পুৱা জিকা ভাজিৰে ৰুটি(ব্ৰেকফাষ্ট) খালে সোৱাদেই বেলেগ হয়। মাছৰ জোলখনো জিকাৰে ৰান্ধিলে খাবলৈ বৰ জুতি লাগে। তৰকাৰি ৰান্ধিলেও খাবলৈ তৃপ্তিদায়ক হয়। বহুতে জিকাৰ তৰকাৰিৰ উপৰি জিকা পুৰি তেল-নিমখ সানি খায়। প্ৰকৃততে জিকা উত্তম পাচলি।

ৰাসায়নিক বিশ্লেষণত দেখা যায় যে ১০০ গ্ৰাম জিকাত ৩২ শতাংশ মেগনেছিয়াম, ৩ কেলচিয়াম আৰু ৫০.২ শতাংশ পটাছিয়াম থাকে। তদুপৰি জিকাত ভিটামিন-চিও পোৱা যায়। আঁহযুক্ত পদাৰ্থও সৰহ পৰিমাণে উপলব্ধ।

আজিকালি হাইব্ৰিড জিকা বজাৰত পোৱা যায়। হাত দিলেই গম পোৱা যায় জিকাবোৰ কোমল। কিন্তু তৰকাৰি বা মাছৰ জোলখন এইবিধ জিকাৰে ৰান্ধিলে খাবলৈ তৃপ্তিদায়ক নহয়। পিছে গুণাগুণবোৰৰ কোনো অৱনতি নঘটে। একেই থাকে।

জিকাত থকা খাদ্যগুণৰ বাবেই জিকাই পেটৰ গোলমাল হ’লে নিৰাময় কৰিব পাৰে। আঁহযুক্ত পদাৰ্থ থকা বাবে পেটৰ কোষ্ঠকাঠিন্য নিৰাময় কৰে। অৰ্থাৎ পেট খোলোচা কৰে। সেয়ে কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে বতৰত জিকা নিতৌ খোৱা বাঞ্ছনীয়। দেহৰ ছালত ঘা হ’লে অথবা ফোঁহা হ’লে জিকাক আঞ্জা পথ্য হিচাপে খাব পাৰি। পাকস্থলীত হোৱা ঘা আদিও জিকাই নিৰাময় কৰিব পাৰে বুলি গৱেষকে কয় গেছত ভুগি থকা লোকে জিকাৰ ভাজি বা জিকাৰ আঞ্জা খাব লাগে। কুকুৰীকণা ৰোগীৰ বাবেও জিকা অতি উত্তম খাদ্য।

লেখক: ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী