দৈনন্দিন খাদ্যপ্ৰণালীত কঠালৰ ফল আৰু ইয়াৰ তৰকাৰী খাই মানুহে বহুত ভাল পায় আৰু কোনো সন্দেহ নোহোৱাকৈ এইবোৰ বহুখিনি সোৱাদযুক্ত আৰু ৰুচিকৰ হয় । যিদৰে কঠালৰ গুণাগুণসমূহ স্বাস্থ্যৰ লগত জড়িত হৈ আছে, সেইদৰে ইয়াৰ বীজ অৰ্থাৎ গুটিবোৰো পুষ্টিকৰ গুণেৰে সমৃদ্ধ এক উত্তম আহাৰ বুলি সৰ্বজনবিদিত । সাধাৰণতে কঠালৰ গুটিসমূহ মানুহে দাইলত দি অথবা পিটিকা কৰি খোৱা দেখা যায় ।

জানো আহক কঠালৰ গুটিসমূহৰ পাঁচটা বিশেষ গুণাগুণ সম্পৰ্কে -

(১) কঠালৰ বীজত ডাইট্ৰি ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে আৰু কেলৰি কম পৰিমাণে পোৱা যায়, যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায়ক হয় ।

(২) কঠালৰ বীজত মেগনেচিয়াম, মেংগানিজৰ দৰে পোষক তত্ব অধিক পৰিমাণে পোৱা যায়, যি হাড়বিলাকত হোৱা কেলচিয়ামৰ অৱশোষণত সহায়ক হয় । লগতে ই শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সুচল কৰি তোলাত সহায় কৰে ।

(৩) কঠালৰ বীজত ষ্টাৰছ পোৱা যায়, যি অামাৰ শৰীৰক শক্তি প্ৰদান কৰে । শক্তিৰ বাবে ই এবিধ সুন্দৰ উৎস, যি সোৱাদযুক্তও হয় ।

(৪) কঠালৰ বীজত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায়, যি বৰ্ধিত বয়সৰ গতি মন্থৰ কৰাৰ লগতে আপোনাক অৱসাদ মুক্ত কৰি ৰখাত যথেষ্টখিনি সহায়ক হয় ।

(৫) কঠালৰ বীজত লিগ্নেন্ছ, আইছফলেবন্ছ, চেপনিন্ছ তথা অন্য লাভজনক ফাইটনিউট্ৰিয়েন্ছ পোৱা যায়, যি শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে উপকাৰী ।

লেখক- ৰিদিপ ৰঞ্জন চেতিয়া