জীৱনধাৰণৰ তিনিটা মৌলিক বস্তু - খাদ্য ,বস্ত্র আৰু বাসস্থানৰ ভিতৰত খাদ্যই মূখ্য বস্তু । কিন্ত্ত খাদ্য বুলিলে অকল পেট ভৰাবলৈ খোৱা আহাৰকে নুবুজায় । যি আহাৰত আমাৰ শৰীৰৰ প্রয়োজনীয় পুষ্টিসাধন হয় আৰু যি আহাৰে আমাৰ শৰীৰক অভাব জনিত ৰোগ আদি হোৱাৰ পৰা ৰক্ষা কৰে , তেনে সুষম আহাৰহে (Balanced Diet) আমি খাব লাগে । এই সুষম আহাৰত আমাৰ শৰীৰৰ প্রয়োজনীয় সকলোখিনি পৰিপুষ্টি (Nutrients) পোৱা যায় । আমি দৈনন্দিন খোৱা খাদ্যবস্তুবোৰক প্রধানতঃ তলত দিয়া ধৰণে ভাগ কৰা হৈছে । দানাদাৰ খাদ্য (Cereals) মাহজাতীয় খাদ্য (Pulses) তৈলবীজ /বাদাম / নাৰিকল (Nuts andOilseeds) জাতীয় খাদ্য শাক -পাচলি (Vegetables) মূল জাতীয় পাছলি (Roots and Tubers) ফল মূল (Fruits) * গাখীৰ আৰু গাখীৰৰ তৈয়াৰী খাদ্য (Milk and Milk Products) মাছ / মাংস জাতীয় খাদ্য (Flesh Foods) উপৰুক্ত আহাৰ বোৰৰ প্রধান উপাদান সমূহ হৈছে - শ্বেতসাৰ (Carbohydrates) মাংসসাৰ (Protein) স্নেহ পদার্থ বা চর্বি (Fats) ভিটামিন বা খাদ্যপ্রাণ আৰু খনিজ লৱণ (Vitamin and minerals) শ্বেতসাৰ (Carbohydrates) শ্বেতসাৰ শ্বেতসাৰ যুক্ত আহাৰ যেনে - চাউল , ঘেহুঁ ,মাকৈ ,আলু । গুড় ,চেনি , মৌ , কুঁহিয়াৰ ইত্যাদিক শক্তিদায়ক আহাৰ (Energy giving food) হিচাপে ধৰা হয় । আমাৰ খাদ্যৰ এক বৃহত্ অংশ আমি শ্বেতসাৰ যুক্ত আহাৰৰ পৰা পাওঁ । এই খাদ্যই শৰীৰত প্রয়োজনীয় তাপ আৰু শক্তিৰ যোগান ধৰে । শৰীৰে প্রয়োজনীয় অংশ গ্রহণ কৰাৰ পাছত ৰৈ যোৱা অতিৰিক্ত শ্বেতসাৰ দেহত চর্বিৰুপে জমা হয় । আমাৰ দেহত থকা অগ্ন্যাশয়ত (Pancreas) ইনচুলিণ নামৰ হ'ৰমনৰ উত্পাদন কমি গ'লে দেহৰ কোষ বোৰে শর্কৰা (Starch) জাতীয খাদ্য গ্রহণ কৰিব নোৱাৰা হয় , এনে অৱস্থাত বহুমূত্র ৰোগে দেখা দিয়ে । আমাৰ শৰীৰৰ কার্য্যক্ষমতা বৃদ্ধিৰ বাবে শ্বেতসাৰ যুক্ত আহাৰ যথেষ্ট পৰিমানে খাব লাগে । শ্বেতসাৰ সম্পর্ণৰুপে পাচন হ'লে গ্লক'জ , ফ্রুক্ট'জ , বা গেলেক্ট'জলৈ ৰুপান্তৰিত হৈ কোষত প্রৱেশ কৰে । মাংসসাৰ জীৱদেহৰ কোষ গঠনৰ প্রধান উপাদান হৈছে মাংসসাৰ বা প্রটিন ,সেয়ে ইয়াক "শৰীৰ গঠনকাৰী (Body building food) আহাৰ" হিচাবে ধৰা হয় । প্রটিন বা মাংসসাৰ যুক্ত আহাৰে আমাৰ শৰীৰৰ কোষ গঠন ,মেৰমতি, ৰোগ প্রতিৰোধকাৰী পদার্থ আৰু পাচক ৰস তৈযাৰ কৰাৰ বাবে প্রয়োজনীয় উপাদানবোৰৰ যোগান ধৰে । শাৰীৰিক বৃদ্ধি আৰু পৰিপুষ্টিত মাংসসাৰে বিশেষভাৱে সহায় কৰে । খাদ্যৰ পাচন ক্রিয়াত প্রয়োজন হোৱা উত্ষচক (Enzyme) প্রটিন বা মাংসসাৰ দ্বাৰা গঠিত । ইয়াৰ উপৰিও এই উত্ষচকৰ (Enzyme) সহায়ত প্রটিন ভাঙি "এমাইন 'এচিড'লৈ (Amino acid) ৰুপান্তৰিত হয় আৰু এই এমাইন'এচিড হে শৰীৰ গ্রহণ কৰে। প্রটিন বা মাংসসাৰ আমি দুইধৰণে পাব পাৰো । যেনে - ভেষজ প্রটিন - যেনে ডাইল / ৰাজমাহ / মগুমাহ / বুট / চয়াবিন /বাদাম / কাঠফুলা ইত্যাদিত পোৱা যায় । প্রাণীজ প্রটিন - যেনে মাছ / মাংস / কণী / গাখীৰ ইত্যাদিত পোৱা যায় । স্নেহ পদার্থ বা চর্বি জাতীয় আহাৰ (Fats) স্নেহ বা চর্বি জাতীয় খাদ্যত শৰীৰৰ বাবে প্রয়োজনীয় শক্তি (Energy) সঞ্চয় হৈ থাকে । স্নেহ জাতীয় খাদ্যৰ সহায়ত ভিটামিন এ,ডি,ই আৰু কে , (Vitamin A, D,E,K- fat soluble vitamin) সৰবৰাহ হয়। ঘিঁউ, মাখন, গাখীৰ ,বাদাম, কাজু ,নাৰিকল, তেল ইত্যাদিত এই চর্বি পোৱা যায়। স্নেহ পদার্থ পাচন হলে স্নেহ এচিড আৰু গ্লিছাৰল নামৰ দ্রৱ্য উত্পাদিত হয় আৰু শৰীৰৰ কোষত প্রৱেশ কৰে। খাদ্যপ্রাণ বা ভিটামিন আৰু খনিজ লৱণ খাদ্যপ্রাণ বা ভিটামিন আৰু খনিজ লৱণক " প্রতিৰক্ষা বা দেহ নিয়ন্ত্রণ কাৰী " আহাৰ হিচাবে ধৰা হয় । ভিটামিনক এ,বি,চি,ডি,ই আৰু কে (A,B,C,D,E,K) হিচাবে নামকৰণ কৰা হৈছে । এইবোৰৰ প্রত্যেকৰে শৰীৰত কাম বেলেগ বেলেগ। আনহাতেদি খনিজ লৱণবোৰ হ'ল - চডিয়াম ,পটাচিয়াম মেগনেচিয়াম, কেলচিয়াম, আইৰণ, ফচফৰাচ, আয়ডিন, ফ্লৰিণ, তাম ইত্যাদি । এইবোৰ সকলোৱে শৰীৰত বিভিন্ন কাম কৰে। সেউজীয়া শাক - পাচলি / কচুঁ /ঢেঁকীয়া / পালেং শাক / খুতুৰা শাক / মৰিচা শাক / মাটি কাঁদুৰী / মানিমুনী /শুকলতি /মেঠিশাক / চজিনাপাত /গাজৰ / বিলাহী / নেমু / ৰঙালাও /অমিতা /বতৰৰ ফলমূল / আমলখি /মধুৰী /কণী / মাছ / মাংস / চীজ / গাখীৰ / পনীৰ /কাঠফুলা /চয়াবিন ইত্যাদিত প্রয়োজনীয় ভিটামিন আৰু খনিজ লৱণ পোৱা যায় । ইয়াৰ বাহিৰেও শৰীৰৰ অতি আৱশ্যকীয় বস্তু হৈছে 'পানী '- তেজৰ শতকৰা ৯২ ভাগ পানী। পানীৰ সহায়ত শৰীৰৰ উত্তাপ নিয়ন্ত্রণ হয়। পানীয়ে আহাৰ পৰিপাক অর্থাত্ খোৱা বস্তু হজম হোৱাত সহায় কৰে । দেহৰ জৈৱিক কার্য্যৰ বাবে পানীৰ আৱশ্যক হয় । জীৱকোষৰ স্বাভাৱিক ক্রিয়াৰ বাবে পানীৰ আৱশ্যক । পানীয়ে আহাৰৰ উপাদান সমূহ শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়াই নিয়াত সহায় কৰে । শৰীৰত উত্পন্ন হোৱা দূষিত বস্তু সমূহ বাহিৰলৈ উলিয়াই নিয়াত সহায় কৰে । পানীয়ে বহুতো ৰোগ নির্মূলত সহায় কৰে যেনে - পিত্তশুল(Gastric) ,বৃক্কৰ বেমাৰ (Kidney Trouble) ,কৌষ্ঠ কাঠিন্য (Constipation) ইত্যাদি। কিন্ত্ত সদায় বিশুদ্ধ পানীহে খাব লাগে ,উতলাই চেঁচা কৰি নাইবা বজাৰত কিনিবলৈ পোৱা ফিল্টাৰ ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰি খাব লাগে। প্রতিদিনে ৮ ৰ পৰা ১০ গিলাছ পানী খাব লাগে। সাধাৰণতে জীৱ কোষত ৮০-৯০ শতাংশ পানী থাকিব লাগে । প্রটিনযুক্ত আহাৰ আৰু শক্তিদায়ক আহাৰৰ অভাৱত হোৱা ৰোগ (Protein Calorie Malnutrition) ভাৰতবর্ষৰ দাৰিদ্র সীমাৰেখাৰ তলৰ শ্রেণীৰ লোকৰ ল'ৰা - ছোৱালী বিশেষকৈ ১ বছৰৰ পৰা ৫ বছৰৰ বয়সৰ ল'ৰা - ছোৱালী সাধাৰণতে এই প্রটিন আৰু শক্তিদায়ক আহাৰৰ অভাৱত অভাৱজনিত ৰোগত আক্রান্ত হয় । এই ধৰণৰ পুষ্টিহীনতা ৰোগত শৰীৰৰ লগতে মানসিক বৃদ্ধিটো বাধাগ্রস্ত হয়। জন্মৰ পৰা ৬ মাহলৈ মাতৃদুগ্ধ খাই থকাৰ পাছত শিশুটিক উপযুক্ত পৰিমাণৰ উপৰুৱা আহাৰৰ (Supplementary food) প্রয়োজন হয় । প্রটিন আৰু শক্তিদাযক আহাৰৰ অভাৱত হোৱা ৰোগ দুই ধৰণৰ - এইবিধক " কোৱাচি অ'কাৰ "(Kwashiorkar) বোলা হয় । এইবিধ ৰোগত - শিশুটিৰ ১) শাৰীৰিক বৃদ্ধি বাধা প্রাপ্ত হয় (Stunting growth) ২) পাচন ক্রিয়া ক্রমান্বয়ে কমে । ৩) মগুজৰ বিকাশ বাধাপ্রাপ্ত হয় । ৪) সঘনাই ডায়েৰীয়া হয় । ৫) চুলিৰ ৰং সলনি হয় , চুলি ঠৰঙা হয় । ৬) ৰক্তহীনতা বা তেজ নোহোৱা হয় । ৭) হাত ভৰি উখহে । ৮) এই ৰোগত আক্রান্ত শিশু ৫ বছৰৰ ভিতৰৰ মৃত্যু হোৱা দেখা যায় । আনবিধক কোৱা হয় - " মাৰাচমাচ"(Marasmas) ১) এইবিধ ৰোগতো শাৰীৰিক বৃদ্ধি নহয় (Stunting growth) ২) শৰীৰৰ মাংস পেশী সমূহ (মঙহ) শুকাই ক্ষীণাই যায় । ৩) মগুজৰ বিকাশ নহয় । ৪) ছাল শোঁতোৰা /শুতুৰি হয় । কেচুৱাৰ ক্ষেত্রত অকল প্রটিনৰ অভাৱতে এই ৰোগে হোৱা দেখা নাযায় । শিশুটিয়ে উপযুক্ত পৰিমানে মুঠ আহাৰ ঠিকমতে নোপোৱাৰ ফলতহে এনে হয় । আনহাতে অলপ ডাঙৰ লৰা ছোৱালীৰ ক্ষেত্রত প্রটিন আৰু শ্বেতসাৰ শর্কৰা জাতীয় আহাৰ উচিত পৰিমাণত নোপোৱাৰ ফলত এনে ৰোগ হয় । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।