পিয়াজ আৰু ইয়াৰ বনৌষধি গুণ এই পিঁয়াজ ভেট, পদুম ফুলৰ পৰিয়ালৰ পৰা অহা। মুখত দিলেই বেজবেজাই যোৱা পিঁয়াজ হৈছে ভাৰতীয় কৃষি শস্য জগতৰ এবিধ পুৰণি খেতি। সাধাৰণতে ইজিপ্তৰ মানুহে ইয়াক বেছিকৈ ব্যৱহাৰ কৰে। অৱশ্যে আমি ভাৰতীয় মানুহে ইয়াক ব্যঞ্জন হিচাপেহে ব্যৱহাৰ কৰোঁ। এই পিঁয়াজৰ বহুতো গুণ আছে; সেইবোৰ হ'ল: কেঁচা পিঁয়াজ নিয়মীয়াকৈ খালে বহুমূত্ৰ ৰোগ নাশ কাৰক। ই কফ ৰোগত কেতিয়াও আক্ৰান্ত হোৱাত বাধা দিয়ে। এটা পিঁয়াজৰ লগত যদি সম পৰিমাণৰ মৌৰস মিহলাই খোৱা যায় তেন্তে কাহ, কফ আৰু সঘনে পানী লগা বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। দাঁতৰ যিকোনো ৰোগ নহবৰ বাবে পিঁয়াজ যথেষ্ট সহায়ক। দিনে এটাকৈ পিঁয়াজ খাব পাৰিলে মুত্ৰাশয়ৰ যিকোনো ৰোগৰপৰা নিৰাময় লাভ কৰিব পাৰি। পিঁয়াজে আমাৰ দেহত ভিটামিন এৰ যোগান ধৰে। নিয়মীয়াকৈ পিঁয়াজ খালে ব্যক্তিজনক হাৰ্টৰ কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে। উচ্চ ৰক্তচাপ ক্ৰিয়া কৰা ব্যক্তিজনেও পিয়াজ খোৱাটো অতি প্ৰয়োজন। উৎস: https://www.facebook.com/Mahiruh.sss