল হয়। এই ঔষধে জণ্ডিচ ৰোগো ভাল কৰে। (৫) কেঁচা বেলপাতৰ ৰসৰ লগত গুড় মিহলাই খুৱালে, তেজ গ্ৰহণী, শাওঁপৰা গ্ৰহণী, পেটৰ যিকোনো ধৰণৰ বিষ ভাল হয়। (৬) বেলপাতৰ ৰস কফ, বাত, শাওঁপৰা, পেট হানি ধৰা ৰোগ ভাল কৰে। এই ৰসে ৰুচি বৃদ্ধি কৰে। (৭) বেলপাতৰ ৰস গাত সানিলে ঘামৰ দুৰ্গন্ধ দূৰ কৰে। (৮) কেঁচা বেলপাতৰ ৰস খালে মেলেৰিয়া জ্বৰ উপশম হয়। (৯) বেলফুলৰ গুণ : বেলগছৰ ফুল পেটৰ যিকোনো অসুখ (ডায়েৰিয়া ডিচেণ্ট্ৰি আদি), বমি আৰু অতিমাত্ৰা পিয়াহ দূৰ কৰে। (১০) বেলগছৰ শিপাৰ গুণ : বেলৰ শিপাৰ স্বাদ মধুৰ, হজম শক্তিবৰ্ধক, লঘুপাক, বমি, পিত্ত, বাত অৰ্থাৎ ত্ৰিদোশ নাশক, ৰক্তপিত্ত আৰ্থাৎ নাক-মুখেৰে তেজ পৰা বন্ধ কৰে। কেঁচা বেলৰ প্ৰয়োগ (১) কেঁচা বেলে ভোক বঢ়ায়। মলৰোধ কৰে, খাদ্য সোনকালে হজম কৰায়। (২) বাত, কফ, পেটৰ অসুখ, পুৰণি অথবা নতুন পেটৰ অসুখ, গ্ৰহণী আদি ব্যাধি নিৰাময় কৰে। (৩) গুড়ৰ লগত কেঁচা বেল পুৰি তাৰ শাহ খালে ভোক বৃদ্ধি পায়, পেটৰ অসুখ (পেটচলা, গ্ৰহণী আদি) ভাল হয়। পেট কামোৰণি বা পেট চিকুটি ধৰা ৰোগ ভাল হয়। (৪) কেঁচা বেলৰ মোৰাব্বা সকলো ধৰণৰ গ্ৰহণী আৰু পেটচলা আদি ৰোগৰ কাৰণে ভাল। পকা বেলৰ প্ৰয়োগ (১) আয়ুৰ্বেদৰ মতে পকা বেল গুৰুপাক, মধুৰ, হাৰ্টৰ কাৰণে উপকাৰী, পিত্তনাশক, ৰুচিকাৰক, জুলাপ গুণ সম্পন্ন, মস্তিষ্ক, পাকস্থলী, হৃদপিণ্ড আৰু লিভাৰৰ বল বৃদ্ধি কাৰক। কফ, জ্বৰ আৰু পেটৰ অসুখ নিৰাময়ক। (২) ইউনানী মতে পকা বেলৰ শাহ ব্ৰেইন, হাৰ্ট, লিভাৰ আৰ উপাকস্থলী সবল কৰে, ৰুচি বৃদ্ধি কৰে আৰু খাদ্য হজম কৰাত সহায় কৰে। (৩) পকা বেল পুষ্টিকৰ আৰু মিচিৰিৰ লগত খালে অৰ্শ নিয়ন্ত্ৰণ কৰে। (৪) ক্ৰণিক পেটৰ অসুখ দূৰ কৰাৰ লগতে কোষ্ঠবদ্ধতা দূৰ কৰ। শুকান বেলৰ গুণ (১) কেঁচা, কুমলীয়া বেল কাটি ৰ’দত শুকুৱাই গুৰি কৰি থওক। এই গুৰিৰ লগত শুকান আদাৰ গুৰি আৰু গুড় মিহলাই খাই তাৰ পিছত এবাতি দৈৰ পাতল ঘোল খালে পেটৰ যিকোনো ৰোগ নিৰ্মূল হয়। (২) বেলৰ গুৰি সহজে হজম হয়, মলৰোধ কৰে, খাদ্য হজম কৰে, বল বৃদ্ধি কৰে আৰু শ্লেষ্মা নাশ কৰে। কেঁচা বেলৰ চৰবৎ কেঁচা বেলৰ শাহ সিদ্ধ কৰি পিটিকি চেকি লৈ সেই ৰসত গুড় বা চেনি মিহলাই চৰবত তৈয়াৰ কৰি খালে সকলো ধৰণৰ পেটৰ অসুখ আৰু আমাশয় উপশম হয়। লিভাৰৰ অসুখত বেলপাতৰ ৰস (১) লিভাৰৰ নানা ধৰণৰ অসুখ যেনে ডিচচেপচিয়া, অম্লতা বা অম্বলৰ অসুখত, পেটৰ বিষত, বেলপাতৰ ৰস, জালুকৰ গুৰি মিহলাই খালে আৰাম পোৱা যায়। (২) কফৰ কাৰণে শ্বাসকষ্ট হ’লে বেলপাত সিজাই তাৰ ডাঠ ৰস খুৱালে কমে। (৩) শ্লেষ্মা ৰোগত অৰ্থাৎ বুকুত কফ বহি গ’লে বেলপাতৰ ভৰণ দিলে আৰাম পোৱা যায়। মেলেৰিয়াত বেলপাতৰ চাহ ছখন বেলপাত, ছখন তুলসী পাত, থেতালি লোৱা এটা ইলাচি, এডোখৰ থেতালি লোৱা দালচেনি, আধা চাহ চামুচ থেতালি লোৱা আদা, উতলি থকা পানীত একেলগে দি ঢাকোন মাৰি দহ মিনিট সময় উতলাওক। পিছত চেকি লৈ গাখীৰ আৰু চেনি মিহলাই গৰমে গৰমে খাবলৈ দিয়ক। এই চাহ খালে মেলেৰিয়াৰ প্ৰকোপ কমে আৰু শৰীৰৰ বলো বৃদ্ধি হয়। ঘৰতে তৈয়াৰ কৰক বেলৰ মোৰাব্বা কি কি লাগিব ডাঙৰ আকাৰৰ কেঁচা বেল ১ কেজি, চেনি ডেৰ কেজি, চূণ ১০০ গ্ৰাম, ছডিয়াম বেঞ্জয়েট চাৰিভাগৰ এক চামুচ। কেনেকৈ তৈয়াৰ কৰিব ভাল ধাৰ থকা কটাৰী বা ছুৰীৰে বেলৰ ওপৰৰ ডাঠ বাকলি খন কাটি গুচাই শাহটো গোল গোল চকল চকলকৈ কাটি লওক। (২) চুলিত মৰা কাঁটাৰে আঠা আৰু গুটিবোৰ এৰুৱাই পেলাওক। (৩) ১ লিটাৰ পানীত ১০০ গ্ৰাম চূণ দি এৰাতি থৈ চূণৰ পৰিষ্কাৰ পানী তৈয়াৰ কৰি লওক। এই পানী নিগৰাই পাত্ৰ এটাত সংগ্ৰহ কৰি তাত আৰু আধা লিটাৰ পানী মিহলাওক। (৪) কাটি লোৱা বেলৰ টুকুৰাবোৰ এই পানীত এৰাতি তিয়াই থওক। (৫) পিছদিনা টুকুৰাবোৰ পানীৰ পৰা উঠাই গৰম পানীত তিনি বাৰ ধুই পানী শুকাবলৈ বহলকৈ ডলা এখনত মেলি দিয়ক। (৬) এইবাৰ উতলা পানীত টুকুৰাবোৰ ভালদৰে সিজাওক। (৭) ডেৰ কেজি চেনিৰ লগত তিনি কাপ পানী দি চেনিৰ ৰস তৈয়াৰ কৰি লওক। এই ৰস উতলাই গেদ পৰিষ্কাৰ কৰি লওক। (৮) এতিয়া সিজাই লোৱা বেলৰ টুকুৰাবোৰ এই ৰসত ঢালি পাঁচ মিনিট উতলাওক। (৯) পাঁচ দিন মানৰ পিছত পুনৰ পাঁচ মিনিট উতলাওক। এনেদৰে দুই-তিনি দিনৰ মূৰে মূৰে এই মিশ্ৰণটো পাঁচ মিনিটকৈ ৮-১০ বাৰ উতলাব। তেতিয়াহে মোৰাব্বা তৈয়াৰ হয়। (১০) ৰস বেছি ডাঠ হৈ পৰিলে নমাই সামান্য অলপ গৰম পানীত ছডিয়াম বেঞ্জয়েট গুলি মিহলাই দিয়ক। (১১) ঠাণ্ডা হ’লে পৰিষ্কাৰ কাঁচৰ জাৰত ঢালি সাঁফৰ মাৰি থৈ দিয়ক। এই মোৰাব্বা সাৱধানে কাঠৰ হেতা ব্যৱহাৰ কৰিহে উঠাব। কেঁচা বেলৰ চৰবৎ কেনেকৈ তৈয়াৰ কৰিব এটা কেঁচা বেল গুটি আৰু আঠা উলিয়াই সিদ্ধ কৰি লওক। ভালদৰে পিটিকি চেকনিৰে চেকি মিহি ডাঠ ৰস খিনি উলিয়াই লওক। আন্দাজ মতে চেনি আৰু পানী দি কণী বা দাইল ফেটা সঁজুলিৰে ফেটি চৰবৎ প্ৰস্তুত কৰি লওক। নেমুৰ ৰস আৰু পছন্দ হ’লে সামান্য ভজা জিৰাৰ গুৰি মিহলাই দিব পাৰে। পকা বেলৰ চৰবৎ এটা ভালদৰে পকা বেলৰ গুটি আৰু আঠা এৰুৱাই লওক। সামান্য পানী দি ভালদৰে খচি বা পিটিকি চেকনিৰে চেকি ৰস বাহিৰ কৰি লওক। সৰু গোল নেমুৰ আকাৰত পকা তেতেলিৰ লাৰু এটা লৈ পানীত গুলি চেকি লওক। চাৰি টেবুল চামুচ টেঙা দৈ, তেতেলিৰ ৰস, পকা বেলৰ ৰস, আধা কাপ চেনি আৰু দুকাপ পানী একেলগে মিহলাই ফেটি লওক। বেছি ডাঠ হ’লে আৰু অলপ পানী দিব। মিঠা কম হ’লে আৰু অলপ চেনি দিব। গিলাচত পৰিবেশন কৰিব খুজিলে সামান্য ভজা জিৰা গুৰি মিহলাব পাৰে। ভৰা পেটত বেলৰ চৰবৎ নাখাব। পেট গধুৰ হৈ অপকাৰ কৰিব পাৰে। মাটি কঠালৰ বিবিধ ঔষধি গুণ মাটিকঠালৰ সমগ্ৰ বিশ্বতে আদৰ আছে। এই ফল খাই বেয়া পোৱা লোক খুব কমেইহে আছে। পকা মাটিকঠাল উত্তাপ নাশক, মূত্ৰ বৃদ্ধিকাৰক, ঘাম সৃষ্টিকাৰক, পাণ্ডু ৰোগ নিৰাময়ক। পকা মাটিকঠালে শ্বাস নলীৰ উত্তেজনা নাশ কৰে। ইনফ্লুয়েঞ্জাৰ পিছত মাঠিকঠাল খালে শৰীৰত বল আৰু পুষ্টি বৃদ্ধি হয় আৰু শৰীৰ সোনকালে সুস্থ হৈ উঠে। আয়ুৰ্বেদৰ মতে পকা মাটিকঠাল ৰুচিকাৰক। ই শ্ৰমৰ ক্লান্তি খুব সোনকালে দূৰ কৰে। বল বৃদ্ধি কৰে, শৰীৰ স্নিগ্ধ কৰে। মল নিষ্কাসন কৰে। বায়ু আৰু পিত্তৰ দোষ নাশ কৰে। পানীলগা বা অত্যধিক গৰমৰ পৰা ৰক্ষা কৰে। মাটিকঠাল আৰু মাটিকঠালৰ পাতে জাৰায়ু সংকোচন কৰে আৰু গৰ্ভস্ৰাৱ ঘটায়। সেয়ে গৰ্ভৱতী মহিলাই মাটিকঠাল খাব নালাগে। মাটিকঠালৰ পাতৰ গুৰিৰ বগা অংশৰ ৰস খুৱালে পায়খানা বন্ধ হয় আৰু কৃমি ধ্বংস হয়। ইউনানী মতে মাটিকঠাল খালে মন প্ৰফুল্ল হয়, হাৰ্ট সবল হয়, বুকুৰ ধৰফৰণি কমে, গাৰ ৰং বগা কৰে। শৰীৰত মাংস বৃদ্ধি হয়। মাটিকঠালৰ ৰসত গোলাপ জল আৰু মিচিৰি মিহলাই ৰাতি মুকলি ছাদত থৈ নিয়ৰ পৰিবলৈ দি পিছদিনা পুৱা সেই ৰস খালে পিত্তজ্বৰ আৰু পাথৰী ৰোগ ভাল হয়। আধুনিক চিকিৎসা মতে পকা মাটিকঠালে তাপ নাশ কৰে, মূত্ৰ বৃদ্ধি কৰে, ঘামৰ পৰিমাণ বঢ়ায়, জণ্ডিচ ৰোগ ভাল কৰে। মাটিকঠালৰ পাতৰ সতেজ ৰস চেনি মিহলাই খালে হেঁকটি অহা বন্ধ হয়। অন্যান্য ৰোগ চিকিৎসাত মাটিকঠাল (১) মাটিকঠালে জুলাপৰ কাম কৰে। মলশুদ্ধি কৰে, খাদ্য হজম কৰায়, বায়ু সবল কৰে। (২) মাটিকঠালে মূত্ৰৰ পৰিমাণ বঢ়ায়, কৃমি নাশ কৰে আৰু শৰীৰৰ উত্তাপ কমায়। (৩) পেটলৈ কেনেবাকৈ চুলি সোমাই গ’লে মাটিকঠাল খালে চুলি শৌচত ওলাই যায়। (৪) উদৰ বৃদ্ধি, প্লীহাবৃদ্ধি, জণ্ডিচ প্ৰভৃতি ৰোগত মাটিকঠাল উপকাৰী। (৫) পকা মাটিকঠালৰ ৰসত মৌ মিহলাই খালে ঘাম ওলায় আৰু জ্বৰ এৰে। (৬) মাটিকঠাল খালে পিত্তদোষ ভাল হয়। (৭) পকা মাটিকঠালৰ টুকুৰাত জালুকৰ গুৰি আৰু সৈন্ধৱ ছটিয়াই খালে অজীৰ্ণ ৰোগ ভাল হয়। (৮) পকা মাটিকঠালৰ টুকুৰাত পিপলিৰ গুৰি ছটিয়াই খালে ডায়েবেটিচ নিয়ন্ত্ৰণ হয়। (৯) মাটিকঠালৰ ৰসত জিৰা, জাইফল, পিপলি, বিট লৱণ মিহলাই খালেও বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ হয়। (১০) ডিপথেৰিয়া ৰোগত মাটিকঠালৰ ৰস খুৱালে অৰাম পোৱা যায়। (১১) একেৰাহে সাতদিন ধৰি মাটিকঠাল সৰু ল’ৰা-ছোৱালীক খুৱালে কৃমি নাশ হয়। (১২) মাটিকঠাল কেতিয়াও খালী পেটত খাব নালাগে। গৰ্ভৱতী নাৰীয়েও মাটিকঠাল খোৱা বেয়া। গৰ্ভপাত হ’ব পাৰে। (১৩) মাটিকঠালৰ চৰবৎ খালে গৰমৰ প্ৰকোপ কমে, হাৰ্ট সবল হয় আৰু চিত্ত প্ৰসন্ন হয়। মাটিকঠালৰ লগত আপেল, সুমথিৰা আৰু পকা কল মিহলাই মিক্স ফ্ৰুট জাম প্ৰস্তুত কৰিব পাৰি। আপেলত যিহেতু প্ৰচুৰ পেকটিন থাকেই, সেয়ে সেই জাম প্ৰস্তুত কৰোতে বেলেগ পেকটিন দিব নালাগে। মিহলি ফলৰ জাম অত্যন্ত সু-স্বাদু আৰু পুষ্টি গুণ সম্পন্ন হয়। কেনেকৈ তৈয়াৰ কৰিব মিক্সড ফ্ৰুট জাম কি কি লাগিব ছটা ডাঙৰ আপেল। টেঙা, সেউজীয়া আপেল হ’লে ভাল (কাৰণ তাত প্ৰচুৰ পেকটিন থাকে), ডাঙৰ আকাৰৰ দুটা জাহাজী কল, এফাল মিঠা পকা মাটিকঠাল, দুটা সুমথিৰা, চেনি ডেৰ কেজি, চেকি লোৱা নেমু টেঙাৰ ৰস চাৰি ডাঙৰ চামুচ, খাদ্যত দিয়া ৰঙা ৰং অকণমান, মাটিকঠালৰ এচেন্স আধা চামুচ। কেনেকৈ বনাব (১) প্ৰথমে বাকলিৰেসৈতে মাটিকঠালটো সমানে দীঘলীয়াকৈ দুডোখৰ কৰি কাটি লৈ চামুচেৰে ৰুকি ৰুকি শাহবোৰ উলিয়াই লওক। ৰস চেপি বাহিৰ কৰি বেলেগে থওক। (২) বাকলিৰে সৈতে আপেল টুকুৰাকৈ কাটি সামান্য পানীত সিজাই ঢাকনিৰ ওপৰত চামুচেৰে হেঁচি শাহ উলিয়াই চেকি লওক। পকা কল দুটাও তেনেদৰে পিটিকি চেকনিৰে চেকি লওক। (৩) আপেলৰ শাহ, মাটিকঠালৰ শাহ আৰু পকা কলৰ শাহ একেলগে ভালদৰে মিহলাই (পাঁচ কাপ হ’ব লাগে) লওক। (৪) পাঁচ কাপ চেনি সেই শাহ খিনিত মিহলাই ষ্টীলৰ বাচনত উতলাওক। (৫) উতলিলে নেমুৰ ৰস ইহলাই পিছত ৰং মিহলাব। (৬) সুমথিৰা টেঙাৰ ফোটাবোৰত ভিতৰৰ শাহবোৰ উলিয়াই মিহলাই উতলিবলৈ দিয়ক। (৭) ঠাণ্ডা পানীত ধোৱা প্লেটত উতলি থকা শাহৰ টোপাল এটা পেলাই ডাঠ হৈছেনে নাই চাওক। (৮) ডাঠ হোৱা যেন দেখিলে তৎক্ষণাত নমাই মাটিকঠালৰ এচেণ্ট মিহলাই ভালদৰে লৰাব। উতলি থকা অৱস্থাতে পৰিষ্কাৰ কাচৰ বটলত ঢালি ঠাণ্ডা হ’বলৈ দিয়ক। ভালদৰে ঠাণ্ডা হ’লে সাঁফৰ মাৰি বন্ধ কৰি থ’ব। লেখক: ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন