আজিকালি সকলো সময়তে বজাৰত গাজৰ কিনিবলৈ পোৱা যায়। কেঁচাই খাব পৰাৰ লগতে নানা ধৰণৰ আঞ্জা বা ভাজিত আন পাচলিৰ লগত মিহলাই ৰান্ধিব পাৰি। গাজৰত প্ৰচুৰ পৰিমাণে ঔষধি গুন আছে। নিয়মীয়াকৈ গাজৰ খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ লগতে শৰীৰো নিৰোগী হৈ উঠে।

*গাজৰৰ ৰস লগালে শালম’ন উঠা বন্ধ হয়।

*শিশুক নিয়মীয়াকৈ গাজৰ খুৱাব লাগে। শিশুৰ বাবে তৈয়াৰ কৰা আহাৰত গাজৰ সৰু সৰুকৈ কাটি দি পিছত পিটিকি খুৱাব লাগে। শিশুৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰি।

*প্ৰতিদিনে ১ গিলাচকৈ গাজৰৰ ৰস খালে ৰোগ দূৰ হয়।

*স্মৰণ শক্তি বৃদ্ধি কৰাত গাজৰ এক ফলপ্ৰসূ দাৱাই।

*ডায়েবেটিছ ৰোগীসকলে নিয়মীয়াকৈ গাজৰৰ ৰস খাব পাৰে। গাজৰে তেজৰ গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

উৎস: নিয়মীয়া বাৰ্তা