বৰ্তমান বজাৰত প্ৰচুৰভাৱে উপলব্ধ হৈছে জাতিলাউ। আজিকালি এচাম উদ্যোগী কৃষকে বছৰৰ সকলো সময়তে ইয়াৰ খেতি কৰিলেও কিন্তু আমাৰ স্থানীয় প্ৰজাতিৰ লাউৰ খেতিৰ উৎপাদনৰ উপযুক্ত সময় হৈছে মাঘ-ফাগুনৰ সময়ছোৱাই। ইয়াৰ বিপৰীতে অন্য সময়ত হোৱা লাউবোৰৰ ৰূপ তথা সোৱাদ আশানুৰূপ নহয়। কিন্তু বৰ্তমানৰ সময়ত পোৱা লাউবোৰৰ গঠন, ৰূপ আৰু সোৱাদ অতি উল্লেখনীয়। তাতেই মাছৰ লগত ইয়াৰ সংমিশ্ৰণেৰে তৃপ্তিদায়ক জোল বনাই খোৱাৰ বাবে এই সময়ত বজাৰত পকা বিলাহী পোৱা যায়। ফলত জাতিলাউ, পকা বিলাহী আৰু মাছৰ টেঙা, জোলখন খাই পোৱা তৃপ্তিৰ কথা অসমীয়াৰ বাহিৰে অন্য ঠাইৰ লোকেও প্ৰশংসা কৰা আমি শুনিবলৈ পাওঁ। অসমীয়াসকলৰতো কথাই নাই, ই এক পৰম্পৰাগত প্ৰিয় আহাৰ।

জাতিলাউ হৈছে এবিধ একবৰ্ষী লতাজাতীয় গছত লগা ফল, যাক আমি সাধাৰণতে পাচলিৰ ৰূপত ভক্ষণ কৰোঁ। ইয়াৰ আকাৰ বটল একোটাৰ দৰে হোৱাৰ বাবেই ইংৰাজীত ইয়াক কোৱা হয় Bottle gourd। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Lagemaria Siceraria। অতীজত অসমৰ ঘৰবোৰ মুখ্যতঃ খেৰৰ থকাৰ হেতুকে তাৰ চালত ওপৰতে বগাবলৈ দি ইয়াৰ খেতি কৰা হৈছিল। ইয়াৰ খেতি কৰা হৈছিল। ইয়াক কুমলীয়া অৱস্থাত খালে অধিক তৃপ্তি পোৱা যায়। কোনো কোনোৱে পূৰঠ অৱস্থাতো ইয়াক খোৱা দেখা যায়। তেনে অৱস্থাত অৱশ্যে ইয়াৰ টান গুটিবোৰ সমস্যাৰ সৃষ্টি কৰে।

উল্লেখ্য, জাতিলাউ এবিধ পুষ্টিদায়ক পাচলি। প্ৰজাতিভেদে ইয়াৰ পুষ্টি উপাদানৰ পৰিমাণ ভিন্ন হ’লেও সামগ্ৰিকভাৱে ইয়াৰ ১০০ গ্ৰামত পোৱা পুষ্টি উপাদানবোৰ এনে- পানী(৯৬ গ্ৰাম), আঁহ(০.৬ গ্ৰাম), কাৰ্বোহাইড্ৰেট(২.৫ গ্ৰাম), প্ৰ’টিন(০.২ গ্ৰাম), চৰ্বি(০.১ গ্ৰাম), কেলছিয়াম(২০ মিলিগ্ৰাম), মেগনেছিয়াম(৫.০ মিলিগ্ৰাম), আইৰণ(০.৭ মিলিগ্ৰাম), পটাছিয়াম(৮৭ মিলিগ্ৰাম), ছডিয়াম(১.৮ মিলিগ্ৰাম), ক’পাৰ(০.৫ মিলিগ্ৰাম), ছালফাৰ(১০.০ মিলিগ্ৰাম), ভিটামিন এ(১৬ আই ইউ), বি১(০.০৩ মিলিগ্ৰাম), বি২(০.০১ মিলিগ্ৰাম), বি৩(০.২ মিলিগ্ৰাম), চি(৬.০ মিলিগ্ৰাম) আৰু শক্তি(১২ কেলৰি)। এতেকে এনে তথ্যবোৰেই প্ৰতিপন্ন কৰি তোলে যে জাতিলাউ আমাৰ বাবে অতি পুষ্টিদায়ক পাচলি হ’ব। হয়তো বয়স, লিংগ আৰু ৰোগভেদে দীৰ্ঘদিন খোৱাৰ পিছতো দেহত বিৰূপ প্ৰভাৱ প্ৰত্যক্ষ নকৰাৰ হেতুকেই ইয়াক শান্ত, অৰ্থাৎ জাতি প্ৰকৃতিৰ লাউ বা জাতিলাউ নামেৰে নামকৰণ কৰা হৈছিল।

ই ঔষধি গুনসম্পন্নও। আয়ুৰ্বেদিকভাৱে ইয়াক বিপাকমধুৰ, শীতবীৰ্যক, মোধাবৰ্দ্ধক, নিদ্ৰাকাৰক, তৃষ্ণানিবাৰক, কফ নিবাৰক, মূত্ৰজনক, গৰ্ভপোষক, শুক্ৰবৰ্দ্ধক, দাহপ্ৰশমক, জ্বৰ নিবাৰক আৰু ৰেচক(ৰেচন কাৰ্যৰ সহায়ক) বুলি অভিহিত কৰা হয়। ইবিলাকৰ উপৰি ইয়াক বাত-পিত্ত আৰু পূয়মেহ, অৰ্থাৎ প্ৰস্ৰাৱৰ লগত পূঁজ যোৱা ৰোগ আৰু বেয়া কলেষ্টেৰ’ল(Bad Cholesterol) নিবাৰকৰূপেও অভিহিত কৰা হয়। তেনেকৈ ইয়াৰ ৰসৰ লগত ধনিয়া পাত আৰু পদিনা পাতৰ ৰস মিহলাই খালে উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণ হয় বুলিও তথ্য পোৱা যায়। সেয়েহে এই উপকাৰী পাচলিবিধ খোৱাত আমি যত্নপৰ হোৱাৰ প্ৰয়োজন আছে, সেয়া স্পষ্ট।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)