খোৱা পাতত শাক-পাচলি দেখিলে বহুতেই শুদা ভাত বুলি নাক কোচায়। কিন্ত শাক-পাচলি যে বহু খাদ্য গুণেৰে ভৰা সেই কথা বহুতৰে অৱগত নহয়। বৰ্তমান খাদ্য বিশেষজ্ঞ সকলে শাক-পাচলিৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। পুৰণি কালত ইজিপ্তৰ বাসিন্দা সকলে কবি, মটৰমাহ, পিয়াঁজ, নহৰু, মূলা আদি বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰিছিল বুলি ইতিহাসে উনুকিয়ায়। বহু সময়ত ইজিপ্তৰ পিৰামিড নিৰ্মাণৰ কাম কৰা বনুৱাক মূলা আৰু নহৰু মজুৰি ৰুপে দিয়াৰ কথা উল্লেখ পোৱা যায়। গ্ৰীক আৰু ৰোমান সকলে তিঁয়হৰ খেতি কৰিছিল আৰু চালাড ৰুপে খাইছিল, এই কথা বাইবেলত উল্লেখ আছে। ১৯০০ শতিকাৰ পৰাহে শাক-পাচলিৰ আদৰ বাঢ়ে আৰু ইয়াক ব্যৱসায় ভিত্তিত কৰিবলৈ লয়। শাক-পাচলিনো কি? শাক-পাচলি বিলাক ‘হিবিচকাচ’ (Heabiscus) জাতীয় গছ, যাৰ গা-গছ ডাল কোমল হয়। মুঠৰ ওপৰত গছৰ খাব পৰা অংশটো যেনে ফুল, ফল, শিপা, পাত, গা-গছ গুটি ইত্যাদিকে আমি পাচলি বুলি কওঁ। শাক-পাচলি সমূহ খাদ্য প্ৰাণ, খনিজ পদাৰ্থ, চেলুলুজ, শৰ্কৰা, পানী, এণ্টিঅক্সিডেণ্ট, ৰঙীণ পদাৰ্থ আদিৰে ভৰা। বহুতো পৰীক্ষা কৰি দেখা গৈছে যে শাক-পাচলি দৈনিক খালে বহুতো বেমাৰ যেনে- হৃদৰোগ, কৰ্কটৰোগ আদিৰ দৰে ভয়ানক ৰোগ সমূহৰ পৰা হাত সাৰি থাকিব পাৰি। বৰ্তমান খাদ্য তালিকাত শাক-পাচলিৰ স্থান বহু ওপৰত। আজিকালি ল’ৰা-ছোৱালিয়ে শাক-পাচলি বৰ ভাল নাপায়। পচলা, ঢেকীয়া, মাটি-কাদুৰি শাক ইত্যাদি বিলাক জাবৰ বুলি ঘিণায়। মনত ৰখা উচিত, পচলাই বৃক্কত (Kidney) পাথৰ হোৱাত বাধা দিয়ে। আন হাতেদি ঢেকীয়া শাকত যথেষ্ট লৌহ পদাৰ্থ থাকে,যি ৰক্তহীনতা দূৰ কৰে। শাক-পাচলিত বাৰু কি কি থাকে? শাক-পাচলিত থাকে (১) পানী (২) খনিজ পদাৰ্থ (৩) খাদুপ্ৰাণ (৪) চেলুলুজ (Cellulose) (৫) মাংস সাৰ (Protein) (৬) চৰ্বি (Fat) (৭) শৰ্কৰা (Carbodydrate) (৮) Pigment-Chlorophil (৯) এণ্টিঅক্সিডেণ্ট – Lycopene (১০) আঁহ (Fiber) শাক-পাচলিৰ শ্ৰেণী বিভাগ ইয়াক তলত দিয়া ধৰণে ভগাব পাৰি সেউজীয়া শাক-পাচলি আলু জাতীয় পাচলি লাউ জাতীয় পাচলি বেঙেনা জাতীয় পাচলি মাহ জাতীয় পাচলি সেউজীয়া শাক-পাচলি যেনে- লাই, লফা, মৰিচা, খুতুৰা, জিলমিল (ভটুৱা), বন্ধাকবি, ইত্যাদি সমূহ এই ভাগত পৰে। ইয়াত থকা উপাদান সমূহ হ’ল- খাদ্যপ্ৰাণ ‘ক’ আৰু ‘গ’ লৌহ পদাৰ্থ ফলিক এচিড (Folic Acid) আঁহ (Fiber) খনিজ পদাৰ্থ Antioxidant শাকবিধ যিমান সেউজীয়া হয় তাত সিমানেই খাদ্যপ্ৰাণ ‘ক’ৰ পৰিমাণ বেছি হয়। ইয়াৰ ঔষধি গুণ শাক-পাচলিত যথেষ্ট পৰিমাণে আহঁযুক্ত উপাদান থাকে। আহঁযুক্ত হোৱাৰ বাবে শাক-পাচলিয়ে কোষ্ঠ কাঠিন্যতা দূৰ কৰে। তেজত কলেষ্ট্ৰেৰল (Cholesterol)ৰ মাত্ৰা কমাই ৰাখে। চকু আৰু ছালৰ বাবে ভাল। ঢেকীয়া, পালেং জাতীয় শাকত লৌহ পদাৰ্থ থাকে বাবে ৰক্তহীনতা ৰোগীৰ বাবে এই বিলাক উপকাৰী। মধুমেহ ৰোগী আৰু ক্ষিণাবলৈ বিচৰা জনৰ বাবে শাক বৰ ভাল। সেউজীয়া শাকত ‘ক্ৰমিয়াম’ (Chromium) নামৰ খনিজ পদাৰ্থ থাকে যি হৃদ ৰোগীৰ বাবে ভাল। কিছুমান শাকত ‘মেগনেচিয়াম’ থাকে যি মগজুৰ স্মৃতি শক্তি বঢ়ায়। আলু জাতীয় পাচলি এই বিলাক পাচলিত শৰ্কৰা আৰু প্ৰোটিনৰ পৰিমাণ বেছি থাকে লগতে খাদ্যপ্ৰাণ ‘ক’, ‘খ’, ‘গ’ তিনিও বিধ থাকে। আলু, মিঠা আলু, কচু, গাজৰ, ওলকবি, চালগোম আদি এনে ধৰণৰ পাচলি। মন কৰিব লগীয়া কথা যে ইয়াত থকা শৰ্কৰা সহজে জীন যায়। শৰ্কৰাৰ মাত্ৰা বেছি বাবে ‘কেলৰিৰ’ মাত্ৰাও বেছি। গতিকে মধুমেহ ৰোগীয়ে এনে পাচলি ২৫ গ্ৰাম মান দিনটোত খাব পাৰে। লাও জাতীয় পাচলি এই বিধ পাচলিত খনিজ পদাৰ্থ চেলুলুজ আৰু পানী যথেষ্ট পৰিমাণে থ্যাকে। এনে বিলাক উপাদানে শৰীৰৰ চয়াপচয় প্ৰক্ৰিয়া স্বাভাৱিক কৰি ৰাখে আৰু শৰীৰৰ পানীৰ প্ৰয়োজনীয়তাও পূৰণ কৰি ৰাখে। এনে ধৰণৰ পাচলি বিলাক হ’ল- লাও, কোমোৰা, ৰঙালাও, জিকা, ভোল, তিতা কেৰেলা, ধুন্দুলি ইত্যাদি। বেঙেনা জাতীয় পাচলি এই বিলাক পাচলিত ‘গ’ খাদ্যপ্ৰাণ বেছিকৈ থাকে। যেনে- বেঙেনা, বিলাহী, কেপচিকাম, জলকীয়া ইত্যাদি। মাহজাতীয় পাচলি এই বিলাক পাচলিত পৰিমাণে ‘প্ৰোটিন’ থাকে। যেনে-মটৰমাহ, উৰহী, বিন। লেচেৰা মাহ ইত্যাদি। শাক-পাচলি বনাম কৰ্কট ৰোগ কিছুমান শাক-পাচলিত কৰ্কট ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। পাচলিত থকা (Phytochemicals’ Antioxidant) বিলাকে এই কাম সহজ কৰি তোলে। পাচলি সমূহ হ’ল- বন্ধাকবি, ফুলকবি, ব্ৰকলি, গাজৰ, নহৰু, পিয়াঁজ, হালধি, আদা, বিলাহী ইত্যাদি এই শ্ৰেণীৰ পাচলি। পাচলি সিজাই খালে ভাল গৱেষণাৰ পৰা দেখা গৈছে যে সিজোৱা পাচলি খালে কলিজাৰ ৰোগ কম পৰিমাণে হয়। সিজালে পাচলিৰ কোষবোৰ কোমল হৈ পৰে আৰু তাত থকা পুষ্টি উপাদানবোৰ সহজে অন্ত্ৰৰ শোষণ ক্ষমতা কেচা পাচলিৰ ২২% বেছি। ইয়াৰ উপৰিও ‘Lecitin’, ‘Lycopene’ আদি উপাদান সমূহ পাচলিত থাকে আৰু এই বিলাক সিজোৱা অৱস্থাত পালে অন্ত্ৰই (Intestine) সহজে শুহি ল’ব পাৰে। মনত ৰাখিব কম আহঁঅযুক্ত পাচলি যেনে- অমিতা, স্কোৱাচ, ফুলকবি, তিয়ঁহ ইত্যাদি সমূহ ‘পেপটিক আলচাৰ’ (Peptic Ulcer) থকা মানুহে খাব পাৰে। বেছি আহঁঅযুক্ত পাচলি যেনে- ভেণ্ডি, ধনীয়াপাত, মৰিচা, খুতুৰা শাক, মেথিশাক আদি পাচলি মধুমেহ আৰু শৰীৰৰ ওজনৰ প্ৰতি সচেতন লোকে খাব পাৰে। পাচলি বহুপৰ সিজালে পাচলিৰ পুষ্টিগুণ হ্ৰাস পায়, বিশেষকৈ ‘গ’ খাদ্যপ্ৰাণ বেছিকৈ সিজালে সহজে নষ্ট হয়। বতৰৰ পাচলি বতৰত খাব লাগে। শীতল ভাণজ্ঞাৰত বেছি দিনলৈ থোৱা পাচলি খোৱা উচিত নহয়। সেই বিলাকৰ গুণগত মান কমি যায়। সেইবাবে কয়, ‘পাচলিক নকৰিবা হেলা, পাচলিয়ে তৰিব বিপদৰ বেলা। লেখক: ডাঃ চাহজাহান বৰবৰা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন