সাধাৰণভাৱে আমি খাদ্য আৰু আহাৰ দুয়োটা শব্দকে খাদ্য দ্ৰব্য বুজাবলৈ ব্যৱহাৰ কৰো। কিন্তু প্ৰকৃতাৰ্থত খাদ্য আৰু আহাৰ দুয়োটাকে একে অৰ্থত ব্যৱহাৰ কৰিব নোৱাৰি। খাদ্য বুলিলে যিকোনো খোৱা বস্তুকে বুজোৱা হয়। কিন্তু আহাৰ বুলিলে আমি ‘সুষম আহাৰ’কে বুজাও। আনহাতে পথ্য বুলিলে আমি ৰোগীৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা আহাৰক বুজাব পাৰো। ইতিহাস মেলি চালে আমি দেখা পাওঁ যে আদিম মানৱে জীৱ জন্তুৰ কেঁচা মাংস খাবলৈ শিকিলে। সময় বাগৰাৰ লগে লগে খাদ্য বস্তুৰ বিকাশ হ’বলৈ ধৰিলে। সভ্য যুগৰ আৰম্ভ হ’ল আৰু লগে লগে মানুহে বিভিন্ন সুস্বাদু আৰু সুষম আহাৰ প্ৰস্তুত কৰিবলৈ শিকিলে। সিন্ধু সভ্যতাৰ কালতে মানুহে ঘেঁহু, বাৰ্লিৰ পৰা বিবিধ খাদ্য প্ৰস্তুত প্ৰণালী উদ্ভাৱন কৰিলে, পোহনীয়া জন্তুৰ গাখীৰৰ পৰা ঘিউ, মাখন আদি দ্ৰব্য তৈয়াৰ কৰিবলৈ ল’লে আৰু প্ৰকৃতিৰ পৰা আহৰণ কৰা বিবিধ উদ্ভিদৰ পৰা সুস্বাদু খাদ্য প্ৰস্তুত কৰিবলৈ ধৰিলে। খাদ্য শস্যৰ পৰা বিবিধ খাদ্য প্ৰস্তুত কৰাৰ প্ৰণালীও উদ্ভাৱন হ’ল। ঘেহু, বাৰ্লি আৰু গোম ধানৰ দৰে শস্যৰ খেতি কৰি সেইবিলাকৰ পৰা ৰুটি তৈয়াৰ কৰি খোৱাৰ কৌশল মানুহে আয়ত্ব কৰিলে। সিন্ধু সভ্যতাৰ পাছত আৰ্য সভ্যতা আৰম্ভ হ’ল। ঘিউ, মৌৰ লগতে পানীয় প্ৰস্তুত প্ৰণালীও উদ্ভাৱন হ’ল। সেই সময়ত ব্যাপকভাৱে ব্যৱহৃত পানীয় আছিল ‘সোমৰস’। তাৰ পিছত আহিল ৰজা-মহাৰজাৰ যুগ। ইয়াতেই ৰান্ধনি নিয়োগ ব্যৱস্থাৰ প্ৰচলন হ’ল। ৰজাক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ ৰন্ধনপ্ৰকৰণ আৰম্ভ্ হ’ল। সম্ৰাট চাহজাহানৰ এজন বিশিষ্ট ‘আলু বাৰ্বুৰ্চী’ নামৰ ৰান্ধনি আছিল। যি কেৱল আলুৰ পৰাই ১০১ বিধ ব্যঞ্জন বনোৱাত পাকৈত আছিল। আধুনিক যুগ আৰম্ভ হোৱাৰ লগে লগে মানুহৰ আহাৰৰ বিষয়ে সচেতনতা আৰু জ্ঞানৰ পৰিসৰ বহুগুণে বাঢ়িল। আহাৰ আৰু পুষ্টিৰ বিষয়েও বহু কথা মানুহে শিকিলে। লগে লগে ‘খাদ্য বিজ্ঞান’ নামৰ নতুন বিষয় এটৰো জন্ম হ’ল। সৃষ্টি হ’ল খাদ্য বিজ্ঞানীৰো। তেওঁলোকেই খাদ্যক আহাৰলৈ সলনি কৰি ‘সুষম আহাৰ’ নাম দিলে। খাদ্য বিজ্ঞানীসকলে উপদেশ দিয়া বিষয়বোৰ ক) আহাৰ কেনে হ’ব লাগে প্ৰথম কথা উপযুক্ত খাদ্য বস্তু খাব লাগে। উপযুক্ত খাদ্যখিনি সঠিক পৰিমাণৰ হ’ব লাগে। (খ) আমাৰ খাদ্যত কি থাকিব লাগে শৰ্কৰা মাংসসাৰ স্নেহ পদাৰ্থ আঁহ জাতীয় খাদ্য শাক-পাচলি আৰু ফলমূল। খাদ্যৰ উপাদানসমূহৰ পৰা কি পাব শৰ্কৰা ই আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। সেই বাবে ইয়াক ‘Energy Yielding Food’ বোলা হয়। ক’ত পাব ভাত, ৰুটি, আলু, কচু, চেনি, চুজি, সান্দহ, পিঠাগুৰি, চিৰা মূড়ি ইত্যাদি।h শৰ্কৰা অধিক পৰিমাণে খালে গেৰেলা হ’ব আৰু কমকৈ খালে দুৰ্বলতাই দেখা দিব। মাংসসাৰ ই শৰীৰৰ মেৰামতি আৰু গঠনৰ কামত সহায় কৰে। ক’ত পাব: মাছ, মাংস, কণী, গাখীৰ, বুটমাহ, দাইল, মটৰ মাহ, বাদাম ইত্যাদি। স্নেহ পদাৰ্থ ই শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰে আৰু শক্তি দিয়ে। ক’ত পাব: তেল, ঘিউ, মাখন, সেউঅজীয়া পাচলি আৰু তৈলবীজ ইত্যাদি। খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থ ই শৰীৰক ৰোগ মুক্ত কৰে। দাঁত, অস্থি গঠনত সহায় কৰে। ক’ত পাব: শাক-পাচলি আৰু ফল-মুলত পাব। আঁহ জাতীয় খাদ্য ই শৰীৰত কলেষ্টেৰল কমাই ৰাখে, কোষ্ঠ্য কাঠিন্যতা দূৰ কৰে। ক’ত পাব: মেথিশাক, চজিনা, আপেল, বেল, ঢেঁকীত বনা চাউল ইত্যাদি। এতিয়া সুষম আহাৰৰ কথালৈ আহো। ই এনে এবিধ আহাৰ য’ত খাদ্যত থাকিব লগা সকলো উপাদান থাকে। এনে খাদ্যই আমাকতিনি প্ৰকাৰে সহায় কৰে। শৰীৰৰ শ্ৰীবৃদ্ধি শৰীৰক প্ৰয়োজনীয় শক্তি প্ৰদান কৰে। শৰীৰক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে, অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰাখে। এই আহাৰৰ উল্লেখনীয় কামবোৰ হ’ল- ই শাৰীৰিক আৰু মানসিক অৱস্থা সুস্থ ৰাখে। কাম কৰাৰ ক্ষমতা বঢ়ায়। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। লগতে এই খাদ্যত আঁহ জাতীয় দ্ৰব্যও থাকিব লাগে। পানী দৈনিক খাব লগা পানীৰ পৰিমাণ ৮ ৰপৰা ১০ গ্লাচ হ’ব লাগে। ডা: চাহজাহান বৰবৰা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন