আমাৰ চৌপাশে প্ৰকৃতিয়ে এনেকুৱা কিছুমান উদ্ভিদজাত দ্ৰব্য উপহাৰ দিছে, যিবিলাক ব্যৱহাৰ কৰি আমি ভালেমান ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰো। কিছুমান গম্ভীৰ ৰোগ নিৰাময়ো কৰিব পাৰো।

কিছুমান খাদ্য সামগ্ৰী বা পাচলি নিয়মীয়াকৈ ব্যৱহাৰ কৰি থাকিলে ৰোগ আমাৰ কাষ চাপিব নোৱাৰে। এনে এবিধ সহজলভ্য আৰু কম খৰচী পাচলি বা ফল হৈছে অমিতা।

অমিতাৰ উপকাৰবোৰৰ বিষয়ে জানিলে আপুনিও আজিৰ পৰাই অমিতা সেৱন কৰিবলৈ আৰম্ভ কৰি দিব।

অমিতাক আপুনি ফল হিচাপে বা পাচলি হিচাপেও খাব পাৰে। এইবিধ পাচলি আপুনি আপোনাৰ ঘৰৰ ওচৰতে বজাৰত বা চুবুৰীয়াৰ বাৰীতো পাব পাৰে। অমিতা পকিলে খাবলৈ বৰ সোৱাদ হয় আৰু শৰীৰৰ কাৰণেও যথেষ্ট উপকাৰী।

পকা অমিতা এক প্লেটকৈ প্ৰতিদিনে খাই থাকিলে ১৫ দিনৰ পিছত আপোনাৰ শৰীৰৰ পৰা ভালেখিনি ৰোগ নাইকিয়া হ’ব। প্ৰধানকৈ তিনিবিধ ৰোগ নিৰ্মূল হ’ব।

ভিটামিনেৰে ভৰপূৰ অমিতা -

অমিতাত ভালেকেইবিধ ভিটামিন থাকে। একেৰাহে ১৫ দিন ধৰি পকা অমিতা খাই থাকিলে আপোনাৰ চকুৰ কমি যোৱা দৃষ্টিশক্তি পুনৰ শক্তিশালী হৈ উঠে। চকু দুটাও পৰিষ্কাৰ হৈ উঠে।

আপোনাৰ যদি কোষ্ঠকাঠিন্য বা বদহজমৰ দোষ আছে, তেনেহ’লে প্ৰতিদিনে পাচলি ৰূপে কেঁচা অমিতা বা ফলস্বৰূপে পকা অমিতা খাবলৈ লওক।

অমিতাত কেবাপ্ৰকাৰৰো এনজাইম আৰু খাদ্য আঁহ থাকে। এইবিলাকে আপোনাৰ পাচন শক্তি বৃদ্ধি কৰিব আৰু পুৰণি কোষ্ঠবদ্ধতাও নিৰ্মূল কৰিব।

১৫ দিন একেৰাহে অমিতা খোৱাৰ পিছত আপোনাৰ পাচন তন্ত্ৰ পূৰ্বৰ দৰে শক্তিশালী হৈ উঠিব আৰু ভালদৰে কাম কৰিবলৈ ধৰিব।

যদি ঋতু পৰিৱৰ্তনৰ লগে লগে আপোনাৰ কিবা কিবি সৰু-সুৰা বেমাৰ হৈ থাকে, তেনেহ’লে আপুনি অমিতা খাবলৈ আৰম্ভ কৰক। কাৰণ অমিতাই আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব।

ফলত শৰীৰটো ভালেমান ৰোগৰ সংক্ৰমণৰ পৰা বাচি থাকিব। এতিয়া অমিতাৰ বতৰ আৰম্ভ হৈছে।

বজাৰত এতিয়া সতেজ কেঁচা আৰু পকা অমিতা বিচাৰিলেই পোৱা যায়। এতিয়া আপুনি ইচ্ছা কৰিলে প্ৰতিদিনে অমিতাৰ পাচলি আৰু পকা অমিতাও খাব পাৰে। বিজ্ঞানীসকলে অমিতাৰ ওপৰত অধ্যয়ন চলাই মুঠ ৭ টা উপকাৰ আৱিষ্কাৰ কৰিছে।

পুষ্টি গুনেৰে ভৰা অমিতা -

বিভিন্ন গৱেষণাত প্ৰমাণ পোৱা গৈছে যে, এইবিধ ফলত ভালেকেইবিধ পুষ্টিকাৰক দ্ৰব্য থাকে। প্ৰধানকৈ কাৰ্বোহাইড্ৰেট, ফাইবাৰ, প্ৰোটিন, ভিটামিন ‘এ’, ভিটামিন ‘চি’ ভিটামিন ‘বি-৯’ আৰু পটাচিয়াম প্ৰচুৰ মাত্ৰাত থাকে। এইবিলাকৰ উপৰি ইয়াত কম পৰিমাণে হ’লেও মেগনেচিয়াম আৰু অন্য ভিটামিনো থাকে।

এন্টিঅক্সিডেন্টৰ অন্যতম উৎস -

শৰীৰত থকা হানিকাৰক বেক্টেৰিয়া ধ্বংস কৰিবৰ কাৰণে, এন্টিঅক্সিডেন্ট আৰু জৰুৰী বুলি বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে। অমিতাত কেৰ’টিনড নামৰ এন্টিঅক্সিডেন্ট যথেষ্ট পৰিমাণে পোৱা যায়।

এইবিধ উপাদানে কেইবাবিধো ৰোগৰ বিপক্ষে যুঁজিবলৈ শৰীৰটোক সক্ষম কৰি ৰাখিব পাৰে। গৱেষণাত এই কথাও প্ৰমাণিত হৈছে যে, একেৰাহে ৬ মাহ ধৰি অমিতা খাই থাকিলে আলজেইমাৰ ৰোগৰ ৪০ শতাংশ তীব্ৰতা কমে।

কেন্সাৰ প্ৰতিৰোধী অমিতা -

বিভিন্ন গৱেষণাত এই কথাও প্ৰমাণিত হৈছে যে, অমিতা নিয়মীয়াকৈ খাই থাকিলে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰাও বাচি থাকিব পাৰি। যিসকল ৰোগীৰ কেন্সাৰৰ চিকিৎসা চলি আছে, তেনে ৰোগীৰ কাৰণেও অমিতা যথেষ্ট উপকাৰী।

এন্টিঅক্সিডেন্টযুক্ত যি ১৪ বিধ ফল আৰু পাচলি বিজ্ঞানীসকলে চিনাক্ত কৰিছে। সেইবিলাকৰ ভিতৰত অমিতাই একমাত্ৰ ফল, য’ত কেন্সাৰ প্ৰতিৰোধী উপাদান আছে।

অমিতাই হৃদৰোগো প্ৰতিৰোধ কৰিব পাৰে:

অমিতাত লাইকোপিন নামৰ এবিধ এন্টিঅক্সিডেন্ট থাকে, যিবিলাকে মানুহক হৃদৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে, একেৰাহে ১৪ সপ্তাহ ধৰি অমিতা পাচলি বা পকা অমিতা খাই থাকিলে হৃদৰোগৰ পৰা বাচি থাকিব পাৰি।

জ্বলা-পোৰাৰ পৰা ৰক্ষা কৰে:

জ্বলা-পোৰা কৰা বা বিষ হৈ থকাটো কেইবাবিধো ৰোগৰ প্ৰধান লক্ষণ।

অমিতাত পোৱা ভিটামিন আৰু এন্টিঅক্সিডেন্ট উপাদানে শৰীৰৰ বিষ বা জ্বলা-পোৰা সৃষ্টি কৰা কাৰকবিলাক হ্ৰাস কৰে।

পাচনতন্ত্ৰ ভাল কৰে অমিতাই -

বিভিন্ন অধ্যয়ন আৰু গৱেষণাৰ ফলাফল বিলাকৰ পৰা জানিব পৰা গৈছে যে, অমিতাই পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখে।

যিসকল লোক পেটৰ ৰোগত ভুগি আছে, তেওঁলোকৰ কাৰণেও অমিতা যথেষ্ট উপকাৰী। ৪০ দিন একেৰাহে অমিতা খাই থাকিলে যিকোনো ব্যক্তিৰে কোষ্ঠবদ্ধতা নিৰাময় হয়।

ছালৰ ৰোগ নাশ কৰে -

শৰীৰটোক সুস্থ কৰি ৰখাৰ লগতে অমিতাই আপোনাৰ ছালখনো ৰক্ষা কৰি থাকে। অমিতা খাই থাকিলে আপোনাৰ ছালখন উজ্জ্বল আৰু মিহি হৈ থাকে আৰু বেছি কোমল যেন দেখায়।

বয়স বঢ়াৰ লগে লগে ছালৰ ওপৰত পৰা পৰিৱৰ্তনৰ চাপ অৰ্থাৎ ছাল কোচ খাই ওলমি যোৱা আদি বিকাৰবোৰ নিয়মীয়াকৈ অমিতা খাই থকা লোকৰ গাত দেখা পোৱা নেযায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন