গৰমৰ দিনত নগৰে-চহৰে প্ৰায় সকলোৱেই পিয়াই পলুৱাবলৈ খায় ‘শীতল পানীয়’। বৰ্ধিত চাহিদা আৰু মানুহৰ বিবিধ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি আজিকালি বজাৰত অসংখ্য ব্ৰেণ্ডৰ শীতল পানীয়ৰ পয়োভৰ ঘটিছে।

কিন্তু এই ধৰণৰ শীতল পানীয়ৰ পয়োভত থকা বিভিন্ন ৰাসায়নিক দ্ৰব্যই খাওঁতাজনৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰিব পাৰে। সাময়িকভাৱে শৰীৰটো শীতল কৰিব পাৰিলেও এই দ্ৰব্যবিলাকে শৰীৰটোৰ বিশেষ কোনো ধৰণৰ উপকাৰ সাধিব নোৱাৰে। কিন্তু তেনে এবটল ৰঙীন শীতল পানীয় খোৱাতকৈ যদি এগিলাচ সতেজ কুহিয়াৰৰ ৰস খায়, তেনেহ’লে আপুনি গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱাৰ লগতে শৰীৰৰো উপকাৰ সাধন হয়। জ্বৰ হৈ থকা ৰোগীৰ কাৰণে কুহিয়াৰৰ পৰা বিশেষভাৱে উপকাৰী।

এটা অধ্যয়নৰ পৰা জানিব পৰা মতে কুহিয়াৰৰ ৰস সেৱন কৰিলে ৰোগীৰ শৰীৰৰ দুৰ্বলতা দূৰ হয়। কুহিয়াৰৰ ৰসে কেইবাপ্ৰকাৰৰ ৰোগ, যেনে- ৰক্তাল্পতা(এনিমিয়া) , হিকটি, জণ্ডিচ আৰু কমকৈ হোৱা ৰোগ নিৰাময় কৰে। কুহিয়াৰৰ ৰস খাই থাকিলে ছালে আলফা হাইড্ৰক্সি এচিড পৰ্যাপ্ত মাত্ৰাত পায় আৰু তাৰ ফলত ছালৰ ব্ৰণ আৰু ফোঁহা আদি হ’ব নোৱাৰে। গৰমৰ দিনত কুহিয়াৰৰ ৰস সেৱন কৰি থাকিলে শৰীৰৰ নিৰ্জলা অৱস্থা প্ৰতিৰোধ হয়।

কুহিয়াৰৰ ৰসত পটাচিয়াম, কেলচিয়াম, কোবাল্ট, মেগনেচিয়াম, ফচফৰাচ আদি উপাদান থাকে বাবে শৰীৰে এইবোৰ দৰকাৰী উপাদানৰ যোগান সহজে পায়। কিন্তু কুহিয়াৰৰ ৰস সদায় সতেজ অৰ্থাৎ কুহিয়াৰ চেপি লগে লগে খাবলৈ পোৱা ধৰণৰ হ’ব লাগে।

দীৰ্ঘ সময়ৰ আগতে চেপি ৰখা ৰসৰ পৰা প্ৰয়োজনীয় পুষ্টি দ্ৰব্য কেতিয়াও নেপায়। বেছি সময় ৰাখি থোৱা ৰস অক্সিডাইড হয় বা কিম্বন প্ৰক্ৰিয়া ঘটি খাবলৈ টেঙা হয়। এনে ৰসৰ পৰাও পৰাও পৰ্যাপ্ত পুষ্টি উপাদান নেপাব পাৰে।

কুহিয়াৰৰ ৰস নিয়মীয়াকৈ খাই থাকিলে লিভাৰত কোনো ধৰণৰ সংক্ৰমণ হ’ব নোৱাৰে। যদি পূৰ্বৰে পৰা লিভাৰত সংক্ৰমণ থাকে, তেনেহ’লে কুহিয়াৰৰ ৰসে সেই সংক্ৰমণ নাইকিয়া কৰে। কুহিয়াৰৰ ৰসে লিভাৰ শক্তিশালী কৰি ৰক্ষা কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন