এই খাদ্যদ্ৰব্যবোৰ মাংসতকৈও বেছি শক্তিদায়ক। যদি আপুনি এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰে, তেনেহ’লে দেখিব আপোনাৰ শৰীৰ শক্তিশালী হৈ উঠিব। মাত্ৰ আপুনি এইবিধ দ্ৰব্য খোৱাৰ উপায় আৰু প্ৰস্তুতকৰণৰ নিয়মবোৰ জানিব লাগিব।

কি এইবিধ খাদ্য?

এইবিধ খাদ্য দ্ৰব্যক চয়াবিনৰ গোট টুকুৰা বুলি কোৱা হয়। এইবিধ খাদ্যৰ টুকুৰাত ৬০ শতাংশ পৰ্যন্ত প্ৰোটিন পোৱা যায়।

লগতে ইয়াত ১২ শতাংশলৈ কেলচিয়াম আৰু আন কেতবোৰ পুষ্টি তত্ত্ব থাকে। এই আটাইবিলাক উপাদানেই মানুহৰ শৰীৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ।

এই টুকুৰাবিলাকত থকা প্ৰোটিন হজম কৰাটো আপোনাৰ পাচন যন্ত্ৰৰ বাবে এক সহজ কাম আৰু এই প্ৰোটিন সহজতে হজম হয়।

শৰীৰে অতি কম সময়তে এই প্ৰোটিন শুহি ল’ব পাৰে। আপুনি যদি এইবিধ খাদ্য মাত্ৰ ৩০ দিন ধৰি একেৰাহে খাই থাকে, তেনেহ’লে আপোনাৰ শৰীৰৰ সকলো ধৰণৰ দুৰ্বলতা শেষ হ’ব আৰু আপোনাৰ শৰীৰ শক্তিশালী হৈ উঠিব।

কেনেকৈ খাব এই খাদ্য:

ৰাতি শুবলৈ যোৱাৰ আগতে এমুঠি চয়াবিনৰ টুকুৰা লৈ ভালদৰে পানীৰে ধুই পিছত ভাল পৰিষ্কাৰ পানীত তিয়াই থওক।

পুৱা এই তিওৱা চয়াবিনৰ টুকুৰাবোৰ পানীৰ পৰা পৰা উঠাই আনি সামান্য পৰিমাণে তেল দি ভাজি পিছত প্ৰয়োজন অনুপাতে নিমখ, হালধি দি অলপ পানী দি থুপথুপীয়াকৈ কিছুসময় ৰান্ধি নমাই থওক।

এই তৰকাৰী আপুনি পুৱা ব্ৰেড বা ৰুটিৰ আহাৰৰ লগতো খাব পাৰে। এই তৰকাৰী খোৱাৰ পিছত আধাঘন্টালৈ অন্য কোনো আহাৰ নেখাব।

এনেদৰে তেনেই সহজভাৱে প্ৰস্তুত কৰি চয়াবিন খাই থাকিলে এমাহৰ পিছত আপোনাৰ শৰীৰত হোৱা পৰিৱৰ্তনবোৰ চকুত লগা হৈ পৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন