প্ৰকৃতিৰ এটা অমূল্য উপহাৰ হ’ল গাজৰ। গাজৰত অনেক ঔষধি গুণ আছে। ভিটামিন এ গাজৰত অধিক পৰিমাণে পোৱা যায়। তদুপৰি ভিটামিন বি, ডি, চি আৰু ই ও ইয়াত পৰ্য্যাপ্ত পৰিমাণে পোৱা যায়। ভিটামিনৰ মাত্ৰা অধিক পৰিমাণে থকাৰ বাবেই কোৱা হয় যে এগিলাচ গাজৰৰ ৰসত এসাজ খাদ্যৰ সমান গুণ থাকে। আপুনি জানেনে বাৰু, গাজৰ কেইপ্ৰকাৰৰ আছে? গাজৰ মূখ্যত: তিনি প্ৰকাৰৰ। ঈষৎ ক’লা বৰণৰ গাজৰ, ৰঙা গাজৰ আৰু হালধীয়া ৰঙৰ গাজৰ। ইয়াৰ ভিতৰত প্ৰথম দূবিধ ভিটামিনৰ পৰিমাণ অধিক থাকে। নিয়মিতভাৱে গাজৰ খালে ৰূপ, ৰং আৰু যৌৱনলৈ সতেজতা আহে। মহিলাসকলৰ মুখ-মণ্ডলত এটা উজ্জ্বল ভাব আহে। তদুপৰি শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব পাৰি। এনিমিয়া ৰোগীসকলৰ বাবে গাজৰৰ ৰসে অমৃতৰ দৰে কাম কৰে। শৰীৰত তেজৰ পৰিমাণ বাঢ়ে। গাজৰৰে আচাৰ আৰু মুৰব্বা বনোৱা হয়। গৰমৰ দিনত গাজৰৰ মুৰব্বা খালে দেহৰ ক্লান্তি দূৰ হয়। বুকু জলা-পোৰা কৰিলে গাজৰ খাব। গাজৰে তেজ পৰিষ্কাৰ কৰাৰ উপৰিও শৌচ পৰিষ্কাৰ কৰে। গাজৰৰ ৰস মৌৰ লগত মিহলাই চকুত লগালে চকুৰ দৃষ্টি বাঢ়ে। যিসকলৰ দিনটোত একাধিকবাৰ শৌচ কৰাৰ অভ্যাস বা বেমাৰ আছে, তেওঁলোকৰ বাবেও গাজৰ গাজৰ উত্তম খাদ্য। ভোক নলগাসকলৰ কাৰণেও গাজৰে উত্তম কাম দিয়ে। লিভাৰ শক্তিশালী কৰিবলৈ হ’লেও নিয়মিতভাৱে গাজৰ খাওক। পেটত বায়ু জমা হ’লে ৫০ গ্ৰাম গাজৰৰ ৰসত অলপ ক’লা নিমখ মিহলাই খাব। কেঁচা গাজৰ ভালদৰে ধুই নিমখৰ সৈতে খালে পেটৰ কৃমি মৰে। চকুৰে কম দেখা পালে গাজৰ আৰু পালেঙৰ ‘জুচ’ একেলগে মিহলাই খালে শুভফল দিয়ে। গাজৰৰ চাটনিয়েও লাভদায়ক ফল দিয়ে। মুখত ব্ৰণৰ সমস্যা থাকিলে গাজৰৰ ৰস খোৱাৰ উপৰিও এটুকুৰা কপাহ গাজৰৰ ৰসত জুবুৰিয়াই ব্ৰণত লগালে ভাল ফল পাব। বাত বিষতো গাজৰে উত্তম কাম কৰে। যিসকল শিশুৱে গাখীৰ খাবলৈ অনিচ্ছা কৰে, তেওঁলোকক পিহি লোৱা গাজৰ বা গাজৰৰ ৰস খুৱাব। কিছুমান মহিলাৰ স্তনত গাখীৰৰ মাত্ৰা যথেষ্ট পৰিমাণে কমি আহে, তেনে ক্ষেত্ৰত যিমান পাৰে গাজৰ খাব লাগে। মুখৰ দুৰ্গন্ধ থকাসকলে নিয়মিত ৰূপত গাজৰ খাওক। আপোনাৰ শিশুটিৰ যেতিয়া এটা-দুটাকৈ দাঁত ওলাবলৈ ধৰিব, তেতিয়া তাক সৰু চামুচেৰে গাজৰৰ ৰস খুৱাব। এই ৰসৰ প্ৰভাৱত নতুন দাঁত ওলোৱাত সহায় হয়। তদুপৰি, শিশুটিৰ দেহত কেলচিয়ামৰ মাত্ৰা বঢ়োৱাত, শিশুটিৰ ঘনাই পায়খানা হোৱা, জ্বৰ উঠা আৰু দুৰ্বলতা দূৰ কৰিব। স্মৃতি শক্তি বঢ়োৱাত গাজৰৰ চ্যুপ লাভদায়ক। পুৱাতে ৪/৫ টামান গাজৰ খালে অনিদ্ৰা ৰোগ ভাল হয়। ডায়েবেটিছত আক্ৰান্তসকলে একাপ গাজৰৰ ৰসত দুচামুচ পিঁয়াজ আৰু দুচামুচ তিতা কেৰেলাৰ ৰস মিহলাই পান কৰিলে যথেষ্ট সুফল পাব। লেখিকা: পূবালী মহন্ত, নন্দিনী।