<p style="text-align: justify; "> </p> <p style="text-align: justify; ">শৰীৰ সুস্থ ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে বিলাহীৰ সুস্বাদু আৰু পুষ্টিসমৃদ্ধ। এই পাচলিবিধ কেঁচাকৈ আৰু ৰান্ধি খোৱা হয়। ৰন্ধাৰ পিছত অৱশ্যে বিলাহীত থকা পুষ্টিগুণ বহু পৰিমাণে কমি যায়। সেয়ে অধিক সুফল লাভৰ বাবে বিলাহী কেঁচাই খোৱাৰ পৰামৰ্শ দিছে গৱেষকসকলে। একাধিক গৱেষণাত প্ৰাপ্ত তথ্য অনুসৰি, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত বিলাহীৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। ইয়াত থকা লাইকোবিন আৰু বিটা কেৰ’টিনে শৰীৰৰ ক্ষতিকৰ টক্সিক উপাদান বাহিৰ কৰি দিয়ে। একেদৰে মানসিক চাপ হ্ৰাস কৰাটো ভূমিকা পালন কৰে বিলাহীয়ে। গৱেষকসকলৰ মতে, বিলাহীত ভিটামিন ই, এন্টি অক্সিডেন্ট আৰু পটাছিয়ামে ৰক্তচাপৰ সমস্যা দূৰ কৰাত বিশেষ ভূমিকা পালন কৰে। শৰীৰত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি হৃদৰোগত আক্ৰান্ত হোৱাৰ শংকা দূৰ কৰে বিলাহীয়ে। ইয়াত থকা আঁহে শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ উপৰি বিলাহীত থকা কেলচিয়ামে হাড় মজবুত কৰি আৰ্থ্ৰাইটিজৰ নিচিনা ৰোগত আক্ৰান্ত হোৱাৰ শংকা হ্ৰাস কৰে।</p> <p style="text-align: justify; "><b><i>উৎস: নিয়মীয়া বাৰ্তা</i></b></p>