পইতাভাত পাল মৰা কৰকৰা (জকৰা) লৰ মৰা তপত দিনটোলৈ গাটো শকত পঁইতা (পন্তা) ভাতৰ প্ৰচলন তাহানি কালৰ পৰা প্ৰচলিত । আগদিনা ৰাতি ৰন্ধা আলুৱা বা উখোৱা চাউলৰ ভাত পানী দি তিয়াই খোৱা ভাতকে পঁইতা (পন্তা) ভাত বুলি কোৱা হয় । ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে । সেইবাবে পঁইতাভাতত টেঙা হয় । ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পঁইতাভাতৰ প্ৰচলন তাহানি কালৰ পৰাই আছে । ইয়াক সাধাৰণতে কোজি ৰাইজ বুলি জানে । পশ্চিমবংগত পাণ্টা ভাত , নামনি অসমত ইয়াক পন্তা ভাত আৰু উজনিত পঁইতাভাত । তামিলনাডুত পাজহায়া চৰু, কেৰালাত পাজহাম কাঞ্জি, ছত্তিশগড়ত পাখালা ভাত আৰু ওড়িশাত পোখোলা ভাত বুলি কয় । পঁইতাভাত খোৱাৰ জুতি - পঁইতাভাত গৰৈ মাছ পুৰি তাত কলাখাৰ, মিঠাতেল আৰু কেঁচা জলকীয়া সানি খাবলৈ বৰ জুতি লগা হয় । পঁইতাভাত আৰু দালি বটাৰে খাই বৰ সোৱাদ লাগে । শৰণীয়া কছাৰীসকলে পঁইতাভাত দৈ গাখীৰৰ সৈতে খাই বৰ জুতি পায় । আহাৰ-শাওণ মাহত গৰম দিনত পঁইতাভাত খাই বৰ জুতি লাগে । এছিয়া মহাদেশত ইয়াক চুইট ডেজাৰ্ট বুলি কয় । পঁইতাভাতৰ লগত পালেং শাক-ক্ৰীম খাবলৈ বৰ জুতি হয় । এই ভাতৰ লগত কণী ভাজি খালেও বৰ সোৱাদ লগা হয় । পঁইতাভাতৰ ঔষধি গুণ - ১) ভাতত যথেষ্ট কাৰ্ব’হাইড্ৰেট থকা বাবে ই শৰীৰৰ শক্তি বৃদ্ধি কৰে । ২) ভাত ১২ ঘণ্টালৈ তিয়াই থ’লে উপকাৰী বেক্টেৰিয়া উৎপন্ন কৰি দেহৰ শক্তি বঢ়ায় । ৩) পানীত তিয়াই থোৱা ভাতত পটাছিয়াম আৰু আইৰণ যথেষ্ট পোৱা যায় । ৪) বিজ্ঞানীসকলৰ মতে পঁইতাভাতত ৭৩.৯১ শতাংশ আইৰণ পোৱা যায় । ৫) পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে । ৬) পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলে । ৭) এই ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়েটিকৰ কাম কৰে বুলি কোৱা হয় । ৮) প্ৰ’টিন- কাৰ্ব’হাইড্ৰেট আদি স্বাস্থ্যমৌল যথেষ্ট পৰিমাণে পঁইতাভাতত পোৱা যায় । ৯) ই শৰীৰৰ ভাগৰ দূৰ কৰে । মানুহৰ কৰ্মশক্তি বঢ়ায় । শৰীৰ শীতল কৰি ৰাখে । ১০) এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয় । ১১) শৰীৰত শৰ্কৰা আৰু গ্লুক’জ হিচাপে দেহৰ শক্তি বঢ়াই কৰ্মঠ কৰি তোলে । ১২) পঁইতাভাত খোৱাৰ পৰা মানুহৰ গেছৰ সমস্যা নাইকিয়া কৰি বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে । ১৩) ইয়াত থকা প্ৰ’টিনে মানুহক দীৰ্ঘায়ু কৰি তোলে । ১৪) মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে । ১৫) ই মানুহক দীৰ্ঘজীৱী কৰে বুলি জনা যায় । ১৬) পঁইতাভাত , মাছৰ পিটিকা আৰু কেঁচা পিঁয়াজ খালে মানুহৰ হাৰ্টৰ অসুখ নিৰাময় হয় বুলি কোৱা হয় । শেষত কৈছো- ‘পানী পন্তাই ভক্ষণ সেই সুপুৰুষৰ লক্ষণ’ । লেখক :- ধনেশ্বৰ হুজুৰী উৎস :- নন্দিনী