আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ তথা কর্মঠ কৰি তুলিবলৈ, বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিবলৈ বিভিন্ন ধৰণৰ খাদ্যৰ প্রয়োজন হয়। নিয়মিত তেনেধৰণৰ সমতুল্য খাদ্যগ্রহণ কেৱল ডাঙৰৰ বাবেই নহয়, শিশুৰ বাবেও প্রয়োজনীয়। তেনে এবিধ খাদ্যত থকা উপাদান হ’ল— ফাইবাৰ। এই শব্দটি আমি বহুলোকে উচ্চাৰণ কৰো যদিও ইয়াৰ প্রকৃত অর্থনো কি জানো আহকচোন।

ফাইবাৰৰ মূল উৎস হ’ল উদ্ভিদ -

যি মাছ, মাংস, কণী আদিৰ পৰা পোৱা নাযায়। ফাইবাৰ পোনপটীয়াকৈ খাদ্যৰ পৰা লাভ কৰিব পাৰি অথবা পৰিপূৰক প্রস্তুতিৰে যোগান ধৰা হয়। ফাইবাৰযুক্ত খাদ্যৰ দ্বাৰা ডায়বেটিছ নিয়ন্ত্রণ, ৰক্তচাপ হ্রাস, মেদবহুলতা হ্রাস, কলেষ্ট'ৰেল নিয়ন্ত্ৰণ আৰু কেন্সাৰৰ প্ৰৱণতা হ্রাস হয়। মহিলাসকলক প্রতিদিনে ২৫ গ্রাম আৰু পুৰুষক ৩৫ ৰ পৰা ৪০ গ্রাম ফাইবাৰৰ প্রয়োজন। কিন্তু অধিকসংখ্যকে কেৱল ১.৫ গ্রাম ফাইবাৰহে গ্রহণ কৰিব পাৰে। কিন্তু ইয়াৰ অৰ্থ আপোনাৰ পছন্দৰ খাদ্য ত্যাগ কৰিব লাগিব বা জীৱনশৈলী সলনি কৰিব লাগিব বুলি নহয়। কিন্তু কিছুমান অলাগতিয়াল খাদ্য আঁতৰ কৰিব পাৰি, আনহাতে ফাইবাৰযুক্ত খাদ্য সন্নিবিষ্ট কৰিব পাৰি। গোমধান, ৰাজমা, মগু আদিৰ উপৰিও মধুৰিআম, আপেল, নাচপতি বাকলিৰ ক্ষেত্ৰত বন্ধাকবি, গাজৰ, ফুলকবি, মিঠাআলু আৰু আন আন সকলো পাচলিতে ফাইবাৰ পোৱা যায়। তাৰোপৰি ঢেঁকীত বনা চাউল, ৰঙা আটা, আদিত যথেষ্ট ফাইবাৰ পোৱা যায়।

বয়স অনুসৰি দৈনিক ফাইবাৰৰ প্রয়োজন নাচপতি বুলিলে -

শিশু- ১ বছৰৰ পৰা তিনিবছৰ আৰু চাৰিৰ পৰা আঠ বছৰলৈ ১৯-২৫ গ্রাম।

পুৰুষ-চৈধ্য বছৰৰ পৰা ওঠৰ— ৩১ গ্রাম, উনৈশৰ পৰা পঞ্চাশ বছৰলৈ ৩৮ গ্রাম।

মহিলা— ন বছৰৰ পৰা তেৰ বছৰ তথা চৈধ্যৰ পৰা ওঠৰ বছৰলৈ ২৬ গ্রাম আৰু ঊনৈশৰ পৰা পঞ্চাশ বছৰলৈ ২৫ গ্ৰাম।

গৰ্ভৱৰ্তী মহিলা-ওঠৰ বছৰৰ পৰা ২৮ গ্ৰাম।

দুগ্ধদাত্ৰী মাতৃ-ওঠৰ বছৰৰ পৰা ২৯ গ্ৰাম।

উৎস: নন্দিনী।