ইয়াত থকা লাগতিয়াল তত্বসমূহ কি কি ?

১০০গ্ৰাম ঔটেঙাৰ ফলৰ খাদ্যমূল্য এনেধৰণৰ –

*কেলৰি : ৫৯ কিলো কেলৰি,

*৮ শতাংশ প্ৰটিন,

*২-৫ শতাংশ ফাইবাৰ,

*৩-৫ শতাংশ ছাই,

*১৬ মিলিগ্ৰাম কেলচিয়াম,

*২৬ মিলিগ্ৰাম ফচফৰাচ,

*৪ মিলিগ্ৰাম ভিটামিন-চি৷

ইয়াৰ ওপৰিও থাকে ভিটামিন-বি, থায়ামিন, ৰাইবোফ্লেভিন আৰু বিটা-কেৰটিন৷

ঔটেঙাৰ উপযোগী গুণসমূহ –

কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় শোধপত্ৰত প্ৰকাশ পোৱা তথ্য মতে ঔটেঙাৰ অন্তৰ্নিহিত গুণৰ ভিতৰত উল্লেখযোগ্য হ’ল-

১)ডায়েবটিজৰ নিয়ন্ত্ৰণত সহায়ক – ইতিমধ্যে বজাৰত ঔটেঙাৰ পাউদাৰ এই উদ্দেশ্যে উপলব্ধ হৈছে বুলি জনা গৈছে৷

২)বীজানুনাশক গুণযুক্ত– এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে৷

৩)লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত৷

৪)কীটনাশক গুণ : ঔটেঙাৰৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয় ৷

খাদ্যৰ বাহিৰে আন সচৰাচৰ কিছুমান ব্যৱহাৰ তলত উল্লেখ কৰিলোঁ –

আয়ুৰ্বেদৰ মতে পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয়৷ চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বীজেৰ মূৰ ধুলে আৰোগ্য হয়৷ চাবনৰ পৰিবৰ্তে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিব পাৰি৷

লেখক: ডাঃ ভূপেন শইকীয়া