পদিনা বা পুদিনা আমাৰ সকলোৰে পৰিচিত এবিধ বনশাক (ইংৰাজী নাম-- Mint , Botanical name -- menth spicata ) ওখ জীপাল মাটিত বগাই যোৱা ঘুৰণীয়া পাতৰ এই বনশাক জোপাৰ লোভনীয় সুগন্ধই ইয়াৰ চিনাকি । সেয়ে চালাড,টেঙা কেচা চাতনি , জুচ,চৰবত আদি বিভিন্ন প্ৰকাৰে খোৱা দেখা যায় ।
ভাৰতৰ লগতে বিদেশৰ বিভিন্ন ঠাইত পদিনা পোৱা যায় । জুতিৰ লগতে ইয়াৰ ঔষধী গুণ আৰু ইয়াৰ পৰা আহৰন কৰা মুল্যৱান তেল (পিপাৰমিন্ট অয়েল)-ৰ বাবেই ই বিখ্যাত । চকলেট ,চুইংগাম ,কেন্দি বা আন খাদ্যদ্ৰব্যত এই সুগন্ধি তেল ব্যৱহাৰ হয় ।
আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰত পদিনা দেহৰ নানা ৰোগৰ ঔষধী গুণৰ বৰ্ননা কৰা হৈছে । তাৰে কিছু
ব্যৱহাৰ আৰু গুণ জানো আহক :-
সেৱন বিধি :- ইয়াৰ বিশেষ কোনো পাৰ্শক্ৰিয়া নাই যদিও ৰোগ ভেদে ১ৰ পৰা ৪--৫ চামুচ কেচা ৰস খাব পাৰে ।
ইয়াৰ কেচা বা শুকান ডাল পাত শিপা আদি সকলো অংশই চাতনী ,চৰবত, চোবাই নাইবা পানীত উতলাই ক্কাথ বা চাহৰ নিচিনাকৈও চাহপাতৰ সলনি mint tea খাব পাৰে । নেমুৰস ,তুলসী ,আদা ,জালুক, মৌ আদি মিহলাই খোৱাতো বেচি গুণকাৰী ।
ৰোগ অনুসৰি বাহ্যিক ব্যৱহাৰো কৰা হয় ।
গুণাগুণ:-

১। অৰুচি , অজীৰ্ণ , বদহজম , ভোক নলগা, পাচন তন্ত্ৰৰ দুৰ্বলতা , কোষ্ঠকাঠিন্য আদিৰ বাবে পদিনাৰ চাতনি নাইবা কুহুমীয়া গৰম পানীত পদিনা ৰস নেমুৰস ,ক'লা নিমখ বা সন্ধা নিমখ বা সাধাৰন নিমখ মিহলাই চৰবত বনাই খালে সহজে উপসম হয় ।
পেটত গেছ acidity পেট ফুলা পেটৰ বিষ ,বুকু জলাপোৰা ৰোগত পদিনা চাতনি বা চৰবতত খালে নিৰাময় হয় ( তেতেলী মিহলাব পাৰে)

২। পুৰনি জৰ, নিউমোনিয়া,টায়েফয়েড বা ঠান্ডা লাগি হোৱা যিকোনো ৰোগত পদিনা+তুলসী+আদা+জালুক থেতেলাই মৌ মিহলাই একাপ বা এগিলাচ গৰম পানীৰ লগত আৰু দিনে ২-৩বাৰ খালে যথেস্থ্য আৰাম পায়,খোৱাৰ ৰুচি আৰু গাত বল পায় । চাহত চাহপাতৰ সলনি পদিনাৰে চাহ খালেও উপকাৰী ।
৩। পদিনাত প্ৰাকৃতিক মেন্থলmenthol থাকে সেয়ে চাইনাচাইটিচ চৰ্দি কাহ এজমা হাঁইফাঁই বা হাপানী ৰোগত ওপৰত উল্লেখ কৰামতে পদিনাৰ জুচ , চাতনি, পদিনাৰ চাহ খাব
জমা হোৱা কফ বা চৰ্দি বাহিৰ কৰাৰ বাবে বা মুৰৰ বিষত এনেদৰে খোৱাৰ উপৰি পদিনাৰ কেচা পাত চোবাই খাব পাৰে 'শুঙিব পাৰে ,নাকত এটোপকৈ ৰস দিব পাৰে নাইবা গৰম পানীত পদিনা পিহি নাকেৰে ভাপ লব পাৰে ।
৪। ওপৰোক্ত ৰোগৰ উপৰিও দেহত হোৱা যিকোনো বিষ ,গাথি বিষ,মোচোকা খোৱা বিষ হাড়ৰ বিষ মাংসপেশীৰ বিষ মুৰৰ বিষ বিছা বা বিষাক্ত পোকে কামোৰা বিষ আদিত খোৱাৰ লগতে ১ঘন্টাৰ পৰা ৩-৪ঘন্টা পদিনা পিহি প্ৰলেপ দিলে আৰাম পায় ।

৫। গৰমত বা ৰৌদ্ৰতাপত মুখৰ বা দেহৰ চালৰ যিকোনো সমস্যাৰ বাবে পদিনা আৰু ঘৃতকুমাৰী (এলোবিৰা) বা হালধী ৰস পানীত মিহলাই গাত ঘহিব পাৰে বা গা ধোৱা পানীত মিহলাই ধুব পাৰে । গাৰ দুৰ্গন্ধ দুৰ কৰে , ব্ৰন, শালমইনা , বা তেলীয়া চালৰ বাবেও ফলপ্ৰদ। মুখত বা দেহৰ দাগ পৰিলে কিছুদিন একেৰাহে লেপ দিলে দাগ গুচে । (স্থা্যী ,পুৰনী বা জন্মগত দাগ নুগুচিব)
৬। চালৰ বা যিকোনো এলাৰ্জী বা চালৰ সংক্ৰমনৰ বাবে হিতকাৰী । চাতনি বা চৰবত খাব আৰু হালধী, পদিনা গাত ঘহিব ।

৭। পদিনাই ৰক্ত পৰিস্কাৰ আৰু ৰক্ত সঞ্চালন ক্ৰিয়া মজবুত কৰে ।
হৃদৰোগ, উচ্চ বা নিম্ন ৰক্তচ্চাপ , কিডনী , ডায়েনেটিচ ইউৰিক এচিধ ,কোলেস্ট্ৰল আদি নিয়ন্ত্ৰন কৰে । পদিনাৰ চাহ বা চৰবত উপযোগী ।
৮। পদিনাৰ চৰবতে মুত্ৰকৃচ্চতা বা গৰমত প্ৰস্ৰাৱ জলা , ৰঙা /হালধীয়া বা কম কমকৈ প্ৰস্ৰাৱ হোৱা বা মুত্ৰনলীৰ সংক্ৰমন দুৰ কৰে । নিয়মিত খালে খাদ্য হজম হোৱাৰ লগতে শৌচ খোলা হয় দেহৰ অলাগতিয়াল পদাৰ্থ বাহিৰ হয় । অধিক মলমুত্ৰ ত্যাগৰ সমস্যা ৰোধ কৰে । কৃমি হলে ৰাতিপুৱা খালিপেটত পদিনাৰ ৰস গৰম পানীত মিহলাই খাব পাৰে ।

৯। পেটৰ বা হাওফাওৰ কৰ্কত ৰোগ প্ৰতিৰোধ কৰে ।
১০। মুৰ্চা বা অজ্ঞান হলে পদিনাৰ পাত শুঙাই দিব, কপালত ঘহি দিব বা কিছু ৰস খুৱালে সুস্থিৰ হয় ।
১১। মহিলাৰ অনিয়মিত ঋতুসমস্যা দুৰ হয়। গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী।
১২। মুৰৰ ওকণি গুচাবৰ বাবে পদিনাৰ পাত বা শিপাসহ থেতেলি মুৰত ঘহিব আৰু এঘন্টা কাপোৰ বা পলিথিন মেৰিয়াই থৈ চেম্পৰে ধুলে ওকনী নাইকিয়া হয়।
১৩। পদিনাৰ পোৰা ছাইৰে দাঁত মাজিলে দাতৰ মাৰি বা আলু মজবুত হয় , মুখৰ দু্গন্ধ গুচে।
১৪। ঘৰৰ মজিয়াৰ গোন্ধ বা মাখি পোক পৰুৱা আতৰাবলৈ পদিনা ৰস পানীত মিহলাই চতিয়াব পাৰে ।
ইয়াৰ উপৰি নিয়মিত পদিনাৰ চাহ ,চৰবত,জুচ,চাতনী ,চালাদ আদি খাই থাকিলে দেহত বলশকতি পোৱাৰ লগতে নানা ৰোগ প্ৰতিৰোধ হয় ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ