স্বাস্থ্য হিত সাধনৰ বাবে প্ৰখৰ ৰ’দত হেঁপাহ পলুৱাই ডাবৰ পানী খাওঁক। কঠিন আৱৰণৰ ভিতৰত থকা এই পানীটুপি কোনো কাৰণতে বজাৰৰ শীতল পানীয়ৰ লগত তুলনা নহয়। নাৰিকল এবিধ অতি সুস্বাদু ফল। সাধাৰণতে ইয়াক আমি তিনিটা স্তৰতে পাওঁ আৰু তিনিওটা স্তৰতে আমি ইয়াক ব্যৱহাৰ কৰো। অতি কুহুমীয়া অৱস্থাত ডাব বুলি কয় আৰু তাৰ পানী মানুহৰ দেহৰ বাবে ভিন্ন ক্ষেত্ৰত উপযোগী। আনহাতে, চিকিৎসা বিজ্ঞানৰ মতে, কুমলীয়া নাৰিকলে পিত্তৰোগ আৰু বহুমূত্ৰ ৰোগ নাশ কৰাত পাৰ্যমানে সহায় কৰে। কুমলীয়া নাৰিকল দেহৰ বাবে শক্তিদায়ক। পূৰঠ নাৰিকল গুৰুপাকি যদিও এই নাৰিকলৰ পানীয়ে পিয়াহ নিবাৰণত সহায় কৰে। একেদৰে শুকান নাৰিকল পুষ্টিকৰ আৰু তেজৰ দোষনাশক। ৰুগীয়া মানুহে নাৰিকল খালে হেনো শক্তি লাভ কৰে। অৱশ্যে পাকস্থলী একেবাৰে দুৰ্বল হ’লে নাৰিকল নোখোৱাই ভাল।

ডাব নাৰিকলৰ পানীয় লঘুপাকী আৰু তৃপ্তিকৰ। ই মানুহৰ পিয়াহ দূৰ কৰে। অম্লপিত্ত ৰোগৰ কাৰণে ডাব নাৰিকলৰ পানী সম্পূৰ্ণ উপকাৰী। ই সাধাৰণতে কৃমি নাশ কৰে, নাৰিকলৰ পানী সম্পূৰ্ণ প্ৰদূষণমুক্ত আৰু ই এটা নিৰ্দিষ্ট তাপমাত্ৰাত থকা সৰ্বশ্ৰেষ্ঠ স্বাস্থ্যসন্মত পানীয় আখ্যা পাইছে চিকিৎসা বিজ্ঞানৰ বিশ্লেষণত। চিকিৎসা বিজ্ঞানৰ মতেও নাৰিকলৰ পানীয়ে মানুহৰ শৰীৰত এক উন্নত ধৰণে ৰক্ত সঞ্চালন কৰাত সহায় কৰে। উচ্চ ৰক্তচাপৰ ব্যক্তিৰ বাবে নাৰিকলৰ পানী উত্তম পানীয়। ইয়াৰ বাহিৰেও হাৰ্ট এটেকৰ সম্ভাৱনাও বহু হ্ৰাস কৰে। নাৰিকলৰ পানীয়ে তেজত থকা গ্লুক’জৰ পৰিমাণো নিয়ন্ত্ৰণ কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰেফ। যদি শৰীৰৰ ওজন কমাবলৈ বিচাৰিছে, তেন্তে চৰ্বিৰ পৰিমাণ যথেষ্ট কম থাকে। নাৰিকলৰ পানীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে। নাৰিকলৰ পানী কেৱল পুষ্টিদায়কেই নহয়, ই শৰীৰৰ বাবে বিভিন্ন সময়ত, বিভিন্ন ধৰণৰ প্ৰয়োজনীয় উপাদানৰ উৎস। ইয়াৰ বাহিৰেও ইয়াত কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, ছডিয়াম, কপাৰ, পটাছিয়াম, আইৰণ, মেগনেছিয়াম আদি এই সফকলোবোৰ উপাদানেই সহজলভ্য। মানৱ দেহৰ শৰীৰৰ খনিজ পদাৰ্থৰ ভাৰসাম্য অটুট ৰখাৰ লগে লগে প্ৰয়োজনীয় খনিজ উপাদানৰ ক্ষয়-পূৰণৰ ক্ষেত্ৰতো ডাবৰ পানীৰ ভূমিকা অতুলনীয়। বহুকেইবিধ ‘এমিন’ এচিডৰ লগতে ডাবৰ পানী অন্তঃসত্ত্বা মহিলাইও নিঃসংকোচে খাব পাৰে। গৰ্ভৱতী মহিলাৰ ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। বুকুৰ জ্বলা-পোৰা হ্ৰাস কৰাৰ লগতে হজম শক্তি প্ৰচুৰ পৰিমাণো বৃদ্ধি কৰে।

গ্ৰাম্য সমাজত ডাব নাৰিকলৰ পানী কলেৰা, ডায়েৰীয়া ৰোগীৰ বাবে উত্তম পথ্য বুলি বিবেচিত বা ব্যৱহৃত হৈ আহিছে। নাৰিকলৰ পানীয়ে বমি বন্ধ হোৱাটো সহায় কৰে। মেলেৰিয়া, জ্বৰ, টাইফয়ড আদিত ভোগা ৰোগীৰ সঘনাই বমি কৰা প্ৰৱণতাই দেখা দিব পাৰে। এনেবোৰ পৰিস্থিতিত নাৰিকলৰ পানী খালে বমিৰপৰা হাত সাৰিব পাৰি। আৰু লগতে পেটো ঠাণ্ডা পৰে। অত্যধিক কঠোৰ পৰিশ্ৰমৰ ফলতে মানুহৰ শৰীৰৰপৰা ক্ষয় হোৱা পানী আৰু খনিজ লৱণ নাৰিকলৰ পানীয়ে শৰীৰক উৎকৃষ্ট পৰিমাণে যোগান ধৰিব পাৰে। ডাব নাৰিকলৰ পানীয়ে ব্যক্তিবিশেষে সঘনাই হৈ থকা প্ৰস্ৰাৱজনিত ৰোগ বহুখিনি হ্ৰাস কৰে। কিডনী ষ্ট’ন হোৱা বেমাৰীয়ে নিয়মিত নাৰিকলৰ পানী খালে আৰোগ্য হোৱাত সুফল লাভ কৰে।

লেখক: পিংকুমণি ডেকা(দৈনিক অসম)