কৈশোৰ অৱস্থাত সাধাৰণতে ‘জাংক ফুডে’ই বেছি পছন্দ হয়। বিশেষকৈ স্কুল কলেজত ওলাই গ’লে, অথবা ফুৰিবলৈ গ’লেও তোমালোকে প্ৰচুৰ ফাষ্ট ফুড নিশ্চয় খোৱা। ফাষ্ট ফুডত যথেষ্ট ক্ষতিকাৰক উপাদান থাকে। সেয়ে ঘৰত থকা সময়ছোৱাত স্বাস্থ্য, সৌন্দৰ্য আৰু মানসিক বিকাশৰ বাবে যিমান সম্ভৱ ফল-মূল সেউজীয়া পাচলি আৰু বেছিকৈ নভজা বস্তু খাবলৈ যত্ন কৰা। তোমালোকলৈ আগবঢ়োৱা এটা সূত্ৰ ‘পৰিপুষ্টি’: মূৰৰ পৰা ভৰিলৈ”- মগজুৰ বাবে অৰ্থাৎ বুদ্ধি-বৃত্তিৰ বাবে খোৱা কুকি’জ। গৱেষণা অনুসৰি চেনিয়ে মগজুক শক্তিৰ যোগান ধৰে আৰু স্মৃতি বঢ়োৱাত সহায় কৰে। বায়োটিন সমৃদ্ধ ঘেঁহুয়ে চুলিৰ বাবে প্ৰয়োজনীয় উপাদান যোগায়। উজ্জ্বল, স্বাস্থ্যৱান চুলিৰ বাবে ঘেঁহুৰে তৈয়াৰী খাদ্য খোৱা। ভিটামিন এ সমৃদ্ধ মিঠা আলু চকুৰ বাবে বিশেষকৈ ৰাতি দেখাত অসুবিধা পোৱা ব্যক্তিৰ বাবে উপকাৰী। ছাল যদি নিমজ কৰিব বিছাৰিচা, ৰঙলাও খোৱা। তদুপৰি ৰঙা লাওত থকা উপাদানে ছালৰ কেন্সাৰ প্ৰতিৰোধ কৰে। হৃদপিণ্ডত সঠিক ৰক্ত সঞ্চালনত ভাৰসাম্যতা বজাই ৰাখে টফুৱে। টফুৱে ব্লাড প্ৰেচাৰৰ সম্ভাৱনা কমায়। সপ্তাহত অন্তত: তিনিদিন বিলাহী খালে হাওঁফাওঁত হ’ব পৰা বহুতো ৰোগৰ পৰা ৰেহাই পাব পাৰি। গাজৰত থকা পটাচিয়াম আৰু মেংগানেছিয়াম হাড়ৰ গঠন সবল কৰে। নহৰুয়ে পাকস্থলীৰ কেন্সাৰ প্ৰতিৰোধ কৰে। কল ভৰিৰ মাংসপেশীৰ সবল গঠনৰ বাবে উপকাৰী। নখৰ বাবে উপকাৰী কাজু। কাজুত থকা বায়োটিনে নখৰ বিভিন্ন সমস্যা প্ৰতিৰোধ কৰে। উৎস: নন্দিনী।