পৰিচয়:- আনাৰস { pineapple } টেঙা-মিঠা সুস্বাদু ৰসাল ফলবিধক আমি সকলোৱে চিনোহঁক । প্ৰাচীন কালত এই ফলবিধ প্ৰথমে ব্ৰাজিলত পোৱা গৈছিল । লাহে লাহে ইউৰোপ আদি দেশৰ লগতে ভাৰতত প্ৰথমে গোৱাত পৰ্তুগালীসকলে ৰোপন কৰে (১৫৪৮চনত) আৰু বৰ্তমান ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো সহজলব্ধ হৈছেহি ।

পুষ্টিকৰ উপাদানসমূহ -আনাৰসত ভিটামিন ক , খ- ১,২,৩,৫,৬, গ, কেলচিয়াম,প'টেচিয়াম,মেংগানীজ, ফ'লিক এচিড, থায়মিন,বিটা কেৰ'টিন,ফচফ'ৰাচ,ক'পাৰ , এন্টিঅক্সিডেন্ট আদি আমাৰ শৰীৰৰ উপযোগী খনিজ আৰু পোষক গুণেৰে ভৰপুৰ ।
আনাৰস সাধাৰনতে গ্ৰীষ্মকালত প্ৰচুৰ পৰিমানে পোৱা যায় যদিও কমবেচি পৰিমানে শীতকালতো পোৱা যায় । অৱশ্যে শীতকালতকৈ গ্ৰীষ্মকালৰ কদৰ্য্য গৰমত ৰসাল পকা আনাৰসৰ শীতল ৰসে সকলোৰে দেহ মন জুৰ পেলায় ।
ব্যৱহাৰ :- পকা অনাৰস সাধাৰনতে বাকলি গুচাই টুকুৰাকৈ কাটি খোৱা হয নতুবা চেপি ৰস উলিয়াই বা জুচ বনাই খোৱা হয় । (মাজৰ টান অংশ খোৱাতো পেটৰ বাবে হানিকাৰক ।) কেচা আৰু টেঙা আনাৰস ভাজি বা তৰকাৰি কৰিও খোৱা হয় । আন্যহাতে ঔষধী হিচাৱে কুমলীয়া পাত আৰু তলৰ শিপাৰ মুঢ়া অংশ ব্যৱহাৰ কৰা হয় ।
আনাৰসৰ গুণাগুণ :-

আনাৰস শীতল, সুস্বাদু , পিত্তনাশক, কৃমিনাশক,স্মৃতিবৰ্ধক , মুত্ৰকাৰক , ৰুচি ,পাচন শক্তি আৰু ৰক্তবৃদ্ধিকাৰক ।
১। গৰমত আনাৰস বা ইয়াৰ জুচ শীতল পানীয় হিচাৱে উত্তম । শৰীৰৰ গৰম ভাৱ দুৰ কৰে ।
২। আনাৰসত ক'লা নিমখ বা সৈন্ধৱ লবন মিহলাই খালে পাচন শক্তি মজবুত হয় , হজম শক্তি বাঢ়ে , অজীৰ্ন, অৰুচি, প্লীহা বৃদ্ধি ,অগ্নিমন্ডতা ,আম্লপিত্ত দুৰ হয় আৰু পেটত জমা হোৱা অপদ্ৰব্য বাহিৰ হয় ।
৩। আনাৰসে কৌষ্ঠকাঠিন্য আতৰায় ।
৪। মুত্ৰকাৰক আৰু মুত্ৰাশয়ৰ সমস্যা দুৰ কৰে। কিডনী পাথৰৰ বাবে আনাৰস উপকাৰী । কামলা বা জণ্ডিছ ৰোগৰ বাবে আনাৰস হিতকাৰী ।
৫। জলোদৰ বা পেট ত পানীজমা হলে আনাৰস হিতকাৰী ।
৬। বাত ৰোগ গাথিৰ বিষ arthoritis জোৰাৰ বিষ আদি কমায় ।হাড় মজবুত কৰে । গাথিবিষ বা ভৰিফুলা ৰোগত আনাৰসৰ পাত থেতেলি এড়ি তেল (কেস্তৰ অইল) মিহলাই প্ৰলেপ দিলে উপসম হয় ।
৭। উচ্চ ৰক্ৰচ্চাপ কমায়,নিয়ন্ত্ৰনলৈ আনে ।
৮। কৰ্কট আৰু হৃদৰোগীৰ বাবে হিতকাৰক ।
৯। চকুৰ নানা ৰোগৰ বাবে উপকাৰী ।
১০। গাৰ চাল ,নখ আৰু চুলিৰ সৌন্দৰ্যৰ বাবে আনাৰস খোৱা আৰু গাত সনাতো ফলপ্ৰদ ।
১১। আনাৰসে দেহৰ ওজন আৰু অতিৰিক্ত চৰ্বি কমায় ।

১২। মহিলাৰ মাহেকীয়া অকাৰনত বন্ধ হলে আনাৰসে ঋতুস্ৰাৱ কৰায় । ফলৰ ৰস বা কুমলীয়া পাত চাৰিখিলা থেতেলি পানীত সিজাই খাব ।
১৩। সৰু লৰাছোৱালীৰ কৃমিৰ উপদ্ৰব হলে আনাৰসৰ কুমলীয়া পাতৰ ১চামুচ ৰস অলপ মৌৰে ৰাতিপুৱা খালিপেটত খুৱাব ।
১৪। কাহ আৰু শ্বাস ৰোগীৰ বাবে উপকাৰী
জালুক,আদা নিমখ মিহলাই খাব ।
১৫ । ৰক্তহীনতা দুৰ কৰে আনাৰস ৰোগী বা নিৰোগী সকলোৰে বাবে বল শক্তি আৰু স্বাস্থ্যবৰ্দ্ধক ফল হোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰনালী Immune system মজবুত কৰায় ।
ক্ষতিকাৰক গুণ:- আনাৰসৰ ভাল গুণৰ লগতে ক্ষতিগুণখিনিও জানি লোৱাতো ভাল-
১। মহিলাৰ গৰ্ভকালীন অৱস্থাৰ পৰা কেচুৱাৰ ৫-৬মাহ বয়সলৈ মাতৃ গৰাকীয়ে আনাৰস নাখাব ।
২। মাহেকীয়া ঋতুকালীন সময়চোৱাত নাখাব ।
৩। যিকোনো ঔষধ নাইবা এন্টিবায়োতিক দৰৱ খোৱাৰ আগত বা পিচত আনাৰস নাখাব ।
৪। বহুমূত্ৰ ৰোগীৰ বাবে আনাৰস হানিকাৰক
(অধিক শৰ্কৰা যুক্ত হোৱাৰ বাবে )
৫। দন্তক্ষয় ৰোগীয়ে আনাৰস খালে লগে লগে দাঁত)মুখ ধুই পেলাব ।
৬। অস্ত্ৰোপচাৰ কৰা বা ৰক্তপাত হোৱা ৰোগীয়ে আনাৰস নাখাব ।
৭। এলাৰ্জী থকা লোকে আনাৰস নোখোৱাই ভাল ।
৮। কেচা আৰু খুব টেঙা আনাৰস ক্ষতিকাৰক ভাজী বা তৰকাৰী খাব পাৰে ।

খালিপেটে অধিক মাত্ৰাত আনাৰস কেতিয়াও নাখাব ।আনাৰসৰ দুস্প্ৰভাৱ আতৰাবলৈ সন্ধা নিমখ , ক'লা নিমখ বা যিকোনো নিমখৰ লগতে জালুক খোৱাতো ভাল । আনাৰস খাই মুখ বা গল চেকচাকালে বা খজুৱালে নেমু আৰু নিমখ পানীৰে কুলকুলিয়াব আৰু খাব।

লেখক – যতীন দাস