আপুনি ক’ক বা পেপচি খাই খুব ভাল পায় নেকি বাৰু? এতিয়া আপুনি উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ পানী বা ফলৰ ৰসৰ সলনি ক’ক বা পেপচিকে গিলিছে নেকি? আপুনি ভাবে নেকি ক’ক বা পেপচি পানীৰ পৰিবৰ্ত্তে ব্যৱহাৰ কৰিব পৰা এবিধ অতি উপযোগী পানীয়? আপুনি জানেনে- ক’ক আৰু পেপচিত থকা ২.৮ pHৰ ফ’ছফ’ৰিক এচিডে আপোনাৰ দেহৰ হাড়ৰ অশেষ ক্ষতি (অষ্টিয়’প’ৰ’ছিছ) কৰিব পাৰে, বিশেষকৈ ৩০ বছৰৰ ওপৰৰ মহিলা সকলৰ? আনহাতে অত্যাধিক ক’ক-পেপচি সেৱনে মানুহৰ শৰীৰত পটাছিয়ামৰ পৰিমাণ হ্ৰাস কৰি উচ্চ ৰক্তচাপৰ লগতে অনিয়মীয়া হৃদস্পন্দন, গাৰ বিষ, মাংস-পেশীৰ অলসতা, কোষ্ঠকাঠিন্য আৰু শ্বাস-প্ৰশ্বাস লোৱাতো আউল লগাব পাৰে৷ যাক কোৱা হয় হাইপ’কেলিমিয়া৷ এই বিলাক আমেৰিকাৰ গৱেষক বিশেষজ্ঞসকলে গৱেষণাৰ দ্বাৰা দাঙি ধৰা তথ্য৷ কোৱা হয় -‘পানীয়েই জীৱন৷’ এজন প্ৰাপ্তবয়স্ক লোকৰ দেহত ৭০ শতাংশ, নৱজাতকৰ দেহত ৮০ শতাংশ আৰু বয়সীয়া লোকৰ দেহত ৫০ শতাংশ পানী থাকে৷ মানুহ যিমানেই পেশী বহুল হয় দেহত পানীৰ পৰিমাণো সেই অনুপাতে বাঢ়ি যায়৷ আনহাতে মানুহৰ দেহত চৰ্বিৰ পৰিমাণ বেছি হ’লে পানীৰ পৰিমাণ কমি যায়৷ দেহৰ দুই তৃতীয়াংশ পানী থাকে কোষ সমূহৰ ভিতৰত আৰু এক তৃতীয়াংশ থাকে কোষ সমূহৰ বাহিৰত৷ এজন ৭০ কেজি ওজনৰ মানুহৰ দেহত ৪২ লিটাৰ পানী থাকিলে তাৰে ২৮ লিটাৰ থাকিব কোষ সমূহৰ ভিতৰত আৰু ১৪ লিটাৰ থাকিব কোষ সমূহৰ বাহিৰত তেজৰ প্লাজমা, লিম্ফ, মগজু, চকু, হাড়ৰ জোৰা, হৃদযন্ত্ৰৰ আবৰণ আদিত৷ আমাৰ দেহৰ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে থকা কোটি কোটি কোষক জীয়াই থাকিবলৈ যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়৷ সেয়েহে আমি দিনটোত প্ৰয়োজন অনুসৰি পানী খোৱাতো আৱশ্যক, বিশেষকৈ জহ কালি৷ যিহেতু এই সময়খিনিত ঘাম আকাৰে বেছি পানী ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, ক্ল’ৰাইড আদি ইলেক্ট্ৰ’লাইটসহ শৰীৰৰ পৰা বাহিৰ হৈ যায়৷ বছৰৰ এই সময়খিনিত আমি পুষ্টিকৰ আহাৰ খোৱাৰ উপৰিও দেহতো সজলী কৃত কৰি ৰখাৰ ওপৰতো গুৰুত্ব দিব লাগে৷ জহ কালি অসজলীকৰণ নহ’বলৈ এজন নিয়মীয়া ওজনৰ প্ৰাপ্তবয়স্ক মানুহে দিনে আঢ়ৈ লিটাৰৰ পৰা তিনি লিটাৰ পৰ্য্যন্ত পানী ইলেক্ট্ৰ’লাইটসহ খাব লাগে৷ আমাৰ দেহৰ অসজলীকৰণ পিয়াহ লগা বহুত আগতেই আৰম্ভ হয়, সেয়েহে আহাৰ খোৱাৰ দৰে পানীও নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে খাই থকা উচিত৷ মানুহৰ দেহত পানীৰ আৱশ্যকীয় কাৰ্য্যসমূহ: অক্সিজেন আৰু আহাৰ দেহৰ কোষ সমূহলৈ কঢ়িয়াই নিয়াত সহায় কৰে, পৰিপাক ক্ৰিয়াত অংশ লয়, দেহৰ অঙ্গ-প্ৰত্যঙ্গ সমূহক আহাৰ শোষণত সহায় কৰে, দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে, দেহৰ পৰা দূষিত পদাৰ্থ সমূহ বাহিৰ কৰে, দেহৰ ইলেক্ট্ৰ’লাইটৰ সমতা ৰাখে, দেহৰ উচ্চৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, দেহৰ প্ৰধান অঙ্গ সমূহক সুৰক্ষা দিয়ে, দেহৰ মাংস-পেশী সমূহক সজলীকৃত ৰাখি ইয়াৰ কাৰ্য্যক্ষমতা বঢ়ায়, ভাগৰুৱা হোৱাৰ পৰিমাণ কমায়, দেহৰ হাড়ৰ জোৰা সমূহক সিক্ত কৰি ৰাখে আৰু সুৰক্ষা দিয়ে, ভোক কমায়, কোষ্ঠকাঠিন্য কমায়, খাদ্য নলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৫০ শতাংশ কমায়। নিৰ্জল কৰণ আৰু ইলেক্ট্ৰ’লাইটৰ পৰিমাণ দেহত কমি যোৱাৰ অনিষ্টকৰ পৰিণাম আৰু লক্ষণ: মুখ শুকাই যোৱা, দেহৰ চাল শুকাই যোৱা, মূৰৰ বিষ হোৱা, বমি বমি ভাব বা বমি হোৱা, জ্বৰ, মাংস-পেশীৰ দুৰ্বলতা, টানি ধৰা বা সংকুচিত হোৱা, অনিয়মিত ৰক্তচাপ(কমি বা বাঢ়ি যোৱা), শৌচ খোলোচা নোহোৱা, অস্থিৰ অৱস্থা, মানসিক বিভ্ৰান্তি, মানসিক বিকাৰ, প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা, অত্যন্ত ভাগৰুৱা যেন লগা, মূৰ ঘুৰণি হোৱা, চকুৰে ধোঁৱা-কোঁৱা দেখা, মৃগী ৰোগৰ দৰে লক্ষণ, চেতনা হীন অৱস্থা। জহ কালি ইলেক্ট্ৰ’লাইটসহ পানী খোৱাৰ উপকাৰিতা: মূৰৰ বিষৰ প্ৰাকৃতিক ঔষধ, গাৰ চাল স্বাস্থ্যকৰ আৰু সজীৱ কৰি ৰাখে, দেহৰ ওজনৰ ভাৰসাম্য ৰাখে, কৰ্ম্ম ক্ষমতা বঢ়ায়, খাদ্যনলীৰ গতি নিয়মীয়া কৰে, খাদ্য হজম প্ৰক্ৰিয়াত সহায় কৰে, খাদ্যনলীত থকা অত্যাধিক অম্ল ধুই নিয়ে, ভাগৰৰ পৰা সকাহ দিয়ে। পানী কেতিয়া খাব লাগে? আহাৰ খোৱাৰ আধা ঘন্টা আগতে আৰু ডেৰ ঘন্টাৰ পাচত, ৰাতিপুৱা শুদা পেটত, যেতিয়াই পিয়াহ অনুভৱ কৰে, কিন্তু ৰ’দৰ পৰা আহি লগে লগে ঠাণ্ডা পানী খাব নালাগে, অলপ জিৰাইলৈহে খাব লাগে, চাহ বা কফি খোৱাৰ আগতে, দৈহিক শ্ৰম বা ব্যায়াম/কচৰৎ কৰাৰ মাজে মাজে ইলেকট্ৰলাইটযুক্ত পানী খোৱা উচিত ইলেক্ট্ৰ’লাইটযুক্ত পানী কেনেকৈ ঘৰতে তৈয়াৰ কৰিব? ১ লিটাৰ উতলাই ঠাণ্ডা কৰা বা পৰিষ্কাৰ পানীত চাহ চামুচৰ ৬ চামুচ চেনী আৰু আধা চামুচ নিমখ ভালদৰে মিহলাই তৈয়াৰ কৰিব পাৰি৷ জহ কালি পানীৰ উপৰিও নাৰিকলৰ পানী, ফলৰ ৰস, কল, সেউজীয়া শাক-পাচলি ইত্যাদি বেচি খাব লাগে৷ লেখক: ডা: অজিত কুমাৰ পটঙ্গীয়া