তৰমুজ এবিধ একবৰ্ষী আৰোহী লতা। ইংৰাজীত ইয়াক Watermelon বোলে। পকা তৰমুজ খাবলৈ বৰ সোৱাদ। তৰমুজ ফলটোৰ ৯০ শতাংশই পানী। ইয়াক এক পোষকসমৃদ্ধ খাদ্য বুলিব পাৰি। কাৰণ, তৰমুজত বিভিন্ন ভিটামিন, খনিজ উপাদান, উৎসেচক আৰু এন্টি-অক্সিডেন্ট থাকে। তৰমুজৰ গুণাগুণ এনে ধৰণৰ-

*ই শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখে।

*হৃৎপিণ্ড সবল কৰে।

*কেঞ্চাৰ প্ৰতিৰোধক।

*চকুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

*মাংসপেশীৰ জড়তা দূৰ কৰে।

*ছাল আৰু চুলিৰ বাবে উপকাৰী।

*হজম শক্তি বৃদ্ধি কৰে।

*কেল’ৰিৰ পৰিমাণ কম বাবে সকলোৱে খাব পাৰে।

*বৃক্কৰ ৰোগ দূৰ কৰে।

*ইয়াত থকা পটাছিয়ামে বৃক্কত টক্সিন(toxin) জমা হ’বলৈ নিদিয়ে। তেজত ইউৰিক এচিডৰ পৰিমাণ কমাই ৰাখে আৰু বৃক্কত পাথৰ জমা হ’ব নিদিয়ে। ইয়াত থকা এন্টি-অক্সিডেন্টে বৃক্ক নিৰোগী কৰি ৰখাত সহায় কৰে।

*তৰমুজত থকা পটাছিয়াম আৰু মেগনেছিয়ামে ৰক্তচাপ সন্তুলিত কৰি ৰাখে। প্ৰকৃতাৰ্থ আমাৰ শৰীৰৰ ৰক্ত প্ৰবাহী সিৰা-উপসিৰাসমূহ স্বাভাৱিক আৰু নিৰোগী কৰি ৰাখে। ফলত ষ্ট্ৰোক, হাৰ্টএটাক ইত্যাদিৰ পৰা হাত সাৰি থাকিব পাৰি।

*অতিমাত্ৰা গৰমত বহু লোক মূৰ্ছা যোৱা দেখা যায়। গৰমত দিনত নিয়মিত তৰমুজ খালে শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখে আৰু শৰীৰৰ পৰা ঘাম হিচাপে ওলাই যোৱা পানীভাগ ঘূৰাই আনে।

*বৃদ্ধাৱস্থাত শৰীৰ নিমজ, নিৰোগী আৰু সবল কৰি ৰাখে। ছাল শোটোৰা পৰা দূৰ কৰে।

*তৰমুজৰ পটাছিয়াম আৰু মেগনেছিয়ামে শৰীৰত ইনচুলিন প্ৰস্তুতিকৰণ প্ৰক্ৰিয়া সক্ৰিয় আৰু নিয়মিত কৰি ৰাখে। ফলস্বৰূপে ব্লাড ছুগাৰ বাঢ়ি নাযায়। সেয়ে ই ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। তৰমুজত থকা আৰজিনাইন নামৰ উপাদানেও ইয়াত সহায় কৰে।

মুঠতে নানা গুণসম্পন্ন এই ফলবিধ বজাৰত উভৈনদী হৈ থাকোঁতে ইয়াৰ সোৱাদ নিয়মিত লওক আৰু সুস্থ হৈ থাকক।

লেখিকা: ড° মঞ্জু ৰাণী দেৱী(নিয়মীয়া বাৰ্তা)