বিশ্ব স্বাস্থ্য সংস্থাই নানা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে প্ৰাপ্তবয়স্ক লোক এজনে দিনে কিমান পৰিমাণৰ ফল-মূল তথা শাক-পাচলি গ্ৰহণ কৰি সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰে তাৰ হিচাপ ঠাৱৰ কৰিছে। প্ৰাপ্ত তথ্য মতে, অধিকাংশ লোকে শৰীৰৰ সুস্থতাৰ বাবে আৱশ্যক হোৱা পৰিমাণতকৈ আধাহে ফল-মূল তথা শাক-পাচলি নিতৌ গ্ৰহণ কৰি আছে। গৱেষণাই এইটোকে প্ৰতিপন্ন কৰিছে যে খাদ্য হিচাপে ফল তথা শাক-পাচলি গ্ৰহণ কৰাৰ ক্ষেত্ৰত মানুহৰ আগ্ৰহৰ ব্যতিক্ৰম ঘটিছে, কিয়নো সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে পৰ্যাপ্ত পৰিমাণে বতৰৰ ফ্ল-মূল গ্ৰহণ কৰিব লাগে বুলি সদাপ্ৰচলিত ধাৰণাৰ প্ৰতি মানুহৰ অনুৰাগ লাঘৱ হৈছে। আমাৰ দেশক সামৰি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে খোৱা খাদ্যৰ ওপৰত চলোৱা গৱেষণাই সদৰি কৰা মতে অধিক সংখ্যক প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে দুশ গ্ৰামতকৈ কম পৰিমাণৰ ফল-মূল তথা শাক-পাচলি ভক্ষণ কৰে, অথচ সুস্বাস্থ্যৰ বাবে এই পৰিমাণ দুগুণ হ’ব লাগে। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন অনুসৰি সুস্বাস্থ্য ৰক্ষাৰ হকে প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে অন্ততঃ চাৰিশ গ্ৰাম শাক-পাচলি তথা ফল-মূল ভক্ষণ কৰাটো অপৰিহাৰ্য। আমাৰ দেহ অসংখ্য কোষেৰে গঠিত, যিবোৰৰ বৃদ্ধি তথা বিকাশ সঠিকভাৱে হ’লেহে শৰীৰৰ শ্ৰীবৃদ্ধি সাধন হয় আৰু সুস্থতা ৰক্ষা কৰিব পাৰি। কোষৰ সুষম বৃদ্ধিৰ বাবে ইলাজিক অম্লৰ অৰিহণা অপৰিহাৰ্য যি অম্ল ফল-মূল, শাক-পাচলি আদিত উভৈনদী। বহুল জনসংখ্যাৰ দেশ চীন তথা ভাৰতবৰ্ষ সমন্বিতে এছিয়া মহাদেশৰ প্ৰাপ্তবয়স্ক লোকসকলে উপযুক্ত পৰিমাণে ফলমূল নেখায় বাবে ইলাজিক অম্লৰ নাটনিত ভোগে। শৰীৰক নিৰোগ কৰি ৰাখি শ্ৰীবৃদ্ধি সাধন কৰিবলৈ কেতবোৰ জৈৱ যৌগ তথা উদ্ভিদক পুষ্টি অপৰিহাৰ্য। এইবোৰ ফল-মূল, শাক-পাচলিক উভৈনদী, অথচ খাদ্য হিচাপে এইবোৰ গ্ৰহণ নকৰা লোকসকলে এনে পুষ্টি তথা যৌগৰ অভাৱত সমস্যাত ভোগে। শাক-পাচলি, ফল-মূল, প্ৰচুৰ পৰিমাণে খাদ্য হিচাপে গ্ৰহণ কৰা লোকৰ শৰীৰত উদ্ভিদজ পুষ্টি দ্ৰব্য বৃদ্ধি পায় আৰু তেওঁলোকৰ চকু, হাড়, কলিজা সক্ষম হৈ থাকে। ইয়াৰ পৰা এইটো জল জল পট পট যে উদ্ভিদজ পুষ্টি দ্ৰব্যৰ দেহাত অভাৱ হ’লে হাড়, চকু, কলিজা আদিৰ গঠন বাধাপ্ৰাপ্ত হয়, যি বিকলতা সমূলঞ্চে আঁতৰ কৰিব পাৰে ফল-মূল, শাক-পাচলিৰ পৰ্যাপ্ত ভক্ষণেহে। গৱেষকসকলৰ মতে উদ্ভিদজ পুষ্টি দ্ৰব্যবোৰে কলিজাকে ধৰি বিভিন্ন অংগৰ সুষম গঠনত অৰিহণা যোগোৱাৰ জৰিয়তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুলাংশে মজবুত কৰি মগজুৰ কাৰ্যব্যৱস্থা কেইবাগুণে বৃদ্ধি কৰে। জাৰণ ক্ৰিয়াৰ ফলত শৰীৰৰ ক্ষয় সাধন হয়, অথচ ফলমূলত থকা উদ্ভিদজ পুষ্টি দ্ৰব্যবোৰে প্ৰতিজাৰকৰ কাৰ্য সম্পাদন কৰি শৰীৰৰ ক্ষয় ৰোধ কৰিবলৈ সক্ষম হয়। সমগ্ৰ পৃথিৱীতে ফলমূল তথা শাক-পাচলি ভক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত পৰিমাণতকৈ কম পৰিমাণে শাক-পাচলি, ফল-মূল গ্ৰহণ কৰা লোকৰ সুস্বাস্থ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। ব্যস্ত জীৱন, খৰচ, বতৰ তথা ভৌগোলিক অঞ্চল অনুসৰি প্ৰাচুৰ্য, খাদ্যৰ উৎস হিচাপে ফল তথা শাক-পাচলিৰ খাদ্য-মূল্যৰ ধাৰণা আদি সকলো কাৰকে মানুহৰ এইবোৰ খাদ্য গ্ৰহণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এইবোৰ প্ৰচুৰ পৰিমাণে খাদ্য তালিকাত সন্নিবিষ্ট নহ’লে শৰীৰত উদ্ভিদজ পুষ্টিদ্ৰব্যৰ নাটনি ঘটে, যি পৰিপ্ৰেক্ষিতত সুস্বাস্থ্য বৰ্তাই ৰখাটো অতিশয় কঠিন হৈ পৰে আৰু নানা ধৰণৰ ৰোগে দেহ আক্ৰান্ত কৰে। লিখকঃ আনন্দ দেৱগোস্বামী