খাদ্যৰ সৈতে প্ৰতিদিনে আমাৰ শৰীৰত কিমান যে ৰঙীণ বিহ প্ৰৱেশ কৰে, সেয়া কাৰো খেয়াল নাথাকে। খাদ্যৰ সৈতে বিভিন্ন প্ৰাকৃতিক ৰং বহু শতাব্দী ধৰি ব্যৱহাৰ হৈ আহিছে। সেউজীয়া কৰিবলৈ ক্লৰ’ফিল, হালধীয়া কৰিবলৈ হালধি ইত্যাদি। এইবোৰৰ পৰা ৰঙীণ কৰা খাদ্যৰ দ্বাৰা শৰীৰৰ ক্ষতিৰ কোনো আশংকা নাই। এইবোৰৰ বাহিৰেও কৃত্ৰিম ১১ বিধ অনুমোদিত ৰং নিৰ্দিষ্ট মাত্ৰাত খাদ্যত ব্যৱহাৰ কৰিব পাৰি। সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে এলাৰ্জীৰ বাহিৰে শৰীৰত আন প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু এইবোৰৰ বাহিৰেও মানুহৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধ থকা অসংখ্য বিষাক্ত ৰং খাদ্যৰ সৈতে আমাৰ শৰীৰত প্ৰৱেশ কৰি আছে আৰু ইয়াক লৈ সৰ্বসাধাৰণ অলপো সজাগ নহয়। আলকাতৰাৰ পৰা তৈয়াৰী ঔদ্যোগিক শিল্পত ব্যৱহাৰ্য সস্তীয়া মেটানিল ইয়েলো মিহলি কৰা হয় জিলাপি, সন্দেশ, ৰংগুৰি, চপ-ঘুগুণি আদি অনেক খাদ্য সামগ্ৰীত। সতেজ দেখিবলৈকে ইয়াক ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ অধিক ব্যৱহাৰৰ ফলত পুৰুষৰ শুক্ৰাশয়ত শুক্ৰাণুৰ উৎপাদন ব্যাপকভাৱে হ্ৰাস পায়। খাদ্যৰ সৈতে এনে ধৰণৰ ৰং দীৰ্ঘদিন ধৰি গ্ৰহণ কৰাৰ ফলত পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাইকিয়া হ’ব পাৰে। গোটা হালধি আৰু পেকেটৰ গুৰি মচলাত মিহলি কৰা হয় বিষাক্ত ক্ষতিকৰ ৰং লেড ক্ৰ’মেট। ইয়াৰ ধাৰাবাহিক ব্যৱহাৰৰ ফলত মহিলাৰ গৰ্ভপাত হ’ব পাৰে। আনহাতে ই যিকোনো ব্যক্তিৰে ৰক্তহীনতাৰ চিকাৰ কৰিব পাৰে। দীঘকাল ব্যৱহাৰৰ ফলত মগজু ক্ষতিগ্ৰস্ত হয় আৰু পক্ষাঘাতো মাতি আনিব পাৰে। খাদ্য সতেজ দেখাবলৈ, আকৰ্ষণীয় কৰিবলৈ কমেও ১৫-২০ ধৰণৰ মাৰাত্মক ৰং খাদ্যত মিহলি কৰি অহা হৈছে। এনে বিষাক্ত ৰঙে যকৃত, বৃক্ক, প্লীহা, মগজুৰ ক্ষতি কৰিব পাৰে। কিছুমান বিষাক্ত ৰঙৰ আছে আকৌ কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা। তদুপৰি এইবোৰ ৰঙৰ পৰা মগজুৰ ক্ষতি, পক্ষাঘাত, বিভিন্ন ধৰণৰ টিউমাৰ আৰু অনেক জটিলতাৰ সৃষ্টি হ’ব পাৰে। গৰ্ভৱতী মাতৃৰ গৰ্ভৰ সন্তানৰো এইবোৰে মাৰাত্মক ক্ষতি কৰিব পাৰে। এই ক্ষেত্ৰত গ্ৰাহকসকল সজাগ হ’লেহে বিক্ৰেতাই এনে বিষাক্ত ৰঙৰ ব্যৱহাৰ বন্ধ কৰিবলৈ বাধ্য হ’ব। ৰঙীণ খাদ্যৰ প্ৰতি আকৰ্ষণ বেছি বাবেই বিক্ৰেতাই এনে ৰং ব্যৱহাৰ বেছিকৈ কৰে। কিন্তু যদি গ্ৰাহকে এনে ৰঙীণ খাদ্য ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰে, বিক্ৰেতাই এনে বিষাক্ত দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰিবলৈ বাধ্য হ’ব। উৎস: দৈনিক অসম