বেঙেনা বা অমিতাৰ লগত মানিমুনিৰ পাত দি আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়। মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় পুৱা খালে জ্বৰ ভাল হয়। সামান্য পৰিমাণৰ আম গছৰ ছাল, আনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই পথ্য অধিক কাৰ্যকৰী। আধা লিটাৰ গাখীৰত ২৫০ গ্ৰাম মিছিৰি আৰু ১৭৫ গ্ৰাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই প্ৰতিদিনে পুৱা এসপ্তাহলৈ খালে গেষ্ট্ৰিক ভাল হয়। সদায় পুৱা খালী পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়। যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেই ক্ষেত্ৰত এচামুচকৈ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সতে কিছুদিন খুৱালে সমস্যা দূৰ হয়। মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়। সদায় পুৱা মানিমুনিৰ ৰস এচামুচ ৫/৬ টোপাল হালধিৰ ৰসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়। লিখক: অঞ্জন শৰ্মা( দৈনিক অগ্ৰদূতৰ ‘স্বাস্থ্য বাৰ্তা’ৰ পৰা সংগৃহিত)।