ভেণ্ডি খালে শৰীৰৰ বহুতো উপকাৰ হয় আৰু লগতে কেবাটাও ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

ভেণ্ডিৰ ওপৰত হোৱা এক বিস্তৃত অধ্যয়নৰ পৰা ইয়াৰ উপকাৰী গুণবিলাকৰ অধ্যয়নৰ পৰা ইয়াৰ উপকাৰী গুণবিলাকৰ বিষয়ে জানিব পৰা গৈছে।

ভেণ্ডি এবিধ তৃপ্তিদায়ক আৰু সহজলভ্য পাচলি আৰু প্ৰত্যেক ব্যক্তিয়ে ইয়াক ভাজি খাই ভাল পায়। আজিকালি এইবিধ পাচলি বছৰটোৰ বাৰ মাহেই পোৱা যায়।

বাৰিষা-খৰালি সকলো ঋতুতেই হোৱা ভেণ্ডিৰ নতুন নতুন বৰ্ণসংকৰ জাত ওলাইছে আৰু আবতৰত হোৱা ভেণ্ডিৰ বজাৰ মূল্যও যথেষ্ট বেছি।

খাই ভাল লগা এইবিধ পাচলিৰ কিছুমান ঔষধি গুইণ আছে আৰু এইবিলাকে শৰীৰৰ বহুতো ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰে।

মেদবহুল লোকসকলে শৰীৰৰ পৰা অতিৰিক্ত মেদ কমাবৰ বাবে বহুত চেষ্টা কৰে যদিও সাধাৰণতে খাই থকা খাদ্যৰ কাৰণে মেদ কমাব নোৱাৰে। সেই লোকসকলে আহাৰৰ লগত ভেণ্ডি খাই থাকিলে শৰীৰৰ চৰ্বিৰ ভাৰ হ্ৰাস পাব।

কাৰণ ভেণ্ডিত কোনো ধৰণৰ তেল বা চৰ্বি জাতীয় উপাদান নেথাকে আৰু ইয়াত যথেষ্ট পৰিমাণে আঁহ থাকে বাবে পেট পৰিষ্কাৰ হৈ থাকে। ভেণ্ডি খাই থাকিলে শৰীৰৰ ওজনো কমে। লগতে শাৰীৰিক শক্তিও বৃদ্ধি পায়।

ভেণ্ডিত প্ৰায় আটাইবোৰ পুষ্টি দ্ৰব্যই নিহিত থাকে আৰু ই শৰীৰক পুষ্টিহীনতাৰ পৰা বচাই ৰাখে।

এৰাতি এগিলাচ পানীত দুটা ভেণ্ডি কাটি তিয়াই থৈ পিছদিনা পুৱা খালে শৰীৰৰ অতিৰিক্ত শৰ্কৰা(Suger) হ্ৰাস পায়।

ডায়েবেটিছ ৰোগীয়ে এই দিহা মানি চলিলে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে।

গৰ্ভৱৰ্তী মহিলাই নিয়মীয়াকৈ ভেণ্ডি খাই থাকিলে গৰ্ভস্থ সন্তানটিৰ শ্ৰীবৃদ্ধি ভাল হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন