মানৱ দেহ হ'ল ৰোগৰ আকৰ৷ কিন্তু প্ৰকৃতি মাতৃয়ে সেই সমূহৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ-বন, ফল-ফুল অপৰ্যাপ্তভাবে আমাৰ মাজত বিলাই দিছে৷ প্ৰয়োজন মাথো সেইসবৰ গুণাৱলী চিনাক্ত কৰি তাৰ সদপ্ৰয়োগ কৰাৰ৷ আজি এনে এবিধ গছৰ কথা লিখিব ওলাইছোঁ, যাৰ বিষয়ে অৱগত হ'লে পাঠকসকল আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব৷ ক'লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কম ওলাব৷ এই গছৰ পাত, ছাল,গা-গছ, শিপা, ফল-ফুল প্ৰতিটো অংশই ঔষধীয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে৷ লোককথামতে ভগবান কৃষ্ণই জামুগছৰ তলত বহি বাঁহী বজাইছিল৷ সেয়ে এই গছক পবিত্ৰ জ্ঞান কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মালম্বীলোকে মন্দিৰৰ চৌহদত ৰোপন কৰি আহিছে৷ মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামুগছৰ ডাল-পাতৰ ব্যৱহাৰ হয়৷ এই চিৰসেউজ গছৰ প্ৰাথমিক উৎপত্তিস্থল ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান,পাকিস্তান, বাংলাদেশ আৰু বাৰ্মা বুলি জনা যায়৷ কালক্ৰমত মালয়েশিয়া আৰু ইণ্ডোনেচিয়ালৈ ইয়াৰ সঁচ যায় আৰু সেই দুই দেশত জামুগছে বিপুল সমাদৰ লাভ কৰে৷ আৰু আজি এচিয়াৰ ওপৰিও আফ্ৰিকা, অষ্ট্ৰেলিয়া, মধ্য আমেৰিকা, ৱেষ্ট ইণ্ডিজ, ইউৰোপ আদিৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত জামুগছ দেখা পোৱা যায়৷ ৱিকিপেডিয়াৰ মতে জামুগছ ১৯১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডালৈ নিয়া হয় আৰু তাৰ পিছত উত্তৰ-পূৱ আমেৰিকা অঞ্চলত বহুলভাৱে ৰোপন কৰা হয়৷ জামুগছৰ বৈজ্ঞানিক বা ব'টানিকেল নাম হ'ল- Syzygium cumini| একে সমাৰ্থক আন নাম কেইটিমান হ'ল- Syzygium jambolanum, Eugenia cumini আৰু Eugenia jambolana৷ এতিয়া দেশ-বিদেশত জামুৰ পৰিচয় কিদৰে সেয়া চাওক : ব্ৰাজিলত- জাম্ব, জাম্বল, জাম্বালো কম্বোডিয়াত- প্ৰিং বাই, প্ৰিং দাস ক্ৰিবে ফিজিত- কাভিকা নি ইণ্ডিয়া জাৰ্মানীত- জাম্বলানাপফ্লেউমেনবেউম ইণ্ডোনেচিয়াত- জামব্লাং ইটালিত- জিয়াম্বলানা লাউচত- ভা মালয়েশিয়াত- জামন, জামভুল, জামবুলেন নেপালত- বন জামুন, জাম্বু ফিলিপাইনচত- লমবই, লুনাবই থাইলেণ্ডত – হাখিফায়েই, লুকুৱাহ কেনিয়াত- লুচাননাকু ভিয়েটনামত- ট্ৰাম ম'ক ভেনেজুৱেলাত-গুৱায়েবো পেচ্ যোৱা অসমীয়াত: ক’লা জামু, বৰ জামু, জাম, জামু ডিমাছা ভাষাত : জাম্বু কাৰ্বি ভাষাত- জাংমি তেলেগুত- নেৰেডু কানাড়াত-নেৰালে হেন্নু তামিলত-নভল পাজেম মলয়ালমত- নৱল পৰম ইংৰাজীত- জাভা প্লাম, জাম্বুল, জাম্ব'লান, জামুন, জামন, ব্লেক প্লাম, ইণ্ডিয়ান ব্লেক বেৰী, ডুৱেট আদি। শেষত আমাৰ দেশ ভাৰতবৰ্ষত ইয়াৰ বহুল প্ৰচলিত নামসমূহ হ'ল – জাম, জামন, জাম্বু, জাম্বুল, জামো, জামুক, জাম্বুৰা আদি। বিদেশী ভাষাৰ নামৰ তালিকাত জাম, জাম্বু, জাম্বল আদি নাম দেখিলে এই জামু গছৰ প্ৰাথমিক উৎপত্তি স্থল ভাৰতীয় উপমহাদেশ বুলিয়েই নুবুজাইনে ? সমগ্ৰ বিশ্বত ইয়াৰ ১১০০টা প্ৰজাতি চিনাক্ত কৰা হৈছে৷ তাৰে দুই এটা প্ৰজাতিৰ জামুৰ ফলৰ বিশেষত্ব হ'ল ই গুটিবিহীন হোৱাটো৷ অতি প্ৰাচীন কালৰ পৰা ভাৰতীয় আয়ুৰ্বেদ, য়ুনানী আৰু চীন দেশৰ থলুৱা চিকিৎসাত জামুৰ ব্যৱহাৰ চলি আহিছে৷ ঘাইকৈ বহুমূত্ৰ ৰোগীৰ তেজ আৰু প্ৰসাবত চুগাৰ কমাবলৈ; পাক প্ৰণালীৰ নানাবিধ ৰোগ যেনে- পেটৰ টেঙাপানীৰ উগাৰ, গ্ৰহণী, বদহজমি, শৌচকচা, কৃমি, পেটৰ বিষ আদিৰ; মূত্ৰ প্ৰণালীৰ প্ৰসাব কম হোৱাৰ চিকিৎসাত; শ্বাস প্ৰণালীৰ বিভিন্ন ৰোগ কাহ, জ্বৰ, হাপানি; তেজৰ এনিমিয়া আতৰ কৰিবলৈ; মুখৰ ঘাঁ আদিৰ চিকিৎসা কৰিবলৈ জামুৰ ফল, গুটি আৰু পাতৰ ব্যৱহাৰৰ পৰামৰ্শ দি অহা হৈছে৷ জামু গছৰ পাতৰ ছাই ঘঁহিলে দাঁতৰ আলু শক্তিৱন্ত হয়৷ জামুৰ ৰস বৰ্ধিত প্লীহাৰ (Splenomegaly) আৰু জণ্ডিচৰ চিকিৎসাত প্ৰয়োগ কৰা হয়৷ জামুৰ ব্যৱহাৰে ৰক্ত পৰিশোধন কৰে৷ ফলৰ নিয়মীয়া সেৱনে চৰ্মৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্বলতা বঢ়ায়৷ আয়ুৰ্বেদিক চিকিৎসকে জামুফল মৌ বা ডালচেনি, ছাগলীৰ গাখীৰৰ সৈতে মিহলাই শিশুৰ বিভিন্ন পেটৰ বিকাৰৰ উপশম ঘটাবলৈ প্ৰয়োগ কৰে৷ এই বিষয়ে বিতংকৈ অভিজ্ঞ চিকিৎসকে জনাব পাৰিব৷ বিশ্বৰ বিভিন্ন গবেষণাগাৰত জামুৰ ওপৰত বিস্তাৰিত অনুসন্ধান আৰু প্ৰয়োগ চলি আছে৷ কেইবাখনো মেডিকেল জাৰ্ণেলত এই বিষয়ৰ প্ৰবন্ধ সহজে উপলব্ধ৷ জামুৰ আন আন কেইটিমান উপকাৰী প্ৰয়োগ হ'ল - সুলভ মূল্যৰ সুগন্ধি আতৰ বনোৱাত ব্যৱহৃত হয়৷ জাম, জেলি, চৰবত আদি বনোৱা হয়৷ জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী হাৰ্বেল-টি বনোৱা হয়৷ ফিলিপাইনচ দেশত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা মদ বনোৱা হয়৷ টুথপেষ্ট বনোৱাত জামুৰ ব্যৱহাৰ কৰা হয়৷ ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্ণিচাৰ, ৰেলৱে শ্লিপাৰ, নৌকা, গীটাৰ জাতীয় বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হয়৷ ইয়াৰ পাতৰ পৰা ওলোৱা তেলত এন্টিঅক্সিডেন্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়৷ এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটনাশক আৰু এন্টিফাংগেল গুণ দেখা যায় ৷ জামুগছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে৷ চমুকৈ গছৰ বৰ্ণনা - জামুগছৰ আয়ুস এশ বছৰ পৰ্য্যন্ত৷ উচ্চতা সাধাৰণতে ১০/১৫মিটাৰ, কিন্তু ৩০/৩৫মিটাৰ ওখ গছো কোনো বনাঞ্চলত দেখা গৈছে৷ গা গছৰ ঘেৰ ৫০/১০০ চেন্টিমিটাৰৰ হয়৷ গা-গছডাল দেখিবলৈ মটীয়া বৰণৰ আৰু অলপ ওপৰতে ডাঙৰ ডাঙৰ ডালত বিভক্ত হৈ যায়| চিকচিকিয়া উজ্বল পাতবিলাক ৫/১০ চেন্টিমিটাৰ দৈৰ্ঘৰ, চামৰাৰ দৰে ডাঠ আৰু ভিন্ন ভিন্ন আকৃতিৰ৷ গছৰ ছাল আৰু পাতৰ পৰা এবিধ আঠাযুক্ত পদাৰ্থ ওলায়। পাতবোৰ সামান্য টাৰ্পিন তেলৰ দৰে গোন্ধায়৷ গছত সেউজীয়া-বগা মিশ্ৰিত ৰঙৰ সুগন্ধিযুক্ত ফুল মাৰ্চ-এপ্ৰিল মাহত ফুলে আৰু মে-জুন মাহত গছত বেঙুনীয়া বৰণৰ এটা গুটি থকা ফল পূৰঠ হৈ উঠে৷ ফলৰ আকাৰ দেড়ৰ পৰা চাৰে তিনি চেন্টিমিটাৰ দীঘল হয়৷ ইয়াৰ স্বাদ টেঙা আৰু মিঠা৷ এনে হোৱাৰ কাৰণ হ'ল ইয়াত থকা ৰেজিন, গেলিক এচিড আৰু টেনিনৰ বাবে৷ এন্থচায়ানিন নামৰ এন্টিঅক্সিডেন্ট থকাৰ বাবে জামু খালে জিভাত বেঙুনীয়া ৰং ধৰে৷ ফলত থাকে- ৮২শতাংশ পানী, প্ৰায় ১৫ শতাংশ কাৰ্বোহাইড্ৰেট আৰু প্ৰটিন আৰু ফেট সামান্য পৰিমাণত৷ ইয়াত থকা খনিজ হ'ল- প'টেচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ক'পাৰ, চালফাৰ, আইৰণ আৰু ক্লৰিন৷ ভিটামিন কেইবিধ হ'ল- ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-বি গোট৷ ইয়াত চুক্ৰজ নাথাকে৷ কেলৰিও থাকে তেনেই কম৷ জামুত আৰু থাকে- এন্টিঅক্সিডন্ট, ফ্লেভনইড, গ্লাইক'চাইড, কোৱেৰচেটিন, মাইৰিচিটিন ইত্যাদি৷ ফল আৰু গুটি দুয়োটাৰে তেজ আৰু প্ৰসাবৰ চুগাৰ হ্ৰাস কৰাৰ ক্ষমতা থাকে৷ এইক্ষেত্ৰত গুটি বেচি ফলপ্ৰসু৷ জামুৰ আন কেইটিমান ঔষধীয় গুণ হ'ল – ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰা, লিভাৰৰ ৰোগৰ উপশম ঘটোৱা আৰু কৰ্কট ৰোগৰ সম্ভাৱনা কমোৱা৷ এতিয়া দুকলম ইয়াৰ ৰোপনৰ বাবে আগ্ৰহী লোকসকললৈ : - জামুগুটি পচাই তাৰ পৰা পুলি দেড়, দুই ফুট ওখ হলে আন নিৰ্বাচিত ৰ'দঘাই ঠাইত ৰুব পাৰি৷ আনহাতে গছত কলম ধৰিও জামু পুলি ওলিয়াই ৰোপন কৰিব পাৰি৷ ৬/৭বছৰত গছত ফুল-ফল লাগে৷ ব্যৱসায়িকভাবে জামুগছৰ খেতি সদায় লাভজনক৷ বতৰৰ ফল হিচাপে বজাৰত ইয়াৰ চাহিদা অতি বেচি৷ ইয়াৰ কাঠো বৰ মূল্যবান৷ অসমত ক'লা জামুৰ কমেও দুটা প্ৰজাতি দেখা যায়৷ এবিধৰ ফল সৰু আনবিধৰ আকাৰ ডাঙৰ৷ গুণ দুয়োবিধৰেই একে৷ মোখনিত এটা কথাই কম যে জামুৰ প্ৰয়োগৰ দ্বাৰা এজন ডায়েবিটেজ বা উচ্চ ৰক্তচাপৰ ৰোগী উপকৃত হোৱাৰ অৰ্থ এয়া নহয়যে ব্যক্তিজনে জামু সেৱন আৰম্ভ কৰিলেই নিজৰ নিয়মীয়া ঔষধ বন্ধ কৰিব৷ সদায় নিজৰ চিকিৎসকৰ পৰামৰ্শমতেহে যি কোনো ঔষধ সেৱন কৰা উচিত৷ প্ৰাকৃতিক উপাদন সমূহে প্ৰায়েই সহায়ক চিকিৎসা প্ৰণালী (Adjuvent therapy) হিচাবে ক্ৰিয়া কৰে৷ একে সময়তে এলোপেথিক দৰব ব্যৱহাৰ কৰি থকা এজন ব্যক্তিয়ে এনে প্ৰাকৃতিক চিকিৎসা আৰম্ভ কৰিলে নিজৰ নিয়মীয়া দৰবৰ পৰিমান বুজন মাত্ৰাত কমাবলৈ সক্ষম হব৷ লেখক: ডা০ ভূপেন শইকীয়া উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ ফোন নং: +৯৭৪৩৩৭৩৮৭২২