তিল এবিধ অতি উপকাৰী তৈল্য শস্য। তেল উৎপাদন কৰাৰ বাহিৰেও ইয়াক বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। হিন্দুসকলৰ ধৰ্মীয় কাৰ্য্যত তিল অপৰিহাৰ্য। অসম, বংগ আদিত ভোগালী বিহু বা মাকৰ সংক্ৰান্তিৰ সময়ত তিলৰ লাড়ু, তিলপিঠাৰ ব্যৱহাৰ উল্লেখ্যযোগ্য। তিল ক’লা আৰু বগা দুই ৰঙৰ পোৱা যায় যদিও ক’লা ৰঙৰ তিলৰ ব্যৱহাৰ বেছি লাভদায়ক। তিলৰ উপকাৰিতা সম্পৰ্কে তলত উল্লেখ কৰা হ’ল। মুখৰ বা জিভাৰ ঘা হ’লে আধা চামুচ তিল তেলৰ লগত নামমাত্ৰ সৈন্ধৱ লৱণ মিলাই লগালে আৰাম পোৱা যায়। মূলা বেছিকৈ খাই অজীৰ্ণ হ’লে, কেইটামান তিল চোবাই খালে আৰাম পোৱা যায়। ঘনকৈ প্ৰস্ৰাৱ হ’লে তিলৰ লাড়ু পুৱা গধূলি খাওক। শীতকালত বিশুদ্ধ তিল তেলেৰে মালিচ কৰিলে শৰীৰৰ তাপ বাঢ়ে আৰু ছালৰ শুস্কতা নাইকিয়া হয়। খালী পেটত দুচামুচ ক’লা তিল চোবাই এগিলাছ ঠাণ্ডা পানী খালে অৰ্শ ৰোগত আৰাম পোৱা যায়। বগা তিল বটি মাখনৰ লগত মিহলাই মুখত ঘঁহিলে মুখৰ ব্ৰণ, দাগ আদি নাইকিয়া হৈ মুখ উজ্জ্বল হৈ পৰে। পায়খানাৰ লগত তেজ পৰিলে ক’লা তিল বটি মিচিৰি আৰু ছাগলী গাখীৰৰ লগত খালে আৰাম পোৱা যায়। লেখিকা: মিনা দেৱী, অসম বাণী