আদাৰ উপকাৰ -

আদাৰ যথেষ্ট পৰিমাণে ঔষধি গুণাগুণ আছে। তদুপৰি সকলোৰে পাকঘৰত আদা পোৱা যায়। আদাৰ দ্বাৰা চুলিৰ গুৰি পৰিষ্কাৰ কৰি উফি, খজুৱতি, শালমইনা আদি নাশ কৰি পৰিষ্কাৰ কৰি ৰাখিব পাৰি। আদাৰ ৰস চুলিৰ গুৰিত লগালে অলপ জ্বলন হয় যদিও ই তেজ চলাচল সঠিক কৰে আৰু চলি দীঘল হোৱাত সহায় কৰে। চুলিৰ গুৰি সবল কৰে। ই এণ্টিবেক্টেৰিয়েল যুক্ত। যি চুলিৰ গুৰিৰ বেক্টেৰিয়া হোৱাত বাধা দিয়ে আৰু মৃতকোষ পৰিষ্কাৰ কৰে। ফলত কোষৰ মাজেৰে অক্সিজেন প্ৰবাহিত হৈ চুলি দীঘল হোৱাত সহায় কৰে। যিহেতু আদা মিনাৰেলযুক্ত এনেক্ষেত্ৰত চুলি কোমল আৰু উজ্জ্বল হয়। ইয়াত পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন যথেষ্ট আছে। ফলত ই চুলিৰ স্বাস্থ্য ভাল কৰে আৰু চুলি সৰাত বাধা দিয়ে। এণ্টিঅক্সিডেণ্টযুক্ত হোৱাৰ বাবেও চুলিৰ স্বাস্থ্য ভালে ৰাখে। চুলিত আদাৰ ৰস কেনেকৈ ব্যৱহাৰ কৰিব। তাৰেই কেইটামান উপায় আগবঢ়োৱা হ’ল।

উপকাৰ -

১) চুলিৰ গুৰিত খজুৱতি আৰু সৰু গুটি উঠিলে তুলসীৰ পাত আৰু নিম পাত সমানে লৈ নাৰিকল তেলত সিজাই দিব। চুলিৰ গুৰিত লগাই ঘঁহি দিব। ইয়াৰ পিচত মিথি পাউদাৰ চাৰি চামুচৰ লগত আধা চামুচ সৰিয়হৰ পেষ্ট মিহলাই লৈ চুলিৰ গুৰিত লগাব। ২০ মিনিটৰ পিচত ধুই দিব। সপ্তাহত দুবাৰকৈ এনেদৰে কৰিব। ভাল ফল পাব। এই মিশ্ৰণত যেনে তুলসী আৰু নিমপাতৰ লগত তিঁয়হ ৰুকি দিব। এতিয়া নাৰিকল তেজত অলপ সিজাই দিব। ঠাণ্ডা কৰি লগাব। তিয়ঁহত ভিটামিন চি, ছালফাৰ আৰু চিলিকা থাকে। ই চুলি দীঘল হোৱাত সহায় কৰে।

*আদাৰ পেষ্ট দুই চামুচ।

*চজিনা পাতৰ পেষ্ট দুই চামুচ।

*আৰগন অইল নতুবা কেষ্টৰ অইল।

*লেভেণ্ডাৰ দুই টোপাল

এই আটাইখিনি কেষ্টৰ অইলত সিজাব আৰু পেষ্ট তৈয়াৰ কৰি চুলিৰ গুৰিত ঠাণ্ডা কৰি লগাব। চজিনাৰ পাতত কেলচিয়াম, আইৰন, জিংক, কপাৰ, পটাছিয়াম, মেগনেছিয়াম, মেংগানিজ, ভিটামিন এ, চি ডি আৰু ই থাকে। ই এণ্টিঅক্সিডেণ্ট হয়। ফলত চুলিক স্বাস্থ্যৱান কৰি ৰাখে। চুলি সৰাটোও বন্ধ হয়।

*তিল তেল একাপ

*আমলা তেল একাপ।

*পিঁয়াজ দুটা আৰু আদাৰ পেষ্ট এচামুচ।

দুয়োবিধ তেল কম জুইত গৰম কৰি আদা আৰু পিঁয়াজ দিব। সম্ভৱ হ’লে এটা আমলখি বটি দিব। এই তেল সিজাই ঠাণ্ডা কৰি বটলত ভৰাই থৈ দিব। এই তেল নিয়মিত ব্যৱহাৰ কৰিলে চুলিৰ গুৰি পৰিষ্কাৰ হ’ব আৰু অক্সিজেন ফলিকলছ সোমাই চুলি দীঘল হোৱাত সহায় কৰিব। আদাত যিহেতু পটাছিয়াম, মেগনেছিয়াম, ছ’ডিয়াম থাকে আৰু আমলখিত ভিটামিন ‘চি’ থাকে। ফলত ইয়াৰ মিশ্ৰণে চুলি দীঘল হোৱাত সহায় কৰে। পটাছিয়ামৰ অভাৱতো চুলি সৰে।

*আদাৰ ৰস তিনি চামুচ (চাহ চামুচেৰে)।

*তিল তেল আধা কাপ।

*কেষ্টৰ অইল আধা কাপ।

এতিয়া তিল তেল আৰু কেষ্টৰ অইল কেৰাহীত কম জুইত গৰম কৰিব। তাত আদাৰ পেষ্ট আৰু আধা চামুচ মিথি গুটি দিব। লাহে লাহে হেতাৰে মিলাব। যাতে মিথি আৰু আদাৰ ৰস তেলৰ লগত মিলি যাব। এতিয়া উক্ত তেলখিনি ঠাণ্ডা কৰি এটা আইনাৰ বটলত থৈ দিব। সপ্তাহত দুই/ তিনিবাৰকৈ চুলিত শ্বেম্পু কৰাৰ আগতে লগাব। দুঘণ্টা থৈ দুই দিব। মানে শ্বেম্পু কৰিব। কেষ্টৰ অইল আৰু আদা হৈছে এণ্টিবেক্টেৰিয়েল। ই চুলিৰ গুৰিৰ ফাংগাছসমূহ নাশ কৰি চুলি গজাত সহায় কৰে। তিল তেলে চুলি ক’লা আৰু মিহি কৰাত সহায় কৰে। নিয়মিত ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয় আৰু স্বাস্থ্যৱান হ’ব।

*এফাল নাৰিকল আৰু এটা পিঁয়াজ ৰুকি ল’ব।

নৰসিংহৰ পাত আৰু আদা সমানে বটি ল’ব। দুকাপ মহাভৃংগৰাজ তেলত সিজাই লৈ ঠাণ্ডা কৰি চেকি আইনাৰ বটলত ভৰাই থ’ব। প্ৰায় ১০ দিন থৈ দিয়াৰ পিচত ব্যৱহাৰৰ উপযোগী হ’ব।শ্বেম্পু কৰাৰ আগতে ব্যৱহাৰ কৰিব। সম্ভৱ হ’লে কুহুমীয়াকৈ গৰম কৰি ল’লে ভাল। কিয়নো কুহুমীয়া তেলখিনি ব্যৱহাৰ কৰাৰ পিচত চুলিৰ গুৰিৰ কোষসমূহ খোল খাই উক্ত প্ৰাকৃতিক মিশ্ৰণ তেল চুলিৰ গুৰিয়েদি সোমাই যাব। প্ৰায় ছমাহ ব্যৱহাৰ কৰিলে ভাল ফল পাব। কাৰণ পিঁয়াজত ছালফাৰ থাকে, ই চুলিক পাতল নকৰে আৰু চুলি দুমুখীয়া নহয়। পিঁয়াজ এণ্টিচেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল। চুলিত উফি নহয়, ওকণীও নহয়। ই চুলিত পুষ্টি যোগায়। ফলত চুলি সোনকালে দীঘল হয়। পিঁয়াজ আৰু আদাৰ মিশ্ৰণে চুলিৰ স্বাস্থ্য সবল কৰে।

*যিসকলৰ চুলি স্বাস্থ্যৱান নহয়, তেওঁলোকে নাৰিকলৰ তেল আৰু এভকাডু অইল সমানে ল’ব। এই তেল কেৰাহীত গৰম কৰি এচামুচ আদা বটা বা মিহিকৈ কাটি লোৱা আদা দি দিব। এই মিশ্ৰিত অইলত কমলাৰ শুকান বাকলি বা নেমুৰ বাকলি কেৱল সেউজীয়াখিনি ৰুকি লৈ আধা চামুচ মিহলাই দিব। এই মিশ্ৰণটো ঠাণ্ডা কৰি আইনাৰ বটলত ভৰাই থৈ দিব। ৰ’দত দি গৰম কৰি চুলিৰ গুৰিত লগাব। আঙুলিৰে মালিচ কৰিব। প্ৰায় দুঘণ্টাৰ পিচত ধুই দিব। নাৰিকল তেলত আৰু এভকাডু অইলত ভিটামিন ‘ই’ থাকে। আইৰন আৰু এণ্টি বেক্টেৰিয়েল হৈছে নাৰিকল তেল। নেমুৰ বাকলিৰ দ্বাৰা চুলি সৰাটো বন্ধ কৰে আৰু তেজ চলাচল হয়। এই মিশ্ৰণ লগোৱাৰ আগমুহূৰ্তত নেমুৰ ৰস মিহলাই ল’ব। উফিখিনিও নাইকিয়া কৰে। নেমুৱে চুলি সৰাও কমায়। চুলিৰ গুৰি পৰিষ্কাৰ কৰে।

লেখিকা: ভানু শৰ্মা

উৎস: দেওবৰীয়া সম্ভাৰ