টেঙা তিতা খাৰ এই তিনি ভোজনৰ সাৰ। আমাৰ খাদ্যত টেঙা, তিতা, খাৰ থকাটো প্ৰয়োজন। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ বা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে তিতা খাবই লাগিব। তিতা খাদ্যই বিশেষকৈ মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন, প্ৰ’টিন, ফেট, কেলচিয়াম, আইৰন, ফছফৰাছ আৰু এণ্টিঅক্সিডেণ্ট আদি স্বাস্থ্যমৌলবোৰ তিতা খাদ্যত পোৱা বুলি স্বাস্থ্য বিজ্ঞানীসকলে কয়। তিতা খাদ্য বুলি ক’লে তিতা-কেৰেলা, নিমপাত, মৰাপাট, হেলচী, মেথিশাক, দোৰোণ, বাহকৰ ফুল আদি তিতা শাক-পাচলি। তিতা-কেৰেলা তিতা-কেৰেলা বৰ উপাদেয় খাদ্য। ই মধুমেহ ৰোগীৰ বাবে বৰ উপকাৰী। ইয়াত বিভিন্ন খাদ্যমৌল পোৱা যায়। তিতা-কেৰেলাৰ ঔষধি গুণ তিতা-কেৰেলাই শৰীৰৰ তেজ শোধন কৰি পৰিষ্কাৰ কৰে। তিতা কেৰেলাত লৌহ পদাৰ্থ অধিক পোৱা যায়। ই মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা কমাই ৰাখিব পাৰে। ই শৰীৰ সতেজ-সক্ৰিয় কৰি ৰাখিব পাৰে। তিতা-কেৰেলা থপথপীয়াকৈ ৰান্ধি খালে সুফল পোৱা যায়। ১০০ গ্ৰাম তিতা-কেৰেলাত খাদ্যমৌল কেল’ৰি প্ৰ’টিন ফেট কাৰ্ব’হাইড্ৰেট কেলচিয়াম আইৰন ফছফৰাছ ২৫ কি কেঃ ১.৬ গ্ৰাম ২ গ্ৰাম ৪.২ গ্ৰাম ২০ মিঃ গ্ৰাম ০.৬০ মিঃ গ্ৰাম ৭০ মিঃ গ্ৰাম নিমপাত তিতা খাদ্যৰ ভিতৰত নিমপাত বৰ উপকাৰী। নিমপাতত আইৰন যথেষ্ট পৰিমাণে পোৱা যায়। নিমপাতত এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত এণ্টিবায়’টিক গুণ আছে বুলি কোৱা হয়। নিমপাত বীজাণুনাশক। ছালৰ ৰোগৰ মহৌষধঃ গাৰ খৰ-খজুৱতি দূৰ কৰে। মহানিমে বসন্ত আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰে বুলিও কোৱা হয়। নিমপাতে মানুহৰ ৰক্তাল্পতা ৰোগ দূৰ কৰিব পাৰে। মেথি শাক মেথি বৰ উপকাৰী। ইয়াৰ শাক আৰু গুটিও খোৱা হয়। ইয়াৰ ঔষধি গুণ মেথি শাকত বহুতো উপাদান থাকে আৰু ই বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। মেথি শাক মধুমেহ ৰোগীৰ মহৌষধ। সপ্তাহত এদিনকৈ মেথি শাক খালে মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে। ই খোৱাৰ ৰুচি বঢ়ায়। খাদ্য হজম শক্তি বৃদ্ধি কৰে। ইয়াত যথেষ্ট পুষ্টি গুণ পোৱা যায়। মেথি গুটি পানীত তিয়াই থৈ খালে মেলেৰিয়া, জণ্ডিচ আৰু বাতৰোগ নাইকিয়া হয়। শৰীৰৰ কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰে। খোৱাৰ ৰুচি বৃদ্ধি হয়, দেহৰ দুৰ্বলতা দূৰ হয়। ১০০ গ্ৰাম মেথিত থকা খাদ্যমৌল এনেধৰণৰ- কেল’ৰি প্ৰ’টিন কাৰ্ব’হাইড্ৰেট কেলচিয়াম আইৰন ফছফৰাছ ভিটামিন ‘চি’ ৪৯ কি কেঃ ৪.৪ গ্ৰাম ৬ গ্ৰাম ৩৯৫ মিঃ গ্ৰাম ১.৯ মিঃ গ্ৰাম ৫১ মিঃ গ্ৰাম ৫২ মিঃ গ্ৰাম ব্ৰাহ্মী শাক ব্ৰাহ্মী শাক বৰ উপকাৰী শাক। ব্ৰাহ্মী শাকে মানুহৰ জণ্ডিচ ৰোগ দূৰ কৰিব পাৰে। ব্ৰাহ্মী শাকে লিভাৰৰ ৰোগ নিৰাময় কৰি সতেজ কৰিব পাৰে। ব্ৰাহ্মী শাক নহৰুৰ লগত খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণ হয়। ব্ৰাহ্মী শাক গৰুৰ ঘিউৰ লগত ভাজি খালে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ স্মৃতিশক্তি বৃদ্ধি হয়। খোৱাৰ ৰুচি বঢ়ায়। বাহকৰ তিতা বাহকৰ কুমলীয়া পাতৰ আঞ্জা কৰি খাব পৰা যায়। ইয়াৰ উপৰি বাহকাৰ ফুল কেঁচাই বা শুকাই শুকান মাছৰ লগত থপথপীয়াকৈ ৰান্ধি খাব পাৰি। বাহকৰ পাত বা ফুল কফ, কাহ, ব্ৰংকাইটিছ নিউম’নিয়া জ্বৰৰ পৰিত্ৰাণৰ মহৌষধ। বাহকৰ ফুল টাইফয়ড, হুপিং কাহ, এজমা, যক্ষ্মা, হাঁপানী, বমি আদিৰ লগতে বিভিন্ন জ্বৰৰ বাবে বৰ উপকাৰী। হেলচী শাক হেলচী দুবিধ। এবিধ খুব তিতা আৰু এবিধৰ তিতা কম। ডাঙৰ পাতৰ হেলচীৰ তিতা কম হয়। হেলচী শাকে জ্বৰ, বসন্ত ৰোগ, কোষ্ঠকাঠিন্য ৰোগ প্ৰতিৰোধ কৰিব পাৰে। গনোৰিয়া ৰোগৰ মহৌষধ। স্নায়ু দুৰ্বলতা ৰোগ দূৰ কৰিব পাৰে। মূত্ৰাশয়ৰ ৰোগ নিৰ্মূল কৰিব পাৰে। হেলচী শাকে মানুহৰ কাহ, কফ, পিত্ত, শোধ নাশ কৰে। হাত-ভৰিৰ জ্বলা-পোৰা নাইকিয়া কৰে। তিতা-ভেকুৰি তিতা ভেকুৰী তিতা ফল। ই বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ই শিশুৰ বিভিন্ন ৰোগ নাশ কৰিব পাৰে। তিতা-ভেকুৰী কাহ-কফত বৰ উপকাৰী। হৃদৰোগ নাইকিয়া কৰে। ই কৃমি নাশ কৰিব পাৰে। মহানিমৰ পাত নিমপাত দুবিধ- এবিধৰ তিতা কম, এবিধৰ খুব তিতা। নিমপাতে বীজাণু নাশ কৰে। বায়ু প্ৰদূষণ ৰোধ কৰি সুন্দৰ বায়ুৰ সৃষ্টি কৰিব পাৰে। নিমে গাৰ চৰ্মৰোগ নাশ কৰে। নিমপাত কৃমি, ফিতাপেলু, পালাজ্বৰ, কাহ, কফ, মেলেৰিয়া, নিউম’নিয়া আদিৰ মহৌষধ। নিমপাত খালে ডায়েবেটিছ ৰোগৰ শৰ্কৰা নিয়ন্ত্ৰণ হয় আৰু তেজ পৰিষ্কাৰ কৰে। দাঁতৰ ৰোগ নাইকিয়া হয়। অমিতাৰ ফুল অমিতাৰ ফুল বৰ তিতা। এই অমিতাৰ ফুলবোৰ পিঁয়াজৰ লগত ভাজি খায়। ই কৃমি নাশ কৰে। অমিতাৰ ফুলে দেহৰ কলেষ্টেৰ’ল কমাই ৰাখে। মধুমেহ ৰোগীৰ বাবে বৰ উপকাৰী। মৰাপাট মৰাপাট দুই ধৰণে খায়। কেঁচাই আৰু শুকান মৰাপাটৰ আগৰ আঞ্জা খায়। শুকান মৰাপাটক শুকোতা বুলি কয়। বহাগ বিহুত শৰণীয়া কছাৰী বা অন্যান্য জাতি-জনজাতিৰ লোকে মৰাপাটৰ আগৰ আঞ্জা খায়। মৰাপাট খালে কৃমি নাশ হয়। মানুহৰ শক্তি বৃদ্ধি হয় আৰু স্মৃতিশক্তি বৃদ্ধি হয় বুলি কোৱা হয়। নিউম’নিয়া, মেলেৰিয়া, যক্ষ্মা, কুষ্ঠৰোগৰ উত্তম ঔষধ। ইয়াৰ উপৰি ছাৰ উইলিয়াম আচলাৰৰ মতে ৯০ শতাংশ ৰোগ আহাৰৰ পৰাই হয়। সেই কাৰণে খাদ্য সম্পৰ্কে প্ৰতিজন লোক সচেতন হোৱাটো নিতান্তই প্ৰয়োজন। সেয়েহে কোৱা হয় এইদৰে- সাতে তিতা পষেকে পিঠা মাহেকত ঘি খায় তেওঁলৈ যমে কৰে ভয়। এইবোৰ খালে সুস্থ-সবল হয় দেহা। লেখক: ধনেশ্বৰ হুজুৰী, জিএনআৰচি