<p style="text-align: justify; ">খাদ্য আৰু পৰিপূৰকৰ জৰিয়তে মাত্ৰাধিক কেলচিয়াম গ্ৰহণে মহিলাৰ ক্ষেত্ৰত বিপদ মাতিব পাৰে| ছুইডেনত চলোৱা এক সমীক্ষাৰ পিছত কোৱা হৈছে যে অধিক মাত্ৰাত কেলচিয়াম গ্ৰহণে হৃদৰোগ আৰু অন্যান্য ধৰণে মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে| এই সমীক্ষাত ৬১,৪৩৩ গৰাকী মহিলাক ১৯ বছৰ ধৰি অনুসৰণ কৰা হৈছিল| অধ্যয়ন কালত ইয়াৰে ১১,৯৪৪ গৰাকী মহিলা মৃত্যুমুখত পৰে| অধ্যয়নৰ পৰা দেখা গৈছে যে যিসকল মহিলাই দিনটোত ১,৪০০ মিলিগ্ৰাম বা ততোধিক কেলচিয়াম গ্ৰহণ কৰে তেওঁলোকৰ দিনটোত ৬০০ ৰ পৰা ১,০০০ মিলিগ্ৰাম কেলচিয়াম গ্ৰহণ কৰা সকলৰ তুলনাত মৃত্যুৰ আশংকা দুগুণ| যিসকলে ৬০০ মিলিগ্ৰামতকৈ কম পৰিমাণে কেলচিয়াম গ্ৰহণ কৰে তেওঁলোকৰ ক্ষেত্ৰতো মৃত্যুৰ আশংকা বৃদ্ধি পায়| বিশেষকৈ যিসকলে খাদ্যৰ জৰিয়তে কেলচিয়াম গ্ৰহণ কৰাৰ লগতে পৰিপূৰক হিচাপেও কেলচিয়াম গ্ৰহণ কৰে তেওঁলোকৰ ক্ষেত্ৰত বিপদ বেছি| ইয়াত কোৱা হৈছে যে কেলচিয়াম কম পৰিমাণে বা মাত্ৰাধিক পৰিমাণে গ্ৰহণ কৰা দুয়োতাই বিপজ্জনক|</p> <p style="text-align: justify; "><strong>উৎস:- দৈনিক অসম</strong></p>