মধুমেহ মহৌষধস্বৰূপ ‘ক’লা জামু’ বৰ্ষা ঋতুৰ এক উল্লেখযোগ্য ফল। দেশৰ সৰ্বত্ৰ এইবিধ ফল পোৱা যায়। ইয়াৰ অনেক প্ৰজাতি আছে। মধুমেহত ভোগা ৰোগীৰ বাবে ই প্ৰকৃতিৰ এক অনুপম উপহাৰস্বৰূপ। আয়ুৰ্বেদ শাস্ত্ৰত ইয়াক উদৰ ৰোগ নাশক, হজমী কাৰক(পাচক), কৃমি, কফ, পিত্ত আৰু দেহৰ পোৰণি প্ৰশমক বুলি কোৱা হৈছে।

ইয়াৰ গুটিৰ গুৰি বা বীজৰ চূৰ্ণ মধুমেহৰ বাবে এক অব্যৰ্থ ঔষধিস্বৰূপ। এই বীজৰ চূৰ্ণ পৰিমিত ৰূপত নিয়মীয়াকৈ সেৱন কৰিলে প্ৰায় এসপ্তাহৰ ভিতৰতে প্ৰস্ৰাৱৰ শৰ্কৰা নিয়ন্ত্ৰিত হয় বুলি কোৱা হৈছেফ। এই জামু গছৰ ফল, বীজ, ছাল, পাত সকলোবোৰেই ঔষধি গুনসমৃদ্ধ। এই ক’লা জামুৰ বৈজ্ঞানিক নাম হৈছে Syzygum cummini আৰু ই Myrtaceae পৰিয়ালৰ।

প্ৰতি ১০০ গ্ৰাম ক’লা জামুত পোৱা পোষক:

*কাৰ্ব’হাইড্ৰেট ১৪ গ্ৰাম,

*আঁহ ০৬ গ্ৰাম,

*চৰ্বি ০.২৫ গ্ৰাম,

*প্ৰ’টিন ০.৯৯৫ গ্ৰাম,

*থায়ামিন(ভিটামিন বি১) ০.০১৯ মিঃগ্ৰাম,

*ৰিবোফ্লেভিন(ভিটামিন বি২) ০.০০৯ মিঃগ্ৰাম,

*নিয়াচিন(ভিটামিন বি৩) ০.২৪৫ মিঃগ্ৰাম,

*ভিটামিন বি৬ ০.০৩৮ মিঃগ্ৰাম,

*ভিটামিন চি ১১.৮৫ মিঃগ্ৰাম,

*কেলচিয়াম ১১.৬৫ মিঃগ্ৰাম,

*লো ১.৪১ মিঃগ্ৰাম,

*মেগনেছিয়াম ৩৫ মিঃগ্ৰাম,

*ফছফৰাছ ১৫.৬ মিঃগ্ৰাম,

*পটাছিয়াম ৫৫ মিঃগ্ৰাম,

*ছ’ডিয়াম ২৬.২ মিঃগ্ৰাম,

*ফ’লিক এচিড ৩ মিঃগ্ৰাম,

*পানী ৮৪.৭৫ গ্ৰাম।

তদুপৰি জামুত

*মেলিক এচিড,

*একজেলিক এচিড,

*গেলিক এচিড,

*টেনিন,

*সুগন্ধি তৈল পদাৰ্থ আৰু

*নীলা ৰঞ্জক দ্ৰব্য পোৱা যায়।

ইয়াৰ বীজত কেলচিয়াম আৰু প্ৰ’টিনৰ উপৰি ‘জম্বোলিন’(Jombolin) নামৰ এবিধ অতি মূল্যৱান পদাৰ্থ(গ্লাইকোছাইড) পোৱা যায়, যিয়ে তেজ আৰু প্ৰস্ৰাৱৰ শৰ্কৰা নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি বহুমূত্ৰ ৰোগীৰ বাবে প্ৰকৃতিৰ এক অমূল্য আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে।

জামুত পৰ্যাপ্ত মাত্ৰাত আইৰণ আৰু ভিটামিব ‘চি’ থকা বাবে ই তেজৰ হিম’গ্লবিন বঢ়ায়, তেজ পৰিষ্কাৰ কৰে, ৰক্তহীনতা(এনিমিয়া) দূৰ কৰে আৰু গাৰ ছালৰ উজ্জ্বলতা বঢ়ায়। পৰ্যাপ্ত মাত্ৰাত প’টাছিয়াম থকা বাবে হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আদিৰ সম্ভাৱনা হ্ৰাস কৰে।

জামুৱে ৰক্ত শৰ্কৰা কমায় বাবে অস্ত্ৰোপচাৰৰ দুসপ্তাহ আগত বা পিছত জামু খাব নালাগে। পৰিমিত মত্ৰাত জানুৰ ৰস সেৱনে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায় আৰু ইয়াত থকা ‘পলিফেনল’ নামৰ উপাদানবিধে কৰ্কট প্ৰতিৰোধী হিচাপে কাম কৰে।

ইয়াত থকা লো, কেলচিয়াম, প’টাছিয়াম আদি উপাদানে হাড় শক্তিশালী কৰি ‘অষ্টিঅ’প’ৰছিছ’ ৰোগ প্ৰতিৰোধ কৰে।

মধুমেহ বা বহুমূত্ৰ ৰোগ আধুনিক যুগৰ এক ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ। ভুল জীৱনশৈলী আৰু আহাৰ-বিহাৰৰ অসংযমিতাৰ পৰিমাণস্বৰূপে বহু লোক এই ৰোগৰ চিকাৰ হোৱা দেখা যায়। ক’লা জামুৰ পকা সুমিষ্ট ফল আৰু বীজৰ চূৰ্ণ সেৱনৰদ্বাৰা এই ৰোগ বহুলাংশে নিয়ন্ত্ৰিত কৰিব পৰা যায়।

ইয়াৰ বীজৰ চূৰ্ণ বহুমূত্ৰ ৰোগৰ এক অব্যৰ্থ ঔষধ বুলি আধুনিক চিকিৎসা বিজ্ঞানৰদ্বাৰা প্ৰমাণিত তথা চিহ্নিত হৈছে।

ইয়াৰ বীজত নিহিত জম্বোলিন নামৰ গ্লাইকোছাইডবিধে শ্বেতসাৰক শৰ্কৰালৈ ৰূপান্তৰিত হোৱাত বাধা প্ৰদান কৰি মধুমেহ ৰোগীৰ যথেষ্ট উপকাৰ সাধন কৰে।

ইয়াৰ বীজৰ চূৰ্ণ ১ বা ২ গ্ৰাম পানীৰে সৈতে নিয়মীয়াকৈ(দিনে তিনিবাৰকৈ) সেৱন কৰিলে সপ্তাহটোৰ ভিতৰতে মূত্ৰ শৰ্কৰা নিয়ন্ত্ৰিত হয়।

খালী পেটত জামু খাব নালাগে।

জামু খোৱাৰ পিছতে গাখীৰ খাব নালাগে।

পকা জামু সদায় নিমখৰ সৈতে খাব লাগে।

আহাৰ খোৱাৰ পিছত ইয়াক বেছিকৈ খাব নালাগে। কাৰণ ই যথেষ্ট গুৰুপাকী।

ইয়াৰ মাত্ৰাধিক্যই কোষ্ঠকাঠিন্য, কফ বৃদ্ধি, বুকুৰ বিষ আদি কৰিব পাৰে।

বাত ৰোগী, প্ৰসূতি আৰু উপবাসী ব্যক্তিয়ে এই ফল গ্ৰহণ কৰিব নালাগে।

বৰ্তমান সময়ত পৰ্যাপ্ত মাত্ৰাত পোৱা এইবিধ বতৰৰ ফল পৰিমিতভাৱে গ্ৰহণ কৰি আমি নিঃসন্দেহে দেহৰ পুষ্টি আৰু মনৰ সন্তুষ্টিত অৰিহণা আগবঢ়াই নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)