ইংৰাজী-Pomegranate।

হিন্দী-অনাৰ৷

বৈজ্ঞানিক নাম-Punica granatum।

ডালিম খোৱাৰ স্বাস্থ্যজনিত লাভ বহুত আছে৷ সেই প্ৰসঙ্গত বেলেগে লিখিম৷ আজি ডালিমৰ বাকলিৰ ঔষধী গুণৰ বিষয়ে কব খুজিছো৷

পেটৰ আল্চাৰ কেবল এসপ্তাহত আৰোগ্য হব পাৰে৷ ডাইৰীয়া আৰু এপেণ্ডিচাইটিচ মাত্ৰ ৫ ঘন্টাত সকাহ৷ আপুনি ইমান দিনে পেলাই থকা পেলনীয়া সামগ্ৰীয়েই উল্লেখ কৰা ৰোগ সমূহৰ পৰা আপোনাক আৰোগ্য কৰিব পাৰে৷

পেটৰ যি কোনো ধৰণৰ সংক্ৰমণ আৰু অন্ত্ৰৰ যি কোনো সমস্যাৰ পৰা আপোনাক আৰোগ্য কৰিব পৰা মহৌষধ হল ডালিমৰ বাকলি৷

এই বিধান পঢ়াৰ পিছত ডালিম খাই বাকলিখিনি পেলাই নিদি শুকুৱাই সংৰক্ষণ কৰি থব৷ নিজৰ বা আন কাৰোবাৰ প্ৰাণ ৰক্ষা পৰিব পাৰে৷

এখন ৰাচিয়ান পত্ৰিকাত এটা লিখনি প্ৰকাশ হৈছিল “The forgotten hippocrates and herb thetapy” য'ত ৰাচিয়ান ঔষধী বিশেষজ্ঞ G.L.Glubok এ ডিচেন্টেৰী/ডাইৰীয়া/পাথৰী আৰু চলমোনেলোচিজ চিকিৎসাৰ এবিধ পেটেন্ট ঔষধৰ বিধান দিছিল যিটো আপোনালোকক কবলৈ ওলাইছো৷

ডালিমৰ শুকান বাকলি আৰু গৰম পানীৰ অনুপাত ১:২০ হব লাগিব৷ গিলাচত ১০-১২ গ্ৰাম ডালিমৰ শুকান বাকলি লৈ ২০০ ml উতলা পানী বাকি আধা ঘন্টাৰ বাবে ঢাকি থওক৷

ডিচেন্ট্ৰী/ডাইৰীয়া/চলমোনেলচিজ/টাইফইড জ্বৰ/বমি/এপেন্ডিচাইটিচৰ তীব্ৰ বিষ আদি ৫ ঘণ্টাত নিৰাময় কৰিবলৈ তলত দিয়া নিয়ম মতে প্ৰয়োগ কৰক৷

*আধা ঘন্টা পিছত গিলাচৰ পৰা আধা গিলাচ পানী (নেচেকাকৈ) খাওক৷ গিলাচ পুনৰ ঢাকি থওক৷ ১০ মিনিটত আৰাম অনুভৱ হলে ই সাধাৰণ ডিচেন্ট্ৰি যিটো আধা গিলাচতে আৰোগ্য হ’ব৷

যদি এইখিনি সময়ত আৰাম নহয় তেনেহলে বুজিব লাগিব আপুনি ডাইৰীয়া/বমি/জ্বৰ/চলমনেলোচিজ আদিৰ চিকাৰ হৈছে৷ এনে অৱস্থাত আপুনি ঘৰত থাকিব৷

আৰু ৩ ঘণ্টাৰ পিছত বাকিখিনি মিশ্ৰণ খাব৷ খোৱাৰ পিছৰ ৩ ঘণ্টাৰ ভিতৰত পৰিণাম অনুভৱ কৰিব পাৰিব৷

*পেটৰ আল্চাৰ/ক্ষুদ্ৰাণ্ত্ৰৰ আলচাৰ/কলাইটিছ আৰু অন্ত্ৰৰ Dysbacteriosis এসপ্তাহত ভাল কৰিবলৈ মিশ্ৰণ খোৱাৰ আগদিনা খালি পেটত ১০-১২ গ্ৰাম ডালিমৰ শুকান বাকলি চূৰ্ণ বা ভালদৰে চোবাই খাব৷

ডালিমৰ শুকান বাকলি আধা ঘণ্টা এগিলাচ গৰম পানীত তিয়াই থোৱাৰ পিছত পানী খিনি খোৱাৰ উপযোগী হৈ পৰে৷ ইয়াৰ আধা অৰ্থাৎ ৯০-১০০ ml দিনত ৪ বাৰ(২০-২৫ ml) সমান সময়ৰ ব্যৱধানত খাব৷

প্ৰথম খোৰাক পুৱা খালি পেটত আৰু শেষৰ খোৰাক ৰাতি শোৱাৰ আগত খাব৷ একেলেথাৰিয়ে দৈনিক নাখাই এদিন বাদে এদিন খাব৷

৭ দিনৰ চিকিৎসাই ৰোগ আৰোগ্য হোৱাৰ বাবে যথেষ্ট কিন্ত আপুনি চিকিৎসা অব্যাহত ৰাখিব বিচাৰিলে এসপ্তাহৰ চিকিৎসা লৈ মাজত এসপ্তাহ বিৰতি দি পুনৰ এসপ্তাহ কৰিব পাৰে৷

*চিকিৎসা চলা অৱস্থাত কোনো ধৰণৰ মাদক আৰু নিচা জাতীয় দ্ৰব্য সেবন নকৰিব৷

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ