ব’হাগ জেঠত মহানিম খাবা মেলেৰিয়াৰ পৰা পৰিত্ৰাণ পাবা। সেয়েহে হয়তো বহাগ-জেঠ মাহত প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে মহানিম পাতৰ আঞ্জা খায়। আয়ুৰ্বেদ শাস্ত্ৰত মহানিমক বিভিন্ন দ্ৰব্যগুণেৰে পৰিপূৰ্ণ বুলি কৈছে। নিমগছ ভাৰতবৰ্ষ, নেপাল, পাকিস্তান, ব্ৰহ্মদেশ, মালয়ত যথেষ্ট পোৱা যায়। ই এবিধ প্ৰসিদ্ধ গছ। শাস্ত্ৰত ইয়াৰ নাম- নিম্ব, গিচু্ৰ্মদ্দ, তিক্তক, অৰিষ্ট ইত্যাদি। ভাৰতীয় সংস্কৃতিত নিম গছক বৰ পৱিত্ৰ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰি মহাৰাজ অশোকৰ ৰাজত্বকালতো নিৰ্মল বায়ু আৰু বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে নিমগছ ৰাস্তাৰ দাঁতিত ৰুই দিছিল। মোগল সম্ৰাটসকলেও নিমগছ ৰোৱাই দিয়াৰ কথা জনা যায়। সম্প্ৰতি দাক্ষিণাত্যৰ সকলো অঞ্চলতে নিমগছ ৰোৱাৰ ব্যৱস্থা কৰিছে। মহানিমৰ ঔষধি গুণ চ’ত, বহাগ, জেঠ, আহাৰত মহানিমৰ কোমল পাত ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগ নাশ হয়। নিমপাতৰ আঞ্জা মধুমেহ ৰোগীৰ বাবে অতি উত্তম। মহানিমৰ পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কোৱা হয়। নিমপাত সৰু মাছেৰে থপথপীয়াকৈ ৰান্ধি খালে বৰ ভাল লাগে। ই বৰ ৰুচিকাৰক। ভোক লগায়। বহাগ বিহুত নিমপাত বটি খালে বছৰটোৰ বাবে মানুহৰ খৰ-খজুৱতি ৰোগ নহয় আৰু সৰ্পভয় নাথাকে বুলি কয়। নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। বহুতো চিকিত্সকৰ মতে, নিমৰ কোমল পাতৰ গুড়ি ৫ গ্ৰাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্ৰতিৰোধ হয় বুলি কয়। জণ্ডিছ আৰু বহুমূত্ৰ ৰোগত নিমপাতৰ ৰস খালে বা নিমপাতৰ আঞ্জা খালে সুফল পোৱা যায়। মহানিমৰ পাত সিজাই চেঁচা হলে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়। চুলিবোৰ ভাল হয়। মূৰৰ ছালৰ ৰোগ নিৰাময় হয়। সকলো প্ৰকাৰৰ খৰ-খজুৱতি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। তদুপৰি নিমতেল গাত ঘঁহিলেও বা ভৰি-হাতত ভালদৰে ঘঁহিলে গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়। মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়। সকলো প্ৰকাৰৰ জ্বৰ, কাহ, কফ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিম পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত। তেজ বমি হ’লে বা এনেয়ে বদহজম হৈ বমি হ’লে মহানিমৰ পাতৰ ৰস খালে বন্ধ হয়। যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ’লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায় বুলি কোৱা হয়। চকুৰ চানি পৰা ৰোগ হ’লে মহানিমৰ পাতৰ ৰস গৰুৰ গাখীৰৰ লগত মিহলাই খালেও সুফল পাব পাৰি বুলি কোৱা হয়। বাতৰক্ত কুষ্ঠ ৰোগত নিমপাত কেঁচা হালধি বটি প্ৰলেপ দিলেও সুফল পোৱা যায়। নিমৰ গুটি বা পাত চূৰ্ণ কৰি খালে কৃমি, বাত, অৰ্শ, কুষ্ঠ বাতৰক্ত আৰু প্ৰমেহ ৰোগ নিৰাময় কৰিব পাৰে। নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, পায়ৰিয়া আদি নহয়। দাঁত উজ্জল আৰু ভাল হয়। দাঁতৰ সৌন্দৰ্য্য বাঢ়ে। মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়। লেখকঃ ধনেশ্বৰ হুজুৰী, অসম বাণী।