Health benifits of "Bay leaves"

তেজপাত আমি সকলোৱে খাই আহিছোঁ ।
অতি প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি অহা এই ঔষধী সুগন্ধী উদ্ভিদ জোপাই আমাৰ শৰীৰত কি কি উপকাৰ কৰে জানো আহঁক -
তেজপাতত থকা উপাদানসমুহ -
ইয়াত যথেস্থ পৰিমানে কেলচিয়াম', আইৰন',ক'পাৰ , পটেচিয়াম, চেলিনিয়াম 'মেংগানীজ' এম্টি অক্সিডেন্ট আদিৰে ভৰপুৰ ।
ঔষধী হিচাৱে ব্যৱহাৰ বিধি -
সচৰাচৰ দাইল তৰকাৰী আদিৰ লগত তেজপাতৰ পাত খোৱাৰ উপৰি ৰোগৰ ঔষধী গুণাগুণৰ বাবে কেচা বা শুকান পাতৰ ক্কাথ বা ৪/৫টা পাত বা শুকান গুৰি ৩গ্ৰাম পানীত কিছুসময় উতলাই নাইবা চাহৰ নিচিনাকৈ বনাই খাব পাৰে , বা আধা চা:তেজপাত গুড়ি বা কেচা ৰস এচামুচ মৌ ,গুড় , তুলসিপাত বা আদা মিহলাই খাব পাৰে ।
১। তেজপাতে পাচন তন্ত্ৰ সৱল কৰে ,বদহজম, বেয়া উগাৰ অহা ,অৰুচী,অভোক শৌচ কচা আদি দুৰ কৰে । পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহনৰ পৰা হবলগা ৰোগ প্ৰতিৰোধ কৰে ।
তেজপাত সিজোৱা পানীত আদা ,সন্ধা নিমখ বা ক'লা নিমখ দি খাব ।
২। কাহ চৰ্দি হাপানি , স্বৰভংগ (মাতভঙা) এলাৰ্জী ৰোগত তেজপাত , তুলসী, আদা বা শোথ ,পিপলী ,গুড় বা চেনী সহ বেচিকৈ উতলাই চাহৰ নিচিনা দিনে ২-৩বাৰ খালে উপসম হয় ।
৩। মুৰৰ বিষ , গাথিবিষ' বা অন্নান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয় । ।
৪। প্ৰস্ৰাৱ ৰ যাৱতীয় ৰোগ তথা কিডনী ৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী ।

৫। বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী ।
৬। হৃদয় ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে যথেষ্ঠ উপকাৰী! ( তেজপাত ৪ টা গোলাপ ফুলৰ পাহী ৪টা আৰু জনীগুটি (অজৱাইন) ১বা২গ্ৰাম উতলাই চাহৰ দৰে দিনে ২/৩বাৰ খাব ॥
৭। অনিদ্ৰা ৰোগত তেজপাত উপকাৰী

৮। তেজপাত ভিজোৱা পানীৰে
চকু ধুলে জলা পোৰা ভাল হয় । দাঁতৰ ৰোগত সিজোৱা পানীৰে কুলু কুলু কৰিব ।
৯। মহিলাৰ ৰক্তস্ৰাৱ / পেটৰবিষ বা প্ৰসৱৰ পিচত গৰ্ভাসয়ৰ সমস্যাৰ বাবে তেজপাতৰ চাহ ( উতলোৱাপানী ) উপকাৰী নাক বা দাঁতেৰে তেজযোৱা ৰোগতো একেদৰে খাব পাৰে ।
১০। চুলিৰ নানা সমস্যা ওকনী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দুৰ হয় ।
১১। তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে । বায়ু বিশুদ্ধ কৰে ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ