আজিকালি অধিকাংশ লোকেই শৰীৰত অধিক মাত্ৰাত চৰ্বি জমা হোৱাটো পছন্দ নকৰে। মেদবহুলতাৰ পৰা হাত সাৰি থাকিবৰ বাবে অধিকাংশ লোকেই সচেতন হোৱা দেখা গৈছে। সেয়ে আজিকালি বহু লোকে ঘিউ, ক্ৰীম, মাখনৰ দৰে দুগ্ধজাত চৰ্বি বৃদ্ধি কাৰক খাদ্য দ্ৰব্যৰ পৰা আঁতৰি থাকিব খোজে। কিন্তু খাদ্য বিশেষজ্ঞসকলৰ মতে গৰুৰ গাখীৰৰ পৰা তৈয়াৰী খাঁটি ঘিউ মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলিহে প্ৰমাণিত হৈছে। কিন্তু সকলো লোকে ঘিউ বেছিকৈ খোৱা উচিতো নহয়। মাজে-সময়ে ঘিউযুক্ত খাদ্য প্ৰায় সকলো লোকেই খাব পাৰে। তেনেদৰে নিয়মীয়াকৈ মাখন খোৱাটোও স্বাস্থ্যসন্মত নহয়। তথাপি ঘিউৰ উপকাৰিতা আপোনালোকে জানি থোৱাটো ভাল। ঘিউৰ পৰা লাভ কৰিব পৰা স্বাস্থ্যৰ কেইটিমান উপকাৰিতা তলত উল্লেখ কৰা হ’ল।

১)চৰ্বি কম:

যদি আপোনাৰ শৰীৰত পূৰ্বৰে পৰা বৰ্ধিত কলেষ্টেৰলত সমস্যা আছে, তেনেহ’লে আপুনি বেছি চৰ্বিযুক্ত মাখন খোৱা উচিত নহয়। কিন্তু স্বাভাৱিকভাবেই কম চৰ্বিযুক্ত ঘিউ আপুনি খাব পাৰে। মাখনতকৈ ঘিউ সহজে আৰু সোনকালে হজমো হয়। গৱেষণাত এই কথা প্ৰমাণিত হৈছে যে অন্ত্ৰৰ লগতে ছেৰামত(ৰক্তত মিহলি হৈ থকা তৰল দ্ৰব্য) থকা কলেষ্টেৰলো ঘিউয়ে কম কৰিব পাৰে। যদি আপুনি স্বাস্থ্যসন্মত চৰ্বিৰ কথা চিন্তা কৰি আছে, তেনেহ’লে ঘিউ হৈছে আপোনাৰ বাবে আটাইতকৈ ভাল বিকল্প। কাৰণ ঘিউত থকা চৰ্বি সংপৃক্ত চৰ্বিহে। এনে চৰ্বি শৰীৰৰ বাবে অপকাৰী নহয়।

২)পাচন তন্ত্ৰৰ সহায়ক:

ঘিউত বিউটেৰিক এচিড যথেষ্ট পৰিমাণে থাকে আৰু ই চুটি শৃংখলৰ এবিধ ফেটি এচিড। এইবিধ এচিড একপ্ৰকাৰৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ পৰে আৰু তাৰ ফলত শৰীৰৰ যিকোনো অংগ উখহি উঠা প্ৰক্ৰিয়া হ্ৰাস কৰে। লগতে পাচন তন্ত্ৰৰ বিকাৰো নাশ কৰাত সহায় কৰে। ঘিউ খাই থাকিলে প্ৰথম অৱস্থাত বদহজম হৈ থকা যেন লাগিলেও পিছলৈ হজম কৰাৰ হজম কৰাৰ ক্ষমতা বৃদ্ধি পাব।

৩)ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে:

ঘিউত এন্টি-অক্সিডেন্ট উপাদান উচ্চ মাত্ৰাত থাকে। এই কাৰণে ঘিউ খাই থাকিলে অন্য খাদ্য দ্ৰব্যৰ পৰা ভিটামিন আৰু খনিজ দ্ৰব্যৰ অৱশোষণ ক্ষমতা বৃদ্ধি পায় আৰু খোৱা খাদ্য়ৰ পৰা উপযোগী উপাদানবিলাকৰ যোগান শৰীৰে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰিণতিত আপোনাৰ শৰীৰ ৰোগ প্ৰতিৰোগ ক্ষমতা শক্তিশালী হৈ উঠে।

আপুনি জানি ভাল পাব যে ঘিউ এক প্ৰকাৰৰ স্বাস্থ্য সন্মত চৰ্বিৰ উৎস আৰু সেয়ে আপোনাৰ খাদ্য তালিকাত ঘিউ ৰখাটো আপোনাৰ স্বাস্থ্যৰ কাৰণে হ’ব উপকাৰী।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন