বেলৰ কেঁচা ফল খালে শোথ ৰোগ আৰোগ্য হয়। হৃদযন্ত্ৰৰ দুৰ্বলতা দূৰ হয়। মধুমেহ ৰোগীয়ে বেল ফল খালে তেজৰ বৰ্ধিত শৰ্কৰা কমে। বেল অতিসাৰ ৰোগৰো মহৌষধ। ই যিকোনো ধৰণৰ ৰক্তস্ৰাৱ ৰোধ কৰে। গৰ্ভাশয় শক্তিশালী কৰে, জ্বৰ কমায় আৰু বদহজম হ্ৰাস কৰি ভোক লগায়। বেল ফল খালে পাচন ক্ৰিয়া দ্ৰুত হয়। কোষ্ঠবদ্ধতা বা কোষ্ঠকাঠিন্য ৰোগত বেল ফল অতি উত্তম ঔষধ। বেল ফল জুইত পুৰি বা পানীত সিজাই ভিতৰৰ সাহখিনি নিয়মীয়াকৈ খালে কোষ্ঠবদ্ধতা সোনকালে নিৰাময় হয়। পকা বেল ফল পুষ্টি গুণেৰে ভৰা। আমবাত আৰু কফ বিকৃতিৰ বাবে বেল অতুলনীয় ঔষধ। কফযুক্য কাহত পকা বেল ফল খালে উপকাৰ পোৱা যায়। কফ, যকৃতৰ বিকৃতি নিমূল কৰি হৃদশক্তি বৃদ্ধি কৰে পকা বেলে। বেল ফলৰ মোৰাব্বা শাওঁ-অতিসাৰ আদি ৰোগৰ প্ৰমাণী ঔষধ। বেলৰ চৰ্বতো যিকোনো আন্ত্ৰিক ৰোগৰ বাবে উপকাৰী। বেলৰ পাতৰ ৰস সেৱন কৰিলে কফ, বাতবিষ আৰু বিভিন্ন প্ৰকাৰৰ শূল ৰোগ নষ্ট কৰে। বেলৰ ফুল অতিসাৰ আৰু বমি আদি বিসংগতিৰ উত্তম ঔষধ। সন্ধিবাত বা গাঁঠিৰ বিষ হ’লে বেলৰ গুটিৰ পৰা উলিওৱা তেলেৰে মালিচ কৰিলে উপকাৰ পোৱা যায়। বেলৰ ৰাসায়নিক উপাদান বেলৰ পাত, শিপা আৰু ফলত ভালেকেইবিধ উপকাৰী ৰাসায়নিক উপাদান থাকে। বিশেষকৈ বেল ফলত এনে ধৰণৰ উপকাৰী ৰাসায়নিক দ্ৰব্য বেছিকৈ থাকে। বেল ফলৰ ১০০ গ্ৰাম শাহত ৭.৬ গ্ৰাম ভিটামিন চি থাকে। বেলত ৮৪ শতাংশ পানী থাকে বাবে বেল ফল খালে সহজতে তৃষ্ণা নিবাৰণ হয়। বেল ফলত ভিটামিন বি, বি-৬ আৰু ভিটামিন ই যথেষ্ট পৰিমাণে পোৱা যায়। বেলত থকা ফচফৰাচ, কেলচিয়াম আৰু লৌহ পদাৰ্থই মস্তিস্ক আৰু স্নায়ুক যথেষ্ট শক্তি প্ৰদান কৰে। বিভিন্ন ৰোগৰ বেলৰ প্ৰয়োগ বেলৰ পাত আৰু জালুক একেলগে মিহলাই মিহিকৈ বটি মটৰ মাহৰ সমান সৰু সৰু বড়ি বনাই দিনে চাৰিটাকৈ খালে মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা হ্ৰাস পায়। বেলৰ পকা ফলৰ চৰ্বত খালে গ্ৰহণী, তেজ গ্ৰহণী আৰু শাঁও পৰা গ্ৰহণী ভাল হয়। শাঁও পৰিলে কেঁচা বেল ফলৰ শাহ শুকানকৈ কেৰাহীত ভাজি খালে ৰোগ ভাল হয়। বেছিকৈ বমি হৈ থাকিলে বেল ফলৰ শাহ পানীত উতলাই ক্কাথ বনাই, চেকি লৈ ৰোগীক খুৱালে বমি বন্ধ হয়। বেলৰ কোমল পাতৰ ৰস উলিয়াই তাত জালুকৰ গুৰি আৰু সৈন্ধৱ লৱণ মিহলাই খুৱালে অজীৰ্ণ ৰোগ নষ্ট হয়। ৰোগীক প্ৰতিদিনে দুই-তিনিবাৰ এই মিশ্ৰণ খুৱাব লাগে। প্ৰতিদিনে বেলৰ ৫০ গ্ৰাম মোৰব্বা খালে পেটত গেছ হোৱা আৰু পেট গৰম হোৱা ৰোগ ভাল হয়। জুই বা গৰম বস্তুৱে পুৰিলে বেলৰ পাতৰ ৰস ঘনাই লগালে পোৰণিৰ তীব্ৰতা হ্ৰাস পায়। বেলৰ পাতৰ ৰস, সম পৰিমাণৰ নেমুৰ ৰস আৰু মিচিৰি মিহলাই খুৱালে বমি বন্ধ হয়। এই মিশ্ৰণ খুৱালে ডায়েৰিয়া ৰোগো নিয়ন্ত্ৰণ হয়। ডায়েৰিয়া প্ৰতিৰোধ কৰিবলৈকো এই মিশ্ৰণ খুৱাই থাকিব লাগে। বেলৰ ২০ গ্ৰাম শাহৰ লগত সম পৰিমাণৰ গুড় মিহলাই খালে গ্ৰহণী আৰু তেজ গ্ৰহণী ভাল হয়। বেলৰ শাহ, চাউল ধোৱা পানীৰ লগত বটি খুৱালে গৰ্ভাৱস্থাত হোৱা বমি বন্ধ হয়। বেল গছৰ শিপা খহতা শিলত ঘঁহি তাৰ গুৰিৱে কপালত প্ৰলেপ দিলে মূৰৰ কামোৰণি ভাল হয়। প্ৰতিদিনে এটাকৈ বেল ফল খালে পাচন তন্ত্ৰ শক্তিশালী হয় আৰু ভোক বৃদ্ধি পায়। বেল ফলত থকা আঁহৰ বাবে কোষ্ঠবদ্ধতা দূৰ হৈ পেট পৰিষ্কাৰ হয়। অম্লপিত্ত ৰোগ হ’লে বেলৰ কোমল পাত পানীৰ লগত বটি তাত মিচিৰি মিহলাই দিনে দুই তিনিবাৰ খুৱালে অম্লতা নিবাৰণ হয় আৰু পিত্তদোষ নাইকিয়া হয়। বেলৰ পাত পিহি কপালত ভৰণ দিলে সন্নিপাত জ্বৰত প্ৰলাপ বকা ৰোগীবোৰ জ্বৰ কমে। হৃদশূল বা এঞ্জাইনা বিষ হ’লে বেল পাতৰ ৰস খাব লাগে। বেল পাত পিহি ৭-৮ গ্ৰাম ৰস উলিয়াই গৰুৰ ঘিউ মিহলাই পুৱা-গধূলি খালে এঞ্জাইনা বিষ নিৰাময় হয়। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে বেল পাতৰ লগত জিৰা আৰু মিচিৰি মিহলাই পিহি খুৱালে দুদিনৰ ভিতৰতে আৰোগ্য হয়। জণ্ডিচ ৰোগত বেল পাতৰ ৰসৰ লগত জালুক মিহলাই গুৰি কৰি কিছুদিন খুৱালে ৰোগ আৰোগ্য হয়। অৰ্শ ৰোগৰ বাবেও এই মিশ্ৰণ উপকাৰী। বেলৰ শিপা পানীৰ লগত পিহি গুৰি কৰি সৰ্পদংশন হোৱা অংশত লগালে বিষ নাইকিয়া হয়। বেলৰ শাহৰ লগত গাখীৰ মিহলাই খালে দাঁতৰ পৰা তেজ পৰা বন্ধ হয়। লিখক: হৃষিকেশ শ্ৰীবাস্তৱ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।