গুড় কফনাশক, ৰক্তবৰ্ধক, শক্তিবৰ্ধক, ৰুচিবৰ্ধক। গুড় ভিটামিন আৰু খনিজ বস্তুৰে ভৰপূৰ। গুড়ত প্ৰধানকৈ আইৰণ, কেলচিয়াম, ফছফৰাচ, মেগনেছিয়াম, পটাচিয়াম, ছডিয়াম আদি পোৱা যায়। গুড় উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়। ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদ মতে, গুড় হাঁওফাওঁ আৰু গলৰ বাবে অত্যন্ত লাভদায়ক।

*কফ শান্ত কৰি ৰখাত গুড় সকলোতকৈ ভাল হয়। কফ অসন্তুলিত হলে শৰীৰত ফছফৰাচৰ অভাৱ ঘটে। গুড়ত ফছফৰাচ থাকে বাবে কফৰ প্ৰভাৱত থকাসকলৰ কাৰণে গুড় অতি উপকাৰী।

*গুড়ত আইৰণ থাকে আৰু সেইকাৰণে গুড় এনিমিয়া ৰোগ নিৰাময়ত সহায়ক।

*আহাৰ খোৱাৰ পিছত অলপ গুড় খালে ই আহাৰ জীণ যোৱাত সহায় কৰে। ই পেট পৰিষ্কাৰ ও কৰে।

*বিভিন্ন খাদ্যৰ কুপ্ৰভাৱত শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰ বাহিৰ কৰাত গুড়ে সহায় কৰে।

* আয়ুৰ্বেদ মতে, কফৰ দোষৰ বাবেই মেদ বৃদ্ধি হয়। গতিকে, মেদ হ্ৰাস কৰিবলৈ চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস কৰিলে নিশ্চয় উপকৃত হব।

* গুড়ে হাঁওফাওঁৰ টনিক হিচাপে কাম কৰে। ই শ্বাসনলী পৰিষ্কাৰ কৰাৰ লগতে কফ Expectorant হিচাপেও কাম কৰে।

*তিল আৰু গুড়ৰ গুণ একে বাবে গুড় আৰু তিল একেলগে খোৱাটো উপকাৰী।

* গুড়ত কেলচিয়াম থাকে বাবে গুড় খালে হাড় মজবুত হয়।

*গুড়ে তেজ পৰিষ্কাৰ কৰি কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ, হাৰ্টৰ ৰোগীৰ বাবে চেনিৰ সলনি গুড় খোৱাটো লাভজনক।

* পুৰণিকালত ধোৱা আৰু ধূলিৰ পৰিৱেশত কাম কৰা কাৰখানাৰ শ্ৰমিকসকলক দিনটোৰ কামৰ অন্তত এডোখৰকৈ গুড় খাব দিয়া হৈছিল আৰু পূজা,বিহুৰ বোনাছ হিচাপেও গুড় দিয়াৰ কথা শুনা যায়।
* আমাৰ অসমত অতীজৰে পৰা ফাকুৱা বা দৌল উৎসৱত গুড় আৰু চাউলৰ গুড়িৰ লাৰু বনাই খোৱাৰ পৰম্পৰা আছে আৰু যিটো সেই সময়ৰ বতৰৰ বাবে অত্যন্ত অনুকূল, কাৰণ ফাগুন মাহ মানেই ধূলি আৰু বতাহেৰে প্ৰদূষিত পৰিৱেশ।
*অতি আশ্বৰ্যকৰ কথাটো হল গুড়ত যিবোৰ ভিটামিন আৰু খনিজ বস্তু থাকে, সেই প্ৰায় আটাইবোৰেই চাউলৰ গুড়িতো থাকে। এই হিচাপত দুয়োটাৰ মিশ্ৰণ অতি স্বাস্থ্যসন্মত।

*আয়ুৰ্বেদ মতে, গুড় আৰু গাখীৰ বিৰুদ্ধ খাদ্য। গতিকে, গুড় আৰু গাখীৰ একেলগে খোৱা ভাল নহয়।
* খাটি গুড় কেনেকৈ চিনিব পাৰি খাটি গুড় দেখাত তামবৰণীয়া বা চকলেট বৰণৰ হয়। দেখাত অলপ অপৰিষ্কাৰ যেন লাগে। খাটি গুড় অলপ টান হয় আৰু বহুদিন ৰাখি থলেও সহজতে গলি নাযায়। আনহাতে কেমিকেল মিহলোৱা গুড় দেখাত পৰিষ্কাৰ হয়, অলপ পাতলীয়া বৰণৰ হয় আৰু সহজে গলি যায়। গতিকে, বজাৰত গুড় কিনোতে সদায় কথাখিনি গুৰুত্ব দিব।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ