CASHEWকাজু বাদাম(Cashew)ক আমি চাহাবী বাদাম বুলিলেও ভুল কোৱা নহব । কাৰন অইন বাদামতকৈ দাম কিছু বেচি হোৱা বাবে সাধাৰনতে চাহাব বা আঢ্যৱন্ত লোকৰ খাদ্য তালিকাতহে সীমিত ।
যাহ'ক আমি সাধাৰন বোৰেও কিছু জানো আহক ইয়াৰ পুষ্টি আৰু ঔষধী গুণবোৰ ।
কাজু সচৰাচৰ ব্ৰাজিল,দক্ষিন ভাৰত, বাংলাদেশ বা প্ৰখৰ ৰ'দ পৰা গ্ৰীষ্মপ্ৰধান
অঞ্চলত উৎপাদন হয় । ইয়াৰ ফল কোনো কোনোৱে খায় যদিও তলত হোৱা বাদাম সদৃশ গুটিটোকহে " কাজু বাদাম "কোৱা হয়। কাজু গছ জোপোহা, মধ্যম ওখ আৰু বহু বছৰলৈ ফল দিয়া অতি লাভকাৰী ফলবৃক্ষ ।
কাজুবাদামক_শুকান_ফলৰ_ৰজা বুলি কোৱা হয় । আমাৰ শৰীৰৰ প্ৰায় সকলো ধৰনৰ পৌষ্টিক উপাদান যেনে-
অধিক মাত্ৰাত প্ৰটিন ,ভিটামিন আইৰন, ক'পাৰ, কেলচিয়াম ,পটেচিয়াম মেগনেচিয়াম,চিলিয়াম ,মেংগানীজ,জিন্ক,ফাইবাৰ ,কেলৰী ,খনিজ ধাতব লবন , স্নেহ পদাৰ্থ আদি সুক্ষ্ম পোষক তত্বৰে (micro-nutrient) ভৰপুৰ ।
সঠিক মাত্ৰা আৰু ব্যৱহাৰ বিধি -
দামত বেচি হলেও বহুতে ভাল বস্তু বুলি জানি নিজে বা লৰাছোৱালীক অধিক মাত্ৰাত খাবলৈ দিয়াতো " হিতে বিপৰীত " হোৱাৰহে সম্ভাৱনা বেচি। বহুতে মিঠাই বা অইন আহাৰত মিহলায়ো খায় ।
সৰু লৰাছোৱালীয়ে এবাৰত ৩-৪টা ডাঙৰে ৪-৮টালৈ খাব । গ্ৰীষ্মদিনত এবাৰেই যথেস্থ্য ।
গাখীৰ ,মৌ নাইবা গুড়ৰ লগত খালে বেচি ফল পোৱা যায় ।

নিয়মিত কাজু সেৱনত হব পৰা দেহৰ লাভ আৰু ক্ষতি -

লাভকাৰী গুন -

১। কাজু নিয়মিত সঠিক মাত্ৰাত খালে সুস্বাস্থ্যৰ বাবে টনিক বা ভিটামিন খোৱাৰ দৰে হয় লগতে সকলো বয়সৰ লোকৰ দেহগঠন আৰু নানা প্ৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় । শাৰীৰিক ও মানসিক সুস্থতা অনুভৱ হয় ।
২। কাজুৱে মগজুৰ কোষ সুস্থ্য কৰায়, স্মৃতিশক্তি বঢ়ায় , ভাগৰ, দুখ দুঃচিন্তা , অৱসাদ আতৰায় ।
৩। দুৰ্বল,ৰুগীয়া বা নিৰোগী লোকৰ গাত বলশক্তি enerjy বাঢ়ে ।
৪। পাচনতন্ত্ৰ সৱল হয় । হজম শক্তি ,অজীৰ্ণ,অভোক দুৰ হয়। লিভাৰ আৰু কিডনী সৱল হয়।
পেটৰ নানা সমস্যা দুৰ হয় ।
৫। দেহৰ অম্লতা, কোলেষ্ট্ৰল ,ইউৰিক এচিড আৰু হৰমোন নিয়ন্ত্ৰন বা সন্তুলন হয়।
৬। কৰ্কট আৰু হৃদয় ৰোগ প্ৰতিৰোধ কৰে ।
৭। ৰক্ত বৃদ্ধি তথা পৰিস্কাৰ কৰে ।
৮। বায়ু পিত্ত কফৰ সমতা ৰক্ষা কৰে ।
৯। দেহৰ ওজন স্বাভাৱিক কৰায় ।
১০। কাজু খালে চুলিৰ সৌন্দৰ্য বাঢ়ে ,গাৰ চাল সুন্দৰ আৰু মসৃন কৰে ।
( কাজু পিহি গোলাপজল সহ চালত ঘহিব পাৰে)
১১। দাঁত আৰু দাঁতৰ আলু মজবুত হয় ।
১২। হাড়ৰ গঠন সুদৃঢ় হয় , হাড়ৰ বিষ বেদনা নিৰাময় হয় ।
১৩ । নিয়মিত কাজু খালে পুৰুষ নাৰীৰ যৌন ক্ষমতা বাঢ়ে । যৌন দুৰ্বলতা,শীঘ্ৰপতন আদি
দুৰ হয় ।
১৪। সৰু লৰাছোৱালীক ২-৪ টাকৈ গাখীৰ সহ নিতৌ খুৱালে
স্বাস্থ্য সুৰক্ষিত তথা পঢ়াত মনোযোগ বৃদ্ধি হয় 🚫# কাজুৰ_ক্ষতিকাৰক_দিশ🚫
১। অধিক মাত্ৰাত খালে পেটৰ অসুখ হাগনী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হব পাৰে ।
২। ব্লাড চুগাৰ বৃদ্ধি হব পাৰে
৩। নাকেৰে তেজ যোৱা ৰোগীয়ে নাখাব ।
৪। মাইগ্ৰেইন পেইন / ঘনাই মুৰৰ বিষ হোৱা লোকে নাখাব ।
৫। মহিলাৰ পেটৰ নানা ৰোগত ভুগী থাকিলে কাজু নাখাব ।
৬। কাজুয়ে দেহৰ উত্তাপ বৃদ্ধি কৰায় । সেয়ে গৰম সহ্য কৰিব নোৱাৰা লোকে বা অতি গৰম বতৰত কাজু নাখাব ।
৭। চিকিৎদাধীন ৰোগীয়ে ডক্তৰৰ পৰামৰ্শমতে খাব ।৮। অধিক শকত কম পৰিশ্ৰমী লোকে কাজু নাখাব ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ