পালেং শাকৰ জুতি নোলোৱা মানুহ ভাৰতত নালাগে, বিদেশতো নাই। ৰাসায়নিক বিশ্লেষণত দেখা যায় পালেং শাকত যথেষ্ট পৰিমাণে পানী থকাৰ উপৰি কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, আঁহযুক্ত পদাৰ্থ, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, ফলিক এচিড, কোবাল্ট, ভিটামিন এ, ভিটামিন বি২ আৰু ভিটামিন বি৩ উপলব্ধ। ইয়াৰ বিভিন্ন গুণসমূহ এনেধৰণৰ- ইয়াত থকা ভিটামিনসমূহে দেহৰ মাংসপেশী আৰু স্নায়ুসমূহ মজবুত কৰাৰ ভূমিকা লয়। দেহৰ ৰক্ত সঞ্চালনত ভিটামিনে সহায় কৰে। উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে উপকাৰী। পালেং শাক খালে দেহে ফলিক এচিড লাভ কৰে। ইয়াক খালে গৰ্ভৱতী মহিলাৰ গৰ্ভপাত নহয় আৰু শ্বাস-প্ৰশ্বাসৰ কষ্ট, দেহৰ ওজন হ্ৰাস, ডায়েৰিয়া আদি ৰোগত বাধা দিয়ে। পালেং শাকৰ আইৰনে দেহক আইৰন যোগান ধৰি দেহৰ পুষ্টি বৰ্ধনত সহায় কৰে। গৱেষকৰ মতে পালেং শাকত থকা দ্ৰব্যসমূহে কেন্সাৰ ৰোগ প্ৰতিহত কৰাৰ উপৰি পাকস্থলীৰ ঘা নিৰ্মূলকৰণত সহায় কৰে। পালেঙত থকা বিটা কেৰ’টিনে এনে প্ৰতিৰোধী কাৰ্যত সহায় কৰে বুলি গৱেষকে ভাবে। ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভুগিলে চিকিৎসকে ৰোগীক পালেং শাক খাবলৈ পৰামৰ্শ দিয়ে। এই শাকে ৰক্তস্ৰাৱ, বন্ধ্যাত্ব, কুকুৰীকণা, মূৰ আৰু মুখমণ্ডলৰ স্নায়ুসমূহত পোৱা আঘাত, কষ্ট আৰু স্নায়ৱিক দুৰ্বলতা আদি ৰোগত ভাল কাম দিয়ে। পালেং শাকে প্ৰস্ৰাৱৰ ৰোগত পোৱা অসুবিধা আঁতৰায় আৰু প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে। পালেং শাকে দেহৰ ছাল নিমজ কৰে। কেঁচুৱাৰ পয়ালগা বেমাৰো নিৰাময় কৰে। পালেং শাকৰ ৰস আৰু গাজৰৰ ৰস একেলগে খালে দাঁত আৰু দাঁতৰ আলু মজবুত হয়। পেটৰ জ্বলা-পোৰা, জণ্ডিছ আৰু শ্বাস-প্ৰশ্বাসত পোৱা কষ্ট আদি পালেং শাকৰ বীজে নিৰাময় কৰিব পাৰে বুলি গৱেষকে কয়। লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।