টেঙা মিঠা সোৱাদেৰে সমৃদ্ধ লেটেকু বা বাৰ্মিজ গ্ৰেপ ফল বিধ সাধাৰণতে দক্ষিণ এছিয়াৰ দেশবোৰত বহুলভাৱে পোৱা যায়। হালধীয়া, সৰু ও গোলাকাৰ এই ফলবিধ সুস্বাদু হোৱাৰ লগতে, পুষ্টি আৰু ঔষধি গুণেৰেও পৰিপূৰ্ণ।

আহকচোন তেনে আজি জানি থওঁ ফলবিধৰ নানান পুষ্টি গুণ আৰু উপকাৰিতাৰ বিষয়ে :-

১)লেটেকুত প্ৰচুৰ পৰিমাণে vitamin C পোৱা যায়। বৰ্তমান সময়ত লেটেকুৰ চিজন আৰু এনে সময়ত দৈনিক যদি দুই তিনিটা লেটেকু খাব পৰা যায় তেনে মানৱ দেহত vitamin C ৰ চাহিদা ই পূৰণ কৰে।

২)লেটেকুত পোৱা যায় প্ৰচুৰ পৰিমাণে চৰ্বি, আমিষ, লোহ তথা খনিজ পদাৰ্থ।

৩)লেটেকুৰ ভিতৰত ৰৈছে দেহৰ সুস্বাস্থ্যৰ হকে কাৰ্য্য কৰা তথা মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা এনজাইম ও এমাইন এচিড দৰে উপাদান।

৪)লেটেকুৱে মুখৰ ৰুচি বঢ়াই, বমি বমি ভাৱ দূৰ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে।

৫)vitamin C ৰ উপৰিও লেটেকুত পোৱা যায় Vitamin B1 আৰু Vitamin B২।

৬)এই ফলৰ গুটি গনোড়িয়া ৰোগৰ ঔষধ তৈয়াৰী ত ব্যৱহৃত হয়।

৭)প্ৰতি ১০০ গ্ৰাম লেটেকুত খাদ্যশক্তি থাকে প্ৰায় ৯২ কিল কেলৰি।

সেয়েহে প্ৰকৃতিয়ে দিয়া চিজনৰ ফল, চিজনতে উপভোগ কৰক আৰু স্বাস্থ্য অটুট ৰাখক।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ