অসমত উপলব্ধ এবিধ জুতি লগা ফল হৈছে ৰবাব টেঙা। আকাৰ আৰু আকৃতিৰ বৈশিষ্ট্যই ফলবিধৰ এনে ৰূপত প্ৰকাশিত হোৱাত অৱদান আগবঢ়াইছে বুলিব পাৰি।

আকৃতিত গোলাকাৰ আৰু আকাৰতো ই যথেষ্ট ডাঙৰ।

আকাৰত হয়তো নেমুজাতীয় ফলবোৰৰ ভিতৰত এইবিধ ফলেই সৰ্বাধিক ডাঙৰ হ’ব। সেয়েহে অসমৰ ঠাই বিশেষ ইয়াক বৰটেঙা নামেৰেও জনা যায়।

বিশেষকৈ উজনি অসমৰ চাৰিখন জিলা-

*লখিমপুৰ,

*ধেমাজি,

*শোণিতপুৰ আৰু

*মাজুলীত ইয়াক এই নামেৰে বেছিকৈ জনা যায়।

সেয়েহে ল’ৰালিত আমিও ‘ৰবাব টেঙা’ৰ সলনি ‘বৰটেঙা’ৰ বল খেলাহে মনত পৰে।

সেয়া বাৰু বাদ, ইয়াৰ ৰবাব নামটো কেনেকৈ আহিল সি এক বিচাৰ্যৰ বিষয়।

অসমীয়াত ‘ৰবাব’ শব্দ অপ্ৰচলিত, আনকি ইংৰাজীতো।

ধাৰণা হয়- ইংৰাজীৰ ৰব(rob) শব্দৰ পৰা এই নাম আহিব পাৰে। কাৰণ ৰব শব্দই চেনি মিহলোৱা ফলৰ ৰসক সূচায়।

আৰু বাস্তৱত দেখা যায় যে সম্পূৰ্ণভাৱে পূৰঠ হৈ পকা এইবিধ টেঙাৰ স্বাদো তেনেধৰণৰে পোৱা যায়।

যি কি নহওক, ইয়াৰ একোটা টেঙাৰ ব্যাস ১৫-২০ চেন্টিমিটাৰ হয় বুলি উল্লেখ পোৱা যায়।

ইয়াৰ গছ মজলীয়া ধৰণৰ ওখ আৰু গছত কাঁইট থাকে।

ফলৰ ৰং কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া হয়। ফলৰ উপৰিভাগ সাধাৰণতে খহটা।

এইবিধ ফলৰ বাকলিৰ তলত কিছু বাদু আৰু তাৰ তলৰফালে ডাঙৰ ডাঙৰ ফোটাবোৰ থাকে। এই ফোটা(ফোট?)ৰ ভিতৰতে ৰসাল জিমবোৰ থাকে।

জিমৰ স্বাদ অৱশ্যে প্ৰজাতিভেদে কিছু পাৰ্থক্য থাকে।

ইংৰাজীত এই ফলবিধক Pomelo/Shaddock আদি নামেৰে আৰু বৈজ্ঞানিক নাম Citrus maxima/Citrus grandi আদি নামেৰে জনা যায়।

প্ৰণিধানযোগ্য ইয়াৰ প্ৰথম নামৰ ‘Maxima’ শব্দটোৱেই ফলবিধৰ আকাৰ যে ডাঙৰ তাৰ ইংগিত বহন কৰে।

এইবিধ ফলৰ গছত চ’ত মাহত বগা ফুল ওলায় আৰু আহিনৰ পাছত ফল পূৰঠ হ’ব পাৰে।

বাস্তৱত দেখা যায় যে আহিন-কাতিৰ পৰাই মানুহে ইয়াৰ ফল খোৱা আৰম্ভ কৰে। কিন্তু ইয়াৰ আচল স্বাদ পোৱা যায় আঘোণ-পুহ মাহতহে।

ইয়াৰ ফোটা মানুহে সাধাৰণভাৱে খোৱাৰ উপৰি সকাম-নিকামত প্ৰসাদৰ লগত ফলাহাৰ হিচাপেও দিয়ে।

উল্লেখ্য, এইবিধ ফল অসমৰ মহিলাসকলৰ অতি প্ৰিয়।

বিশেষকৈ গাঁৱৰ মহিলাসকলৰ বাবে যে ই বেছি প্ৰিয়। গাঁৱত অলপমান মন কৰিলেই হয়।

আজিকালি কম হৈছে যদিও কিন্তু আজিৰ পৰা চাৰি-পাঁচ দশকমানৰ আগেয়ে দেখিবলৈ পোৱা গৈছিল ঘৰৰ ওচৰ-চুবুৰীয়া তিনি-চাৰিগৰাকী মহিলা গোট খাই আবেলিৰ ভাগত বহি ৰবাব টেঙা কাটি নিমখ-জলকীয়া সানি খোৱাৰ দৃশ্য।

ৰবাব টেঙা যে এবিধ সুমিষ্ট ৰসাল ফল, ইয়াক দোহৰাৰ প্ৰয়োজন নাই।

এই ৰস অৱশ্যে যথেষ্ট পুষ্টিকাৰকো।

ইয়াৰ ১০০ গ্ৰাম ৰসত পোৱা পুষ্টি উপাদানবোৰ এনে-

*কাৰ্ব’হাইড্ৰেট- ১০ গ্ৰাম,

*প্ৰ’টিন- ০.৮ গ্ৰাম,

*ফাইবাৰ- ১ গ্ৰাম,

*ছডিয়াম- ১ মিঃগ্ৰাম,

*পটাছিয়াম- ২১৬ মিঃগ্ৰাম,

*ভিটামিন-বি১- ৬১ মিঃগ্ৰাম,

*বি৬- ০.০৩৬ মিঃগ্ৰাম,

*চি- ৭৬ মিঃগ্ৰাম আৰু

*শক্তি- ৩৮ কেল’ৰি।

গতিকে এনে তথ্যই আমাক দেখুৱাই দিয়ে যে ৰবাব টেঙা সঁচাই এবিধ পুষ্টিদায়ক ফল।

সেয়ে ইয়াত থকা ৰসে দেহক পুষ্টি যোগোৱাৰ উপৰি পিয়াহ গুচোৱাত অৰিহণা যোগাই মনক তুষ্ট কৰিব পাৰে।

ইয়াৰ ৰসৰ ঔষধি গুণ থকাৰ বিষয়েও উল্লেখ পোৱা যায়। ই পানীলগা প্ৰশমিত কৰাৰ বাহিৰেও কাহ নিবাৰণ কৰে।

মৃগী ৰোগীৰ বাবে ইয়াক অতি উপকাৰী বুলি কোৱা হয়। ই শৰীৰত তেজ বৃদ্ধিকাৰকৰ ভূমিকা পালন কৰে।

তদুপৰি, গ্ৰহণী ৰোগৰ বিৰুদ্ধে যথেষ্ট পৰিমাণে প্ৰতিৰোধীৰ ভূমিকা পালন কৰে বুলিও তথ্য পোৱা যায়।

সেয়েহে ৰবাব টেঙা খোৱাত আমি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলিব পাৰি।

লেখক: অৰ্পণ দত্ত(নিয়মীয়া বাৰ্তা)